ETV Bharat / state

বয়সৰ বাধা : অৱসৰ ল'ব বিশ্ব চেম্পিয়ন মেৰী কমে

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 9:30 PM IST

অৱসৰ ল’ব অলিম্পিক পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন মেৰী কমে ৷ ডিব্ৰুগড়ত অৱসৰ লোৱাৰ ইংগিত তাৰকা খেলুৱৈ গৰাকীৰ ৷

Boxing Champion Mary Kom
ডিব্ৰুগড়ত মেৰী কম
অৱসৰ লোৱাৰ ইংগিত বিশ্ব চেম্পিয়ন মেৰী কমৰ

ডিব্ৰুগড়, 24 জানুৱাৰী : বক্সিঙৰ পৰা অৱসৰ ল’ব অলিম্পিক পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন মেৰী কমে ৷ আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত শীঘ্ৰেই অৱসৰ লোৱাৰ ইংগিত প্ৰদান কৰে তাৰকা খেলুৱৈ গৰাকীয়ে ৷ অৱশ্যে খেলুৱৈ গৰাকীয়ে বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে অৱসৰৰ কথা ঘোষণা কৰা নাই ৷

ডিব্ৰুগড়ৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শিক্ষা ভেলীত অনুষ্ঠিত হোৱা 'তেজ'মায়া-2' শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ মেৰী কমে ৷ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে মেৰী কমে ৷ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছবাৰকৈ বিশ্ব চেম্পিয়নৰ অভিলেখ গঢ়া বক্সিঙৰ ৰাণী মেৰী কমে শীঘ্ৰেই অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷ 'তেজ'মায়া-2' শীৰ্ষক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰে হোৱা মত-বিনিময়ত মেৰী কমে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়- "মই এতিয়াও খেলিব বিচাৰোঁ ৷ কিন্তু বয়সৰ বাবে মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণত বাধা আহিছে ৷ মই বাধ্যতামূলক অৱসৰ ল'ব লাগিব ৷ সেইবাবে মোৰ এই সিদ্ধান্তৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ ৷"

একেটা প্ৰসংগত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি মেৰী কমে আৰু কয়- "আপোনালোকেও খেলিব লাগিব ৷ দেশ আৰু ৰাজ্যৰ বাবে সফলতা বুটলিব লাগিব ৷ তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মানুহে কেতিয়াও অতি আত্মবিশ্বাসী হ'ব নালাগে ৷ অৱশ্যে আত্মবিশ্বাসী থকাটো অতি জৰুৰী ৷"

ইফালে এই অনুষ্ঠানতে শিক্ষা ভেলী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিহু নৃত্যত অংশগ্ৰহণ কৰে মেৰী কমে ৷ অতি অমায়িক মনৰ বিশ্ব চেম্পিয়ন গৰাকীক সন্মুখত পাই একপ্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰিল শিক্ষাৰ্থীসকল ৷ এই অনুষ্ঠানত ডিব্ৰুগড় জিলা আয়ুক্তৰ লগতে শিক্ষা ভেলী কৰ্তৃপক্ষ, অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : বিৰাটৰ স্থানত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ বাবে ভাৰতীয় দলত ৰজত পাতিদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.