ETV Bharat / state

দুৰ্ঘটনাত পতিত অৰুণাচলৰ বিধায়ক নিনং এৰিং - Ninong Ering Car Accident

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 5:27 PM IST

দুৰ্ঘটনাত পতিত অৰুণাচলৰ বিধায়ক নিনং এৰিং
দুৰ্ঘটনাত পতিত অৰুণাচলৰ বিধায়ক নিনং এৰিং

Accident in Pasighat : শনিবাৰে দুৰ্ঘটনাত পতিত হ’ল অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিং ৷ দুৰ্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত হৈছে অৰুণাচলৰ বিধায়ক এৰিং ৷

তেজপুৰ, 13 এপ্ৰিল : আকৌ অঘটন ৷ এইবাৰ দুৰ্ঘটনাত পতিত হ’ল অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিং ৷ জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পাছিঘাট পশ্চিমত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় বিধায়ক নিনং এৰিং ৷ তথ্য অনুসৰি, নিনং এৰিং হৈছে অৰুণাচলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ পাছিঘাট বিধানসভাৰ বিজেপি বিধায়ক ৷

বিৱৰণি অনুসৰি, ইষ্ট ছিয়াং জিলাৰ চিলে গাঁৱত আজি নিনং এৰিঙৰ AR 09C 0021 নম্বৰৰ বাহনখন এখন টাটা চুম’ৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয় । এই দুৰ্ঘটনাৰ ফলত এৰিঙে মূৰ আৰু হাতত সামান্য পৰিমাণে আঘাত পায় । ঘটনা সংঘটিত হোৱাৰ পিচতে আঘাতপ্ৰাপ্ত নিনং এৰিঙক তৎকালীনভাৱে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, তেওঁৰ স্বাস্থ্য ঠিকেই আছে যদিও চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে ৷

জানিব পৰা মতে, এৰিং পাছিঘাটৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলত যোগদান কৰে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । এৰিঙে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শনিবাৰে পুৱা ঘৰৰ পৰা ওলাই যায় ৷ তেতিয়াই এৰিং এই দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে ।

অৰুণাচল প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ’ব ৷ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ইতিমধ্যেই ৰাজ্যখনৰ শাসকীয় দলৰ ১০ জনকৈ বিধায়কে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় লাভ কৰিছে । ইয়াৰ ভিতৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপমুখ্যমন্ত্ৰী চাউনা মিনে বিজয় সাব্যস্ত কৰিছে ।

মুঠ ১০ জন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ৷ য’ত আছে 20 নং তালিৰ পৰা জিকে টাকো, 23 নং তালহাৰ পৰা ন্যাটো ডুকম, 15 নং ছাগালীৰ পৰা ৰাতু টেচি, 43 নং ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথি, 17 নং জিৰো হাফলি হেগে অপপা, 13 নং ইটনাগাৰ টেচি কাসু, 7 নং বমডিলা ডাংৰো ছিংজু আৰু 45 নং হায়ুলিয়াং দাচাঙলু পলয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে ।

লগতে পঢ়ক : গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক - Rhino terror

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.