ETV Bharat / state

প্ৰথমে নিৰুদ্দেশ; তাৰ পাচত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱানৰ নিথৰ দেহ - policeman deadbody found

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 1:03 PM IST

Policeman deadbody found in Golaghat : ৰহস্যজনক অৱস্থাত উদ্ধাৰ নিৰ্বাচনৰ কামত নিয়োজিত আৰক্ষী জোৱানৰ মৃতদেহ । দুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল আৰক্ষী জোৱানজন ৷ আৰক্ষী জোৱানজনৰ নাম ৰাণা বিৰ চ’ৰেণ ৷

Body of missing policeman found floating in pond in golaghat
প্ৰথমে নিৰুদ্দেশ; তাৰ পাচত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱানৰ নিথৰ দেহ

গোলাঘাট, 22 এপ্ৰিল: গোলাঘাটৰ পুলিবৰস্থিত আৰক্ষী নিৱেশৰ চৌহদত থকা এটা পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন আৰক্ষী জোৱানৰ মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱা আৰক্ষী জোৱানজনৰ নাম ৰাণা বিৰ চ’ৰেণ বুলি জানিব পৰা গৈছে । 19 এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কোকৰাঝাৰৰ পৰা গোলাঘাটত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত হৈ আছিল আৰক্ষী কনিষ্টবলজন ।

লক্ষণীয় বিষয় যে প্ৰায় দুটা দিন ধৰি সন্ধানহীন হৈ আছিল আৰক্ষী কনিষ্টবলজন ৷ দুটা দিনৰ অন্তত এইদৰে পুখুৰীত ৰহস্যজনকভাৱে ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি গোলাঘাটৰ পুলিবৰস্থিত আৰক্ষী নিৱেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষীৰ লগতে জিলা দণ্ডাধীশ ৷ বৰ্তমান আৰক্ষীয়ে আৰক্ষী জোৱানজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়াৰ ।

উল্লেখ্য যে, কি পৰিস্থিতিত আৰক্ষী জোৱানজনৰ মৃত্যু হৈছে নে কোনোবাই হত্যা কৰি পেলাই থৈছে, সেয়া প্ৰকৃত তদন্তৰ পাচতহে পোহৰলৈ আহিব ।উদ্বেগজনক বিষয় যে, মঙলদৈতো কিছুদিন পূৰ্বে উদ্ধাৰ কৰা হৈছিল এজন উপ-পৰিদৰ্শকৰ মৃতদেহ । জিলাখনৰ ভেবৰঘাটৰ ৰাজহুৱা শ্মশানৰ সমীপত 16 এপ্ৰিল মঙলবাৰৰ দিনা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল উপ-পৰিদৰ্শকগৰাকীৰ মৃতদেহ । উপ-পৰিদৰ্শকগৰাকী ভদ্ৰেশ্বৰ নাথ (55) বুলি জানিব পৰা গৈছে ৷

সৰ্বসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বিষয়াৰ ক্ৰমৱৰ্ধমান এনে ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক অধিক নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ৰঙিয়াত দেহৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ, লোকনিৰ্মাণ বিভাগলৈ অভিযোগৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.