ETV Bharat / state

'কা' বলৱতৰ পিচত ৰাজ্যজুৰি হাইএলাৰ্ট জাৰি; মহানগৰীত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 12:29 PM IST

Updated : Mar 12, 2024, 12:42 PM IST

মহানগৰীত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা
মহানগৰীত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা

CAA Protest in Guwahati : 'কা'-বিৰোধী আন্দোলনক ৰুধিবলৈ সাজু অসম আৰক্ষী । মহানগৰীৰ ৰাজপথত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন । লগতে বিৰোধী ঐক্যমঞ্চই আহ্বান জনোৱা 'সৰ্বাত্মক হৰতাল'ৰ বাবে ১৬ গৰাকী মুৰব্বীলৈ আৰক্ষীৰ জাননী প্ৰেৰণ ।

'কা' বলৱতৰ পিচত ৰাজ্যজুৰি হাইএলাৰ্ট জাৰি

গুৱাহাটী, ১২ মাৰ্চ : সকলো প্ৰতিবাদ আৰু আন্দোলনকো মষিমুৰ কৰি অৱশেষত সোমবাৰে সমগ্ৰ দেশজুৰি বলৱৎ হ'ল নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা' বা চিএএৰৰ অধিসূচনা ৷ উল্লেখ্য যে সমগ্ৰ দেশজুৰি 'কা'-বিৰোধী আন্দোলন অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সোমবাৰে সমগ্ৰ দেশজুৰি জাৰি কৰে 'কা'ৰ বিধি ।

আনহাতে, 'কা' বলৱতকৰণৰ অধিসূচনা জাৰি হোৱাৰ পিচতে জাতিধ্বংসী আখ্যা দিয়া এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যেজুৰি তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদী কাৰ্যসূচী । সোমবাৰে নিশাতেই বহুকেইটা দল-সংগঠনৰ সমান্তৰালকৈ বহুকেইখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

আনহাতে, 'কা' বলৱতৰ পিচত ৰাজ্যজুৰি জাৰি কৰা হৈছে হাইএলাৰ্ট । কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে সাজু হৈ আছে অসম আৰক্ষী । লগতে প্ৰতিখন থানাকে সষ্টম হৈ থাকিবলৈও নিৰ্দেশনা প্ৰদান কৰা হৈছে । মহানগৰীৰ ভিন্ন ঠাইৰ লগতে জনতা ভৱন, মন্ত্ৰী-বিধায়কৰ আৱাসৰ চৌপাশে মোতায়েন কৰা হৈছে আৰক্ষী ।

ইফালে 'কা'-বিৰোধী প্ৰতিবাদ ৰুধিবলৈ সষ্টম হৈ আছে অসম আৰক্ষী । সোমাবাৰে 'কা' বলৱতৰ পিচতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ১৬ টাকৈ বিৰোধী ঐক্যমঞ্চৰ মুৰব্বীলৈ জাননী প্ৰেৰণ কৰে । 'বিৰোধী ঐক্যমঞ্চ'ই আহ্বান কৰা 'সৰ্বাত্মক হৰতাল'ৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছে । ইয়াৰ লগতে বিধায়ক অখিল গগৈৰ ঘৰৰ সন্মুখতো আৰক্ষীয়ে জাননী আঁৰি দিয়ে ।

এই জাননীযোগে উচ্চতম ন্যায়ালৰ উদ্ধৃতি দি সৰ্বাত্মক হৰতালক অসংবিধানিক, বেআইনী আখ্যা দিছে আৰক্ষীয়ে । আনহাতে, বন্ধৰ ফলত ৰাজহুৱা সম্পত্তি ধ্বংস হ'লে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সাৱধান বাণী শুনোৱা হৈছে । যিকোনো সম্পত্তি ধ্বংস কৰিলে তাৰ বাবে দায়ী হ'ব বন্ধ ঘোষণাকাৰী দল বা সংগঠন ।

উল্লেখযোগ্য যে, সোমবাৰে দিনটোত 'কা' বলৱৎ হোৱাৰ পিচত বিৰোধী ঐক্যমঞ্চই মঙলবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সৰ্বাত্মক হৰতাল কাৰ্যসূচী গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :মোদী চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ ৰাইজলৈ আহ্বান আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ

Last Updated :Mar 12, 2024, 12:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.