ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:23 AM IST

Tezpur University: 31 টা বসন্ত গৰকিলে তেজপুৰ বিশ্ববিদ্যালয়ে ৷ দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস ৷

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস

তেজপুৰ, 22 জানুৱাৰী : দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত 31 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ৷ এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা মহাকাশ বিজ্ঞানী চয়ন দত্ত, জন্মেজয় সৰকাৰৰ লগতে চলচিত্ৰ নিৰ্মাতা ৰীমা দাসক উষ্ম আদৰণি জনোৱা হৈছে ৷ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দেশৰ বিশিষ্ট বিজ্ঞানী তথা UGC ৰ প্ৰাক্তন অধ্যক্ষ ড৹ বীৰেন্দ্ৰ সিং চৌহান মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷

চৌহান এই সভাত অংশগ্ৰহণ কৰি কয় যে, "বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ যুগত আমি সদায় সচেতন হ'ব লাগিব ৷ উন্নত গৱেষণা আৰু বিৱৰ্তনৰ মাজেৰে এক নতুন যুগৰ সূচনা কৰিব লাগিব ৷ 2030 চনত ভাৰতে ভৱিষ্যতৰ বিশ্ব অৰ্থনীতি আৰু বৈজ্ঞানিক আৱিষ্কাৰৰ যোগেদি দেশৰ প্ৰগতিত এন নৱ চিন্তাৰ উন্মেষ ঘটাব লাগিব ৷"

ইয়াৰ লগতে তেখেতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থী আৰু গৱেষক সকলোৱে মহাকাশ বিজ্ঞান তথা জৈৱতন্ত্ৰৰ সুৰক্ষা আৰু সামাজিক মাধ্যমৰ সুব্যৱহাৰৰ যোগেদি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত লোৱা আঁচনি, প্ৰকল্প ৰূপায়নত সবল নেতৃত্ব দিব লাগিব বুলি আহ্বান জনায় ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ শম্ভুনাথ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ গৌৰৱ তথা চন্দ্ৰযান-3 আৰু আদিত্য এল ওৱানৰে জড়িত ছাত্ৰ বিজ্ঞানী চয়ন দত্ত, জন্মেজয় সৰকাৰৰ লগতে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে 2019, 2020 আৰু 2021 বৰ্ষত বিশেষ কৃতিত্ব লাভ কৰি বিশ্ববিদ্যালয়খনলৈ সন্মান কঢ়িয়াই অনা 3 গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক আৰু 11 গৰাকী অধ্যাপকক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনাৰ অন্তত চয়ন দত্ত, জন্মেজয় সৰকাৰে বৰ্তমান নতুন স্পেচ ৰীচাৰ্ছ আৰু এষ্ট্ৰনমিৰ কামত ব্যস্ত আছে বুলিও জানিবলৈ দিয়ে ৷

লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে অনুনাদৰ পিচত ২খন নতুনত্বৰ সোৱাদ দিব পৰা বোলছবিৰ কামত ব্যস্ত বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: শ্ৰীৰামময় গুৱাহাটীত ৰামভক্তৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.