ETV Bharat / state

জোনমণি ৰাভাৰ মৃত্যুৰ অভিযোগনামা দাখিল চি বি আইৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 2:11 PM IST

Junmoni Rabha murder case update: নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত জোনমণি ৰাভাৰ মৃত্যুৰ অভিযোগনামা দাখিল চি বি আইৰ ৷ অভিযোগনামা দাখিলৰ পিচতে দিল্লী অভিমুখে ৰাওনা হয় চি বি আইৰ দলটো ।

Nagaon District and Satra Judge Court
জোনমণি ৰাভাৰ মৃত্যুৰ অভিযোগনামা দাখিল চি বি আইৰ

জোনমণি ৰাভাৰ মৃত্যুৰ অভিযোগনামা দাখিল চি বি আইৰ

নগাঁও, 7 ফেব্ৰুৱাৰী: অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআইৰ তদন্তৰ । নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিল চিবিআইয়ে । 3 খন চাৰ্জশ্বীট দাখিল কৰিলে চিবিআইয়ে । বুধবাৰেই দিল্লীলৈ উভতি যাব চিবিআইৰ দলটো ।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ 15 মে'ৰ নিশা এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ । জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ । SI জোনমণি ৰাভাৰ মৃতদেহ উদ্ধাৰৰ পিচতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে দাবী কৰিছিল । বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ জনতায়ো ইয়াক হত্যাকাণ্ড হিচাপেই গণ্য কৰিছিল ৷ যাৰ বাবে অসম চৰকাৰে এই ঘটনাৰ চি বি আই তদন্ত ঘোষণা কৰিছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত জোনমণি ৰাভাৰ মাতৃয়ে আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছিল আৰক্ষী অধীক্ষক লীনা দলেৰ নাম । ইয়াৰ পিচতে চিবিআইৰ দীঘলীয়া জেৰাৰ সন্মুখীন হৈছিল নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দ’লেই । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱাৰ পিচতেই নগাঁৱৰ পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছিল আৰক্ষী অধীক্ষক লীনা দলেক ।

জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা মুঠ 6 টাকৈ গোচৰৰ তদন্ত কৰি ইতিমধ্যে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত অভিযোগনামা দাখিল কৰিছে চি বি আইৰ দলটোৱে । বিগত কেইবামাহ ধৰি নগাঁৱত বাহৰ পাতি আছিল চি বি আইৰ দলটোৱে ৷ অভিযোগনামা দাখিলৰ পিচতে দিল্লী অভিমুখে ৰাওনা হয় চি বি আইৰ দলটো ।

লগতে পঢ়ক: ২০২৩ বর্ষই কেৱল চকুপানী-দুখ-যন্ত্ৰণা উপহাৰ দিয়া এগৰাকী দুৰ্ভগীয়া মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.