ETV Bharat / sports

বিৰাটৰ স্থানত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ বাবে ভাৰতীয় দলত ৰজত পাতিদাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:18 PM IST

ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টত ভাৰতীয় দলত ৰজত পাতিদাৰ
ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টত ভাৰতীয় দলত ৰজত পাতিদাৰ

Ind vs Eng Test Series : প্ৰথম দুখন টেষ্ট মেচৰ বাবে বিৰাট কোহলীয়ে টীম ইণ্ডিয়াৰ পৰা প্ৰস্থান কৰিছে । যাৰ ফলত ভাৰতীয় দলৰ অনুৰাগীসকল যথেষ্ট হতাশ হৈছে । কিন্তু এতিয়া তেওঁৰ স্থানত এইগৰাকী প্ৰতিভাৱান বেটছমেনক দললৈ আমন্ত্ৰণ জনোৱা হৈছে ।

স্পৰ্টছ ডেস্ক, ২৪ জানুৱাৰী : ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰত-ইংলেণ্ডৰ পাঁচখনীয়া টেষ্ট শৃংখলা। কিন্তু তাৰ পূৰ্বে প্ৰথম দুখন মেচৰ পৰা নিজকে প্ৰত্যাহাৰ কৰিছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে । ব্যক্তিগত কাৰণত তেওঁ প্ৰথম দুখন টেষ্টত অংশগ্ৰহণ নকৰে। যাৰ বাবে তেওঁক হায়দৰাবাদ আৰু বিশাখাপট্টনম টেষ্টত ভাৰতৰ জাৰ্চীত খেলা দেখা নাযাব । এতিয়া তেওঁৰ স্থানত সোঁহতীয়া বেটছমেন ৰজত পাতিদাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

অৱশ্যে ৰজত পাতিদাৰক কোহলীৰ স্থানত দলত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে এতিয়ালৈকে বিচিচিআয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই । কিন্তু তেওঁ হায়দৰাবাদত দলটোত যোগদান কৰিছে । তেওঁ বিচিচিআইৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানতো উপস্থিত থাকে । উল্লেখ্য যে ৰজত পাতিদাৰে আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাটৰ সৈতেও খেলিছে । ইয়াৰ উপৰি তেওঁক পূৰ্বতে বহুবাৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও এতিয়ালৈকে তেওঁ ভাৰতৰ হৈ টেষ্ট অভিষেক ঘটাবলৈ সক্ষম হোৱা নাই ।

এনে পৰিস্থিতিত এতিয়া ৰজত পাতিদাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত ২৫-২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচখনত টীম ইণ্ডিয়াৰ হৈ টেষ্ট অভিষেক ঘটোৱাৰ সুযোগ পাব । তেওঁ ভাৰত এ-ৰ হৈ গুজৰাট লায়ন্সৰ বিৰুদ্ধে ৰঙা বল ক্ৰিকেটত তেওঁৰ বেটেৰে ৰাণ সংগ্ৰহ কৰিছে । তাৰ বাবেই তেওঁক কোহলীৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে ৰজত পাতিদাৰে শেহতীয়াভাৱে কে এল ৰাহুলৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ হৈ এদিনীয়া মেচত আত্মপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক :ৰিয়ান পৰাগলৈ বিচিচিআইৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.