ETV Bharat / state

চিকিৎসাৰ ভয়ত বেমাৰৰ নাম শুনি-ভাবি-গুণি ওলাই নহাকৈ নাথাকিব

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:39 PM IST

Cancer Awareness Programme : কলিয়াবৰত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সভা ৷

Awareness Programme
কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সভা
কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সভা

কলিয়াবৰ, 27 জানুৱাৰী : কৰ্কট ৰোগ, নাম শুনিয়েই মানুহে ভয় খাই ৷ চিকিৎসা পদ্ধতিয়ে যথেষ্টখিনি উন্নতি লাভ কৰিছে যদিও এই কৰ্কট ৰোগৰ ক্ষেত্ৰত মানুহৰ মনৰ পৰা ভয় কিন্তু আঁতৰ কৰিব পৰা নাই ৷ যথেষ্ট ব্যয়বহুল এই কৰ্কট ৰোগৰ চিকিৎসা ৷ উন্নত চিকিৎসা ব্যৱস্থা থকাৰ পিচতো বহুত মানুহে বহু সময়ত খৰছৰ কথা ভাবিও ওলাই নাহে ৷

বিভিন্ন বেচৰকাৰী অনুষ্ঠানে বহু সময়ত বিভিন্ন চিকিৎসালয়ৰ সহযোগত মানুহৰ মাজত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে ৷ শেহতীয়াকৈ কলিয়াবৰত অনুষ্ঠিত হৈছে কৰ্কট ৰোগৰ শীঘ্ৰে চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধ সম্পৰ্কীয় পৰীক্ষা শিবিৰ ৷ উক্ত শিৱিৰত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ভাৰত ভূষণ বৰঠাকুৰ ৷

প্ৰকৃতাৰ্থত কৰ্কট ৰোগ হৈছে এটা মাৰাত্মক ৰোগ । প্ৰাৰম্ভিক পৰ্যায়তে কৰ্কট ৰোগৰ কথা ধৰা পৰিলে ইয়াৰ চিকিৎসাও সহজ হৈ পৰে ৷ পিছে এই বেমাৰ আৰম্ভণিতে ধৰা পেলোৱাটো কঠিন ৷ সেয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ এই শিৱিৰৰ আয়োজন কৰা হয় কলিয়াবৰত ৷

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত সাধাৰণ কৰ্কট ৰোগৰ শীঘ্ৰে চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধ সম্পৰ্কে পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । ‘সকলোৰে বাবে কৰ্কট ৰোগৰ চিকিৎসাৰ উপলব্ধতা’ শীৰ্ষক শিবিৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, টাটা স্মাৰক কেন্দ্ৰৰ চিকিৎসক-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

আজিৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপৰিও গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ভাৰত ভূষণ বৰঠাকুৰে অংশগ্ৰহণ কৰে । ৰাজ্যত বৃদ্ধি পোৱা কৰ্কট ৰোগীৰ সংখ্যাৰ অন্য এক কাৰণ হৈছে স্বাস্থ্য সজাগতাৰ অভাৱ । সেই সজাগতাৰ বাবেই ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে কাৰ্যসূচীৰ আয়োজন কৰিছে যাতে সময়মতে এই ৰোগবিধ চিনাক্ত কৰিব পাৰি ৷

লগতে পঢ়ক : গোলাঘাটত পথ সুৰক্ষা মাহৰ শুভাৰম্ভ বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.