ETV Bharat / state

বোৰ্খা পিন্ধি প্ৰেমিকাক লগ কৰিবলৈ আহিল প্ৰেমিক: হ'লগৈ ৰঙাঘৰৰ আলহী - Boyfriend arrested in Bilashipara

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 5:26 PM IST

Boyfriend arrested in Bilashipara: আজৱ প্ৰেমৰ গজব কাহিনী । প্ৰেমিকাক লগ কৰিবলৈ বোৰ্খা পিন্ধি গৈও ৰক্ষা নাপালে প্ৰেমিকে । ৰাইজে ধৰি বান্ধি গতাই দিলে আৰক্ষীয়ে । পিছে প্ৰেমিকাক লগ কৰিবলৈ আহি প্ৰেমিক ৰঙাঘৰৰ আলহী হোৱা ঘটনা ক'ত সংঘটিত হ'ল ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Boyfriend caught while trying to meet girlfriend wearing a burqa in Bilashipara
বিলাসীপাৰাত আজৱ প্ৰেমৰ গজব কাহিনী (ETV Bharat Assam)

বিলাসীপাৰা,২৫ মে': প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল । প্ৰেমৰ বাবে নহয় কি, প্ৰেমৰ বাবে নকৰে কি ! যিদৰে প্ৰেমে জাতি,বয়সৰ বাধা নামানে ঠিক সেইদৰে নামানে দুৰত্বৰ বাধা । দুৰত্ব যিমানেই নহওক কিয়, গভীৰ প্ৰেমে চপাই আনে কাষলৈ । যদি কেতিয়াবা পৰিয়ালে বাধাও দিয়ে তথাপি স্থৱিৰ নহয় প্ৰেমৰ গতি । গভীৰ প্ৰেমৰ বাবে প্ৰেমিক প্ৰেমিকাই লগ পোৱাত অহা বাধা কোনো কাৰক নহয় ।

যিকোনো পৰিস্থিতিক নেওচি লগ হয় প্ৰেমিক-প্ৰেমিকা । এনেবোৰ কথাছবি তথা কাহিনীৰ উপৰিও বাস্তৱ জীৱনতো প্ৰায়ে দেখা যায় । পিছে প্ৰেমিকাক লগ পোৱাৰ দুৰ্বাৰ হাবিয়াসেৰে আপুনি মই ভাবিব নোৱাৰা এক ৰূপ লৈ আহিল প্ৰেমিক । কিয়নো দুয়োৰে মাজত আছিল হয়তো পৰিয়াল নতুবা সমাজৰ বাধা । সেয়ে প্ৰেমিকে গ্ৰহণ কৰিলে এক আচৰিত পন্থা । প্ৰেমিকৰ ৰূপ দেখি আচৰিত হ'ল স্থানীয় লোক ।

পূৰ্বে নঘটা ঘটনাটো ঘটিল বিলাসীপাৰাত । সমাজৰ আগত, মুকলিকৈ প্ৰেমিকাক লগ কৰিব নোৱাৰি প্ৰেমিক আহিল বোৰ্খা পৰিধান কৰি । প্ৰেমিকে ল'লে সম্পূৰ্ণৰূপে নাৰীৰ ৰূপ । কাৰণ তেতিয়া প্ৰেমিকাৰ ওচৰ-চুবুৰীয়া বা স্থানীয় ৰাইজৰ কোনো সন্দেহৰ স্থল নাথাকিব । পিছে দিন বেয়া আছিল বপুৰাৰ । ধৰা পৰিল স্থানীয় ৰাইজৰ হাতত । প্ৰথমতে বোৰ্খা পৰিহিত যুৱকজনক নাৰী বুলি ভাবিছিল যদিও চাল-চলনত সন্দেহ হ'ল ৰাইজৰ ।

ৰাইজে ধৰি ডাঙি চালে বোৰ্খাৰ আঁৰত থকা মুখখন । দৃশ্য দেখি ৰাইজ হতবাক । লগে লগে গোট খালে বহুকেইজন লোক । প্ৰেমিকাক লগ কৰাৰ আশাত পৰিল চেঁচাপানী । খবৰ দিয়া হ'ল আৰক্ষীক । সাপটগ্ৰাম আৰক্ষীয়ে আটক কৰিলে যুৱকজনক । বোৰ্খা পৰিধান কৰি প্ৰেমিকাক লগ কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰা প্ৰেম কাহিনী এতিয়া ধুবুৰীত চৰ্চাৰ কেন্দ্ৰবিন্দু । পূৰ্বে নঘটা কাহিনীটোৱে আমোদ দিলে ৰাইজকো ।

লগতে পঢ়ক: এ পি এছ চি উত্তীৰ্ণ হৈ পলাল পত্নী, স্বামীয়ে দিলে এজাহাৰ - Extra Marital Affair In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.