ETV Bharat / state

গোলাঘাটত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ বিজেপি অবিচি মৰ্চাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:58 PM IST

Protest in Golaghat : গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত বিজেপি অ বি চি মৰ্চাই ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অ বি চি সকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে ৷

Protest in Golaghat
ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ বিজেপি কৰ্মীৰ
গোলাঘাটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুত্তলিকা দাহ

গোলাঘাট, 10 ফেব্ৰুৱাৰী : গোলাঘাটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পুত্তলিকা দাহ বিজেপি অ বি চি মৰ্চাৰ ৷ কিছুদিন পূৰ্বে এখন সভাত ৰাহুল গান্ধীয়ে অ বি চিক লৈ কৰা বক্তব্যৰ বিৰুদ্ধে শনিবাৰে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত বিজেপি অ বি চি মৰ্চাই কংগ্ৰেছ নেতা গৰাকীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত বিজেপিৰ শতাধিক কৰ্মীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অ বি চি সকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে ৷ বিজেপিৰ প্ৰতিবাদকাৰী সকলে কয় যে, 1992 চনতে অ বি চি সকলৰ সংৰক্ষণৰ ব্যৱস্থা বলৱৎ হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিটো সম্প্ৰদায়ৰ হয় তেওঁলোকক 1994 চনতে গুজৰাট চৰকাৰে অ বি চিৰ সংৰক্ষিত তালিকাত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল আৰু 1999 চনত কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকক অ বি চি হিচাবে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অ বি চি সম্প্ৰদায়ৰ লোকক চৰম অপমান কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে দেশৰ সাংবিধানিক ব্যৱস্থাক ৰাহুল গান্ধীয়ে অপমান কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা গৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত 'কংগ্ৰেছ নেতা ৰাহুল গান্ধী মুৰ্দাবাদ' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে কংগ্ৰেছ নেতাগৰাকীক অতি সোনকালে ক্ষমা খোজাৰ দাবী জনাই, ভৱিষ্যতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এনেধৰণৰ মন্তব্যৰে অপমান কৰাৰ পৰা বিৰত থাকিবলৈ দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি সাংসদ আজমলৰ দুখ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.