ETV Bharat / state

কাজিৰঙাত গঁড় হত্যাৰ বাবে এ কে ৪৭ ৰাইফল যোগান ধৰা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 2:27 PM IST

Rhino killing incident: বোকাখাত আৰক্ষীৰ সফলতা ৷ গোপন সূত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিলে চোৰাং চিকাৰীক ৷ সবিশেষ আগলৈ-

bokakhat police arrested poacher
এ কে ৪৭ ৰাইফল যোগান ধৰা চোৰাং চিকাৰী
চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

কাজিৰঙা, ৩ ফেব্ৰুৱাৰী : কাজিৰঙাৰ গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফল যোগান ধৰা চোৰাং চিকাৰীজনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ বন্দুক যোগান ধৰি কাজিৰঙাৰ অগৰাতলিৰ দুটাকৈ গঁড় হত্যাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম সুখদেউ কুটুম ।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, সুখদেউ কুটুমে জগু পেগু নামৰ শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈ ব্ৰহ্মপুত্ৰত নিখোজ হোৱা গঁড় হত্যাকাৰীজনক AK 47 ৰাইফলটো যোগান ধৰিছিল । উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাগৰ নিৰাপত্তা বেষ্টনীক প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে নতুন বছৰৰ প্ৰথম মাহতে অত্যাধুনিক মাৰণাস্ত্ৰৰে দুটাকৈ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱা ২৬ জানুৱাৰীৰ নিশা ঘটনাত জড়িত এজন লোকক চোৰাং চিকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । লগতে মাটিত পুতি থোৱা অৱস্থাৰ পৰা এটা খৰ্গও উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তদুপৰি গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফল, সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে বিভিন্ন আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ হৈছিল ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা ২৮ জানুৱাৰীৰ নিশা বোকাখাত আৰক্ষীৰ এটা দল জগু পেগুক লৈ গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবে আগৰাতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যাত্ৰা কৰিছিল । ব্ৰহ্মপুত্ৰৰ মাজ পাওঁতেই জগু পেগুৱে হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ পানীত জাঁপ দিয়ে৷ আজি পাঁচদিনে জগু পেগুৰ কোনো শুংসূত্ৰ নাই ।

জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে সুখদেউ কুটুমৰ তথ্য লাভ কৰিছিল । গোপন সূত্ৰৰ ভিত্তিত গোগামুখৰ পৰা বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুখদেউ কুটুমক ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, খৰ্গ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.