ETV Bharat / state

পুনৰ নিষিদ্ধ হ’ব নেকি ম'হযুঁজ ? ৬ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ত শুনানি

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:50 PM IST

Etv Bharat
Etv Bharat

Buffalo fights in Assam : পুনৰ আৰম্ভ হোৱা‌ ম'হযুঁজক লৈ সৃষ্টি হৈছে অচলাৱস্থাৰ ৷ ম’হযুঁজৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পেটা ইণ্ডিয়াৰ গোচৰ ৷

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : অসমত পুনৰ আৰম্ভ হোৱা‌ ম'হযুঁজকলৈ এক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ পেটা ইণ্ডিয়া (PETA INDIA) নামৰ এটা সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা এক গোচৰৰ বাবে অসমত পুনৰ আৰম্ভ হোৱা‌ ম'হযুঁজকলৈ এক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷

Buffalo fights in Assam
ম'হযুঁজকলৈ সৃষ্টি হৈছে অচলাৱস্থাৰ

উল্লেখ্য যে এইবছৰ ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ বাধা-নিষেধ আতঁৰাৰ পিছত নিৰ্দিষ্ট নীতি-নিময়মেৰে অসমত পুনৰ ম'হযুঁজ আৰম্ভ কৰাৰ অনুমতি দিছিল ৷ সেই অনুসৰি অসমত এইবাৰ মাঘ বিহুত বিভিন্ন ঠাইত ম'হযুঁজ হৈছিল ৷ ইয়াৰ পাছতেই পেটা ইণ্ডিয়াই প্ৰশাসনৰ প্ৰয়োজনীয় অনুমতি নোলোৱা, অনুমতি নোপোৱা ৰাজ্যৰ অন্য ম’হযুঁজ বন্ধ কৰাৰ লগতে পৰৱৰ্তী সময়ত সমগ্ৰ অসমত এই যুঁজ নিষিদ্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷

উল্লেখ্য যে আবেদনৰ ভিত্তিত প্ৰশাসনৰ প্ৰয়োজনীয় অনুমতি নোলোৱা, অনুমতি লাভ নকৰা ৰাজ্যৰ অন্য ম’হযুঁজ জিলা প্ৰশাসন সমূহক বন্ধ কৰিবলৈ বৃহস্পতিবাৰে এক শুনানিৰ জৰিয়তে আদেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ পেটা ইণ্ডিয়াই জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনায় ন্যায়াধীশ মনীষ চৌধুৰীৰ আদালতে কয় যে 25 জানুৱাৰীৰ পাছত অনুষ্ঠিত যিকোনো ম'হযুঁজেই অবৈধ ৷ কাৰণ ৰাজ্য চৰকাৰে ম'হযুঁজৰ অনুমতি দি যুগুত কৰা নিৰ্দিষ্ট বিধি, নীতি-নিয়মৰ ই পৰিপন্থী ৷

আদালতে পেটা ইণ্ডিয়াই দাখিল কৰা তথ্য-প্ৰমাণৰ ভিত্তিত নগাঁৱৰ একাংশ স্থানত অনুষ্ঠিত হ'বলগীয়া ম'হযুঁজ বন্ধ কৰিবলৈয়ো জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৷ আনহাতে পেটা ইণ্ডিয়া নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে সমগ্ৰ অসমত ম'হযুঁজ নিষিদ্ধ কৰিবলৈ আদালতত যি আবেদন জনাইছিল, সেই আবেদন সন্দৰ্ভত 6 ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি হ’ব ৷ আদালতে ৰাজ্য চৰকাৰক 6 ফেব্ৰুৱাৰীৰ পূৰ্বেই প্ৰয়োজনীয় প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে ৷ পেটা ইণ্ডিয়াৰ যুক্তি – ম'হযুঁজে কেইবাখনো কেন্দ্ৰীয় আইনৰ নীতি-নিয়ম উলংঘা কৰাৰ লগতে যুঁজত নমোৱা ম’হসমূহক নিষ্ঠুৰভাৱে অত্যাচাৰ কৰা হয় ৷

লগতে পঢ়ক : সুৰক্ষিত ভৱিষ্যতৰ দাবীত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.