ETV Bharat / state

দৰং ওদালগুৰি সমষ্টিক বিজেপিয়ে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিছে: দুৰ্গাদাস বড়ো - Lok Sabha Election 20224

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:11 PM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ । । বিজেপিৰ বিৰুদ্ধে থিয় হৈছে পূৰ্বৰ অগপৰ শক্তিশালী নেতা আৰু বৰ্তমানৰ বি পি এফ ৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো । ওদালগুৰিৰ মাজবাটত বিপিএফৰ নিৰ্বাচিনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা বড়োৰ ।

BPF candidate Durga Das Bodo campaigns criticising BJP
BJP ক সমালোচনা দূৰ্গাদাস বড়োৰ
BJP ক সমালোচনা দূৰ্গাদাস বড়োৰ

তেজপুৰ,১৬ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী । দৰং ওদালগুৰি লোকসভা সমষ্টিতো তুংগত উঠিছে নিৰ্বাচনৰ প্ৰস্তুতি । বিজেপিৰ বিৰুদ্ধে থিয় হৈছে পূৰ্বৰ অগপৰ শক্তিশালী নেতা আৰু বৰ্তমানৰ বি পি এফ ৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো । মঙলবাৰে ঢোলে-দগৰে, নাচি-বাগি বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োক বিপুল আদৰণি সহস্ৰাধিক দলীয় নেতা-কৰ্মী সমৰ্থকৰ ।

নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দৰং-ওদালগুৰি লোকসভা সমষ্টি নিৰ্বাচনী বতাহ । বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমান্তৰালকৈ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়ো‌ৱেও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । আজি ওদালগুৰিৰ মাজবাটত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে দৰং-ওদালগুৰিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ।

কাৰ্যালয় মুকলি আনুষ্ঠানত দুৰ্গাদাস বড়োৱে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক । দৰং-ওদালগুৰি লোকসভা সমষ্টিটো বিজেপিয়ে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে দুৰ্গাদাস বড়োৱে । প্ৰতিবাৰেই পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি‌য়ে বহিৰাগত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ তোলে বড়োৱে ।

২২ লক্ষাধিক ভোটাৰ থকা সমষ্টিটোত এগৰাকী স্থানীয় প্ৰাৰ্থী উলিয়াব নোৱৰাটো বিজেপিৰ বাবে দূৰ্ভাগ্যজনক আখ্যা দুৰ্গাদাস বড়োৰ । এইবেলিও সুদুৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা দিলীপ শইকীয়াক পুনৰাই প্ৰাৰ্থিত্ব দিয়াত আক্ৰমণাত্মক হৈ পৰে বিপিএফ প্ৰাৰ্থীগৰাকী । ইফালে কোকৰাঝাৰ,ওদালগুৰিৰ পৰা বিপিএফ নোহোৱা হৈ যোৱা বুলি মন্ত্ৰী অশোক সিংহলে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে তেওঁ ।

অসমৰ কোনো এগৰাকী লোক বিহাৰ, উত্তৰ প্ৰদেশত মন্ত্ৰিত্ব পোৱাৰ উদাহৰণ নাই যদিও অসমত বহিঃৰাজ্যৰ নেতাক মন্ত্ৰিত্ব দিয়াৰ উদাহৰণ আছে আৰু সেয়া অশোক সিংহল নিজেই বুলি কটাক্ষ দৰং-ওদালগুৰি বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ । লোকসভা সমষ্টিটোত বি পি এফ দলৰ নাই কোনো অস্তিত্ব । যিহেতু সমষ্টি পুণৰনিৰ্ধাৰণ হৈছে সেই বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কিছু ভোটবেংক বি পি এফ ৰ আধিপত্যত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও দৰং জিলাত এই দলৰ কোনো বিধায়ক বৰ্তমানলৈ নাই ।

লোকসভা সমষ্টিৰ ছয়টা বিধানসভা সমষ্টি বি টি এ ডি ত আছে আৰু ইয়াত প্ৰায় ৩ লাখ বড়ো ভোটাৰ আছে । জিলা নিৰ্বাচনী কাৰ্যালয়ৰ তথ্য অনুসৰি দৰং জিলাত ২০২৪ চনৰ ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ ৬৯৭৯৫৮ গৰাকী ভোটাৰৰ মাজত ৩৫৩৬৮৩ জন পুৰুষ, ৩৪৪২৬০ মহিলা আৰু তৃতীয় লিংগৰ ১৫ জন লোক আছে ৷ বিগত বৰ্ষৰ ২০২৩ চনৰ ভোটাৰ তালিকা অনুসৰি দৰঙত ৮৭৭৯০০ জন ভোটাৰৰ নতুন তালিকাত ৬৯৭৯৫৮ জন ভোটাৰ তালিকাভুক্ত হৈছে ৷

উল্লেখযোগ্য যে সমষ্টি পুনৰনিৰ্ধাৰণৰ কৰাত পূৰ্বতকৈ দৰং জিলাত ভোটাৰৰ সংখ্যা কিছু কমিছে ৷ দৰং জিলাত ৩৫৩৬৮৩ জন পুৰুষ আৰু ৩৪৪২৬০ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ১৫ জন ভোটাৰক লৈ মুঠ ৬৯৭৯৫৮ জন ভোটাৰে সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ ৷ নতুন ভোটাৰ তালিকা অনুসৰি ৪৯ নং ছিপাঝাৰ সমষ্টিত ২০৪৭৪৯ জন , ৫০ নং মঙলদৈ সমষ্টিত ১৯৫৩৬৩ আৰু ৫১ নং দলগাঁও সমষ্টিত ২৯৭৮৪৬ ভোটাৰ ।

পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টি চাৰিবাৰকৈ বিজেপিৰ দখলত আছে যদিও বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ কামৰ খতিয়ান দেখি সাধাৰণ ভোটাৰসকল সন্তুষ্ট নহয় । মঙলদৈ লোকসভা নিৰ্বাচনৰ মূল ইছ্যু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত পথ আৰু ৰে'ললাইন সেৱা । এই দুয়োটা দিশত বিফল দিলীপ শইকীয়া ।

ইয়াৰ উপৰিও আছে বহুকেইটা বৃহৎ দাবী । গতিকে আগন্তুক নিৰ্বাচনত ৰাইজে কি হিচাপে দিলীপ শইকীয়াক ল'ব সেয়াও হ'ব লক্ষ্যনীয় । দৰং-ওদালগুৰিৰ পৰা বিজেপিৰ টিকট লাভ কৰিছে সাংসদ দিলীপ শইকীয়াই । কংগ্ৰেছ দলেও লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে ।

বৰ্তমানৰ বিধায়ক বসন্ত দাস এইবাৰ বিজেপি দলৰ অংশীদাৰ । বৰ্তমানৰ বিধায়ক বসন্ত দাসে মুকলিভাৱে বিজেপিৰ কামকাজক সমৰ্থন জনোৰ পিচত আৰু ছিপাঝাৰৰ প্ৰাক্তন কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰ লগতে একাংশ কংগ্ৰেছ কৰ্মীৰ বিজেপি গমনে নিৰ্বাচনত কংগ্ৰেছ দলক যে আশাত চেঁচা পানী ঢালিব সেয়া নিশ্চিত । ইয়াৰ মাজতো কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব' - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.