ETV Bharat / state

যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ: অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:05 PM IST

Booth Sanmilan of AGP
কংগ্ৰেছক কটাক্ষ মন্ত্ৰী অতুল বৰাৰ

Booth Sanmilan of AGP: তেজপুৰৰ জয়মতী পথাৰত অগপৰ শোণিতপুৰ লোকসভা সমষ্টিৰ বুথ পৰ্যায়ৰ কৰ্মী সন্মিলন ৷ লোকসভা নিৰ্বাচনত যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা অগপ সাজু বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

তেজপুৰত অগপৰ বুথ পৰ্যায়ৰ কৰ্মী সন্মিলন

তেজপুৰ, 1 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনত যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰতিটো সমষ্টিতে সমৰ্থন জনাব অগপই ৷ এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ ৷ আজি তেজপুৰৰ জয়মতী পথাৰত অনুষ্ঠিত শোণিতপুৰ লোকসভা সমষ্টিৰ বুথ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অগপৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৷

মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ তথা আন আন বিৰোধী দল সমূহক কটাক্ষ কৰি কয় যে, অসমৰ বাকী আঞ্চলিক ৰাজনৈতিক দলৰ জন্মদাতা কংগ্ৰেছ ৷ অসমৰ সকলো দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ আঁৰত কংগ্ৰেছ আছে বুলি কয় তেওঁ ৷ মন্ত্ৰীগৰাকীয়ে লগতে অগপ পুনৰ উজ্জীৱিত হ'ব বুলি উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে আসন নিশ্চিত কৰিব বুলি মন্তব্য কৰে ৷

আনহাতে, অগপৰ সভাপতি অতুল বৰাই আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই বাজেট এখন জনমুখী বাজেট বুলি উল্লেখ কৰে ৷ বাজেটত ধাৰ্য কৰা ধনৰাশিয়ে দৰিদ্ৰ লোকৰ হিত সাধন কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই ৷ আনহাতে, এই বাজেটত যুৱচামক অগ্ৰাধিকাৰ দিয়াকলৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তুক বাজেটখনো এখন জনকল্যাণমুখী বাজেট হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

ইফালে মন্ত্ৰী বৰাই দীৰ্ঘদিন কংগ্ৰেছে শাসন চলোৱাৰ পিছতো এচাম লোক জনহিতকৰ আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাৰ সুৰতে সুৰ মিলাই দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তয়ো অনুৰূপ মন্তব্য আগবঢ়ায় ৷

এই অনুষ্ঠানত অগপ দলৰ কাৰ্যকৰ্তাই সভাপতি অতুল বৰাসহ কেন্দ্ৰীয় নেতৃত্বক আদৰি অনাৰ পিছতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ পিছতে সভাপতি অতুল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত বুথ সন্মিলনত প্ৰদান কৰা ভাষণত সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে বিৰোধী কংগ্ৰেছক দলক সমালোচনা কৰে ৷ আজিৰ এই বুথ সন্মিলনত দলটোৰ 5 সহস্ৰাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : দীপাংক নাথৰ নাম মুখত ল’বলৈয়ো ঘিণ লাগে নগাঁও জিলা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.