ETV Bharat / state

সামৰণি পৰিল 63 সংখ্যাক বড়ো সাহিত্য সভা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:14 PM IST

Bodo sahitya sabha: সামৰণি পৰিল বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা 63 সংখ্যাক বড়ো সাহিত্য সভা । বড়ো সাহিত্য সভাৰ অন্তিম দিনাৰ মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাক বকোত এটা প্ৰেক্ষাগৃহৰ নিৰ্মাণ বাবে 1 কোটি টকা অনুমোদন জনায় ৷

Bodo sahitya sabha
সামৰণি পৰিল 63 সংখ্যাক বড়ো সাহিত্য সভা

বকো, 22 জানুৱাৰী : নিজম পৰিল বকো গান্ধী ময়দান সমন্বয় খেলপথাৰ ৷ দেওবাৰে সামৰণি পৰিল বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা 63 সংখ্যাক বড়ো সাহিত্য সভা । সামৰণিৰ দিনা বকোৰ মাজ মজিয়াৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । এই বড়ো সাহিত্য সভাৰ অন্তিম দিনাৰ মুকলি সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সাহিত্যিকে। শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োই।

বকো গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত যোৱা 19 জানুৱাৰী পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল এই 63 সংখ্যক বড়ো সাহিত্য সভা ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, এই সাহিত্য সভাই সাহিত্যই সমন্বয়ৰ সৃষ্টি কৰে ৷ বড়ো জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ অৰিহণা সাগৰ সদৃশ ৷
ভাষাৰ বিশুদ্ধতা বৃদ্ধি পালেহে ভাষাৰ শক্তিও বৃদ্ধি পাব ৷ সেইবাবে শিশু সাহিত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ বড়ো সাহিত্য সভাক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি এই সভাতে কামৰূপ জিলা বড়ো সাহিত্য সভাক বকোত এটা প্ৰেক্ষাগৃহৰ নিৰ্মাণ বাবে 1 কোটি টকা অনুমোদন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । আনফালে বকোৰ বহুকেইটা পথ নিৰ্মাণ বাবে অনুদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বড়ো সাহিত্য সভাৰ সভাপতি ড৹ সুৰথ নাৰ্জাৰীৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত BTC প্ৰধান প্ৰমোদ বড়ো, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মন্ত্ৰী ইউ জি বহ্ম, সাংসদ কুইন ওজা, সাহিত্য অকাডেমিৰ উপ-সভাপতি অধ্যাপক কুমুদ শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি, সাহিত্যিক উপস্থিত থাকে।

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.