ETV Bharat / state

চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত উজলিল টুইংকল বৰগোঁহাই আৰু পূৰ্বাশ্ৰী বৰমুদৈ - CBSE 10th Result 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 10:48 PM IST

CBSE Class X Exam : চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত উজলি উঠিল ধেমাজিৰ টুইংকল বৰগোঁহাই আৰু চতিয়াৰ পূৰ্বাশ্ৰী বৰমুদৈ ৷ বৰ্তমান নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলতে অধ্যয়নৰত দুয়ো ৷

CBSE 10TH RESULT
উজলি উঠিল ধেমাজিৰ টুইংকল বৰগোঁহাই আৰু চতিয়াৰ পূৰ্বাশ্ৰী বৰমুদৈ (ETV BHARAT ASSAM)
চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত উজলিল টুইংকল আৰু পূৰ্বাশ্ৰী (ETV BHARAT ASSAM)

নগাঁও, 13 মে’ : চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ অসমৰ টুইংকল আৰু পূৰ্বাশ্ৰী ৷ আজি ঘোষণা কৰা চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত উজলি উঠিল ধেমাজিৰ টুইংকল বৰগোঁহাই আৰু চতিয়াৰ পূৰ্বাশ্ৰী বৰমুদৈ ৷ ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন টুইংকল আৰু পূৰ্বাশ্ৰীৰ ৷ নম্বৰৰ পিচত দৌৰাতকৈ শিকিবলৈহে অধ্যয়ন কৰিব লাগে ৷ এই পৰামৰ্শ চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধেমাজিৰ টুইংকল বৰগোহাঁইৰ ৷

সোমবাৰে ঘোষিত চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ উজলি উঠিল পূৰ্বাশ্ৰী বৰমুদৈ আৰু টুইংকল বৰগোহাঁই ৷ ধেমাজি জিলাৰ টুইংকল বৰগোহাঁইয়ে 98.4 শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় ৷ বৰ্তমান নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নামভৰ্তি কৰি অধ্যয়ন আৰম্ভ কৰা টুইংকল বৰগোহাঁই ধেমাজি জিলাৰ মাৰ্ডাছ প্ৰাইড বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা টুইংকল বৰগোহাঁইৰ ভবিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন ৷ গান গাই ভালপোৱা টুইংকল বৰগোহাঁয়ে ছাত্ৰ-ছাত্ৰীক নম্বৰ লাভ কৰাৰ উদ্দেশ্যে অধ্যয়ন কৰাৰ বিপৰীতে শিক্ষা গ্ৰহণৰ বাবে অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ কষ্ট কৰিলে ভাল ফল লাভ কৰাটো নিশ্চিত বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে টুইংকল বৰগোহাঁয়ে ৷

ইফালে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে অধ্যয়নৰত চতিয়াৰ পূৰ্বাশ্ৰী বৰমুদৈয়েও সোমবাৰে ঘোষিত চি বি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফালাফলত 98.8 শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় ৷ দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পূৰ্বাশ্ৰী বৰমুদৈৰো ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া অথবা প্ৰৱক্তা হোৱাৰ মন বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত লখিমপুৰৰ আয়েশা - Baroness Hazarika Of Coatbridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.