ETV Bharat / state

চৰাইদেউত পাৱাৰলুমৰ গামোচা বিক্ৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 2:18 PM IST

Handloom Gamosa : হস্ততাঁতত প্ৰস্তুত কৰা গামোচা বিক্ৰী আৰু ব্যৱহাৰ কৰিবলৈ আহ্বান চৰাইদেউ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ । হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ আহ্বানক উপেক্ষা কৰিলে আইনগত ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব ব্যৱসায়ী ।

Gamosa GI Tag
পাৱাৰলুম গামোচা

পাৱাৰলুম গামোচা

মৰাণ, ১১ মাৰ্চ : বহিঃৰাজ্যত পাৱাৰলুমত উৎপাদিত গামোচা ৰাজ্যত বন্ধ কৰাৰ বাবে সময়ে সময়ে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও আজিও অসমৰ বজাৰত উভৈনদী পাৱাৰলুমৰ গামোচা । ফলত থলুৱা শিপিনীয়ে উৎপাদন কৰা গামোচাৰ চাহিদা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে । ইয়াৰ পাচতে চৰাইদেউত পাৱাৰলুমৰ বহিঃৰাজ্যৰ গামোচা বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন ।

হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ আহ্বানক উপেক্ষা কৰিলে আইনগত ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব পাৰে বস্ত্ৰ ব্যৱসায়ীসকল । উল্লেখ্য যে, শিপিনীসকলৰ আৰ্থিক স্বাৱলম্বিতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে 'হস্ততাঁত (উৎপাদনৰ বাবে অনুচ্ছেদ সংৰক্ষণ ) আইন, ১৯৮৫ শীর্ষক এখন আইন গ্রহণ কৰিছে । এই আইন অনুসৰি মুঠ ১ বিধ বস্তু কেৱল হস্ততাঁততহে উৎপাদন কৰিবলৈ সুৰক্ষিত কৰি ৰখা হৈছে ।

তাৰ মাজতে অসমীয়াৰ স্বাভিমানৰ গামোচাখনক ভাৰত চৰকাৰৰ দ্বাৰা ২০২২ চনত ভৌগোলিক সূচাংক প্ৰদান কৰা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ সমূহ খুচুৰা আৰু পাইকাৰী বস্ত্ৰ ব্যৱসায়ীক বৈদ্যুতিক তাঁতশালত বা আন যান্ত্রিক উপায়েৰে উৎপাদিত গামোচাৰ সলনি হস্ততাঁত উৎপাদিত গামোচা জমা আৰু বিক্ৰী কৰিবলৈ আহ্বান জনাইছে ।

লগতে সমূহ দল-সংগঠন, ৰাইজ তথা চৰকাৰী বিভাগক বৈদ্যুতিক তাঁতশাল বা আন যান্ত্রিক উপায়েৰে উৎপাদিত গামোচাৰ সলনি হস্ততাঁতত উৎপাদিত গামোচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসাহী হ'বৰ বাবে আহ্বান জনায় হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয়াসকলে । আজিৰে (সোমবাৰ) পৰা বিভাগৰ এই নিৰ্দেশনা অমান্য কৰিলে পাৱাৰলুমৰ গামোচা জব্দ কৰাৰ লগতে বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কয় চৰাইদেউ জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগ বিষয়াই ।

লগতে পঢ়ক : কাণষাৰ নাই চৰকাৰৰ; উপাহবিহীন জনতাই মেৰামতি কৰিলে ৰঙিয়াৰ বিধ্বস্ত পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.