ETV Bharat / state

কাম নকৰি সমালোচনা কৰি থকাই প্ৰমোদ বড়োৰ কাম : হাগ্ৰামা মহিলাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 9:46 PM IST

BTC Accord Day: কাম নকৰি সমালোচনা কৰি থকাই প্ৰমোদ বড়োৰ কাম, তেওঁ এটা জিৰ’ ৷ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ বিটিচি চুক্তি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধানগৰাকীয়ে কয় যে কোকৰাঝাৰত দুইকোণীয়া আৰু দৰং-ওদালগুৰিত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব ৷ মাৰ্চ মাহত বিপিএফ দলে দুয়োটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব ৷

BTC Accord Day
বিটিচি চুক্তি দিৱস
বিটিচি চুক্তি দিৱসৰ কাৰ্যসূচীত হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ, ১০ ফেব্ৰুৱাৰী : ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি । বিপিএফ দলে প্ৰতিবছৰে ১০ ফেব্ৰুৱাৰী দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বিটিচি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে । এইবেলিও বিপিএফ দলৰ উদ্যোগত কোকৰাঝাৰত ২২ তম বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয় ।

সেই অনুসৰি শনিবাৰে বিটিচি সচিবালয় প্ৰাংগণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি তৰ্পন কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । বিটিচি সচিবালয় প্ৰাংগণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি হাগ্ৰামা মহিলাৰী সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰত উপস্থিত হয় আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু শ্বহীদৰ সমাধিথলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেবৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰতে দলীয় কৰ্মকৰ্তাক লৈ হাগ্ৰামা মহিলাৰীয়ে এক শ্বহীদ স্মৰণ সভাও অনুষ্ঠিত কৰে য'ত মহিলাৰীয়ে শ্বহীদৰ আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে ।

ইপিনে সংবাদমাধ্যমৰ আগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে আজিৰ দিনটো ঐতিহাসিক দিন । বৰ্তমানৰ বিটিচি চৰকাৰে বড়োলেণ্ড চুক্তি দিৱসৰ ঐতিহাসিক দিনটোক গুৰুত্ব দিয়া নাই । বিটিচি চুক্তি যিহেতু সাংবিধানিকভাৱে স্বীকৃত সেয়ে সকলোৱে এই চুক্তিক সন্মান দিয়াৰ দায়িত্ব আছে । এই চুক্তিৰ দ্বাৰাই অনগ্ৰসৰ অঞ্চলটোত উন্নয়নৰ পোহৰ পৰিছিল । বিটিচি চুক্তিৰ দ্বাৰা যিখিনি ক্ষমতা পাইছে সেই ক্ষমতাৰ দ্বাৰাই প্ৰমোদ বড়োৱে চৰকাৰ চলাই আছে, অথচ বিটিচি চুক্তি তেওঁলোকে পালন কৰা নাই । এয়া নিত্যান্তই দূৰ্ভাগ্যজনক ।

যোৱা ১৫ বছৰে বিপিএপে যি কাম কৰিছিল এতিয়াও সেইখিনিয়ে আছে বুলি কৈ প্ৰমোদ বড়োৱে একো কৰিব পৰা নাই বুলি মন্তব্য কৰে বিপিএফ প্ৰধানগৰাকীয়ে ৷ হাগ্ৰামা মহিলাৰীয়ে কয় যে কাম নকৰি সমালোচনা কৰি থকাই প্ৰমোদ বড়ো কাম, তেওঁ এটা জিৰ’ । আনহাতে লোকসভা নিৰ্বাচন প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফ দলে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত জয়লাভ কৰিব ।

কোকৰাঝাৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত দুইকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ বিপৰীতে দৰং-ওদালগুৰিত বিপিএফ-কংগ্ৰেছ আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ'ব । দুয়োখন আসনতে বিপিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব । প্ৰমোদ বড়োৱে মিছা কথাৰে ৰাইজক আভূৱা ভাৰিছে, প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে যাৰ বাবেই বিপিএফ দল জিকিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

বিপিএফ দলৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে দুয়োটা সমষ্টিতে অৰ্থাৎ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আৰু অহা মাৰ্চ মাহত বিপিএফ দলে দুয়োটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বিপিএফৰ সৰহসংখ্যক জ্যেষ্ঠ নেতা, জিলা পৰ্যায়ৰ নেতা, শ্বহীদৰ পৰিয়ালবৰ্গ আৰু বহুসংখ্যক সাধাৰণ ৰাইজ উপস্থিত আছিল ।

লগতে পঢ়ক: ইউ পি পি এলে ভোটাৰ ৰাইজক ভয় খুৱাই আছে: হাগ্ৰামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.