ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি ম'হ নুযুঁজালে নহয় : ম'হ গোৱাল

গুৱাহাটী উচ্চ ন্যায়ালয়ে ম'হযুঁজ নিষিদ্ধ কৰা সন্দৰ্ভত মধ্য অসমৰ বাৰপূজীয়াত বৃহৎ ৰাজহুৱা সভা । ম'হযুঁজ সুৰক্ষা সমিতি অসম নামৰ নতুনকৈ আত্মপ্ৰকাশ এটি সংগঠনৰ ।

Buffalo goans urge not to ban buffalo fights
ম'হযুঁজ নিষিদ্ধ নকৰিবলৈ আহ্বান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2025 at 10:12 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পেটা নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ আবেদনৰ ভিত্তিত ম'হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ নিষিদ্ধ কৰে ৷ এই বিষয়টোৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবৰ বাবে ম'হযুঁজ অনুষ্ঠিত কৰা সমিতিসমূহৰ লগতে ম'হৰ গোৱাল আৰু মালিকসকলে শনিবাৰে একত্ৰিত মধ্য অসমৰ বাৰপূজীয়াৰ খেল পথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

শনিবাৰে অনুষ্ঠিত হোৱা এই সভাখনত প্ৰদীপ বৰদলৈৰ সভাপতিত্ব কৰে ৷ অসমৰ চাৰিখন জিলা ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কাৰ্বি-আংলং জিলাৰ প্ৰায় তিনি শতাধিক ম'হৰ গোৱাল তথা মালিক উপস্থিত থাকে ৷ লগতে প্ৰায় পঁচিছখন ম'হযুঁজ সমিতিৰ বিষয়ববীয়াও উক্ত সভাত তেওঁলোকৰ মন্তব্য আগবঢ়ায় ।

ম'হযুঁজ নিষিদ্ধ নকৰিবলৈ আহ্বান (ETV Bharat Assam)

সভাৰ সকলোৰে আলোচনা মৰ্মে ‘‘ম'হযুঁজ সুৰক্ষা সমিতি অসম’’ নামাকৰণেৰে এখন শক্তিশালী সমিতি গঠন কৰাৰ লগতে সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ বাবে কৰ্তৃত্ব অৰ্পন কৰে । সভাই নতুন সমিতিৰখনৰ সভাপতি হিচাপে নগাঁও জিলাৰ বাবুলাল নাথ আৰু সাধাৰণ সম্পাদক হিচাপে মৰিগাঁও জিলাৰ প্ৰশান্ত দেউৰী সমন্নিতে ৩১ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ।

উক্ত সভাখনৰ সভাপতি প্ৰদীপ বৰদলৈয়ে কয়, "পেটা নামৰ সংগঠনতিয়ে উচ্চতম ন্যায়ালয়ত মহযুঁজ নিষিদ্ধ কৰাৰ আবেদন কৰিছে । আমি ম'হ গোৱাল আৰু ম'হ মালিক সন্থাৰ এটাই অনুৰোধ থাকিব যে এই ম'হযুজঁ দীৰ্ঘদিনৰ পৰা চলি আহিছে ৷ মাঘ বিহুত এই পৰম্পৰা ৰক্ষা কৰি ম'হ নুযুঁজালে নহয় । সেয়েহে আমি অসম চৰকাৰ, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ লগত আলোচনা কৰি এক আলোচনাৰ মৰ্মে আমাৰ সাতামপুৰুষীয়া মহযুঁজ অনুষ্ঠিত কৰিবলৈ মুকলি কৰি দিয়ে ।"

লগতে পঢ়ক: পুনৰ নিষিদ্ধ হ’ব নেকি ম'হযুঁজ ? ৬ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত শুনানি - Buffalo fights revived in Assam

কামপুৰৰ দক্ষিণ চাংচকীত মাঘ বিহুৰ পৰম্পৰাগত ম’হযুঁজ - kampur Buffalo fight