ETV Bharat / state

ইউ পি পি এলে ভোটাৰ ৰাইজক ভয় খুৱাই আছে: হাগ্ৰামা

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:31 PM IST

BPF rally in Kokrajhar: কোকৰাঝাৰত বিপিএফৰ বিশাল কৰ্মীসভা ৷ বিপিএফৰ কোকৰাঝাৰ মহকুমাৰ ছটা ব্লকৰ ২০ সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ অংশগ্ৰহণ কৰ্মী সভাত । উক্ত কৰ্মীসভাত UPPL তথা প্ৰমোদ বড়োক কঠোৰ সমালোচনাৰে থকাসৰকা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

BPF rally in Kokrajhar
কোকৰাঝাৰত বিপিএফৰ বিশাল কৰ্মীসভা

কোকৰাঝাৰ,৩ ফেব্ৰুৱাৰী: লাহে লাহে বাজি উঠিছে নিৰ্বাচনী ৰণদুণ্ডুভি । শাসক বিৰোধীয়ে ৰচিছে ৰণকৌশল । বহি থকা নাই হাগ্ৰামা বাহিনী । আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ । কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ জানাগাঁৱত শনিবাৰে বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে এখন বিশাল কৰ্মীসভা । উক্ত বিশাল কৰ্মীসভাত অংশগ্ৰহণ কৰে বিপিএফৰ কোকৰাঝাৰ মহকুমাৰ ছটা ব্লকৰ ২০ সহস্ৰাধিক কৰ্মী-সমৰ্থকে ।

BPF rally in Kokrajhar
কোকৰাঝাৰত বিপিএফৰ বিশাল কৰ্মীসভা

কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰে আৰম্ভ হয় উক্ত অনুষ্ঠান । তদুপৰি বিপিএফ দলক শক্তিশালী কৰা, মংগল কামনা আৰু শান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয় । লোকাৰণ্য কৰ্মী সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উদাত্ত ভাষণ । বিপিফ প্ৰধানগৰাকীয়ে কয় যে, কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ দলে নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব । অহা মাৰ্চ মাহত বিপিএফ দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে ।

নিজ ভাষণত ইউপিপিএল দলক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰকৃততে ইউপিপিএল দলে একোৱেই কৰিব পৰা নাই । চাকৰি দিয়াৰ যি ক্ষমতা সেয়া দিছপুৰে লৈ গৈছে । বিপিএফে চৰকাৰ গঠন কৰিলে ৪০ টা বিভাগত খালি হোৱা পদত নিযুক্তি প্ৰদান কৰিব আৰু সেয়া জিলাভিত্তিক হ'ব । কোকৰাঝাৰৰ জিলাৰ লৰা-ছোৱালী কোকৰাঝাৰত আৰু চিৰাং জিলাৰ লৰা-ছোৱালীয়ে চিৰাং জিলাত নিযুক্তি লাভ কৰিব ।

BPF rally in Kokrajhar
কোকৰাঝাৰত বিপিএফৰ বিশাল কৰ্মীসভা

প্ৰমোদ বড়োক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয় যে প্ৰমোদ বড়োৱে একোয়েই কৰিব পৰা নাই, মাথো কোকৰাঝাৰ আৰু কাৰিগাঁৱৰ মাজত স্পীড ব্ৰেকাৰহে বনাইছে । বিপিএফৰ মিটিঙত যোগদান কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব বুলি ইউপিপিএলে ভোটাৰ ৰাইজক ভয় দেখুৱাই আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । ঘৰে ঘৰে নাঙল, ঘৰে ঘৰে বিপিএফ বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে শান্তি, একতা আৰু উন্নয়নৰ ইচ্ছু লৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি উল্লেখ কৰে । বিপিএফে আৰু দুয়োটা সমষ্টিতে বিজয়ী হৈ কেন্দ্ৰত এগৰাকী মন্ত্ৰী পদ লাভ কৰিব বুলি দাবী কৰে মহিলাৰীয়ে ।

ইপিনে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত বিটিচি বচাবৰ বাবে, বিটিচিৰ ভৱিষ্যত নিৰ্মাণৰ বাবে বিপিএফে ৰাইজৰ পৰা সহায়-সমৰ্থন বিচাৰিছে বুলি মন্তব্য আগবঢ়াই । আনহাতে নিৰ্বাচনত অনিয়ম নকৰিলে বিপিএফে জিকাটো খাটাং বুলি প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই দাবী কৰে । উল্লেখ্য যে, বিপিএফৰ এই কৰ্মী সভাতে ইউপিপিএল, বিজেপিসহ বিভিন্ন দল-সংগঠনৰ ১৮ গৰাকী লোকে বিপিএফ দলত যোগদান কৰে ৷

লগতে পঢ়ক: প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.