ETV Bharat / state

চাহ জনগোষ্ঠীৰ মৌলিক সমস্যা সমাধানৰ আশ্বাস সৰ্বানন্দ সোণোৱালৰ - PATOR SAMAJ KUTUMBA SAMMELAN

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 8:03 PM IST

Union Minister Sarbananda Sonowal
চাহ জনগোষ্ঠীয় পাতৰ সমাজ কুটুম্ব সন্মিলন

Union Minister Sarbananda Sonowal:মাদল বজাই ডিব্ৰুগড়ৰ ডিকম চেঁচাত চাহ জনগোষ্ঠীয় পাতৰ সমাজ কুটুম্ব সন্মিলনত সৰ্বানন্দ সোণোৱাল । পাতৰ সমাজ বহুত আগুৱাই যাব বুলি মন্তব্য় সৰ্বানন্দ সোণোৱালৰ ।

চাহ জনগোষ্ঠীয় পাতৰ সমাজ কুটুম্ব সন্মিলন

মৰাণ,৩১ মাৰ্চ:ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । ভোটাৰক আকৰ্ষণ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও প্ৰচাৰত ব্যস্ত হৈছে । আজি ডিকম চেঁচাত অনুষ্ঠিত চাহ জনগোষ্ঠীয় পাতৰ সমাজ কুটুম্ব সন্মিলনত অংশ গ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে এই জনগোষ্ঠীটো অতি শৃংখলাবদ্ধ আৰু সাংস্কৃতিক প্ৰেমী বুলি মন্তব্য় কৰে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে চাহ জনগোষ্ঠীৰ পাতৰ সমাজ বহুত আগুৱাই যাব বুলি মন্তব্য় কৰে ।

ডিকম চেঁচা চাহ বাগিচাত দুদিনীয়াকৈ অনুষ্ঠিত চাহ জনগোষ্ঠীয় পাতৰ সমাজৰ কুটুম্ব সন্মিলনৰ সামৰণিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানত উপস্থিত হোৱাৰ পাছতেই সংগঠনটোৱে সোণোৱালক উষ্ম আদৰণি জনায় । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিগত বৰ্ষৰ বিজেপি চৰকাৰে কৰা কামৰ কথা কৈ তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কয়,"এই জনগোষ্ঠীটো অতি শৃংখলাবদ্ধ আৰু সাংস্কৃতিক প্ৰেমী । চাহ জনগোষ্ঠীৰ পাতৰ সমাজ বহুত আগুৱাই যাব ।" লগতে চাহ জনগোষ্ঠীয় ৰাইজৰ মৌলিক সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে সৰ্বানন্দ সোণোৱালে । লোকসভা নিৰ্বাচনৰ পূৰ্বে বাগিচাই বাগিচাই চাহ শ্ৰমিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল তাক যেন মষিমূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে সৰ্বানন্দ সোণোৱালে । আজি অনুষ্ঠানটোত সোণোৱালৰ সৈতে আটছাৰ প্ৰাক্তন নেতা ৰাজেন কুমাৰ , দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা,অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে । এই অনুষ্ঠানটোত সৰ্বানন্দ সোণোৱালে মাদল বজাই উপস্থিত ৰাইজক আমোদ দিয়ে ।

লগতে পঢ়ক:একবিংশ শতিকা মহিলাসকলৰ শতিকা: সৰ্বানন্দ সোণোৱাল - Union Minister Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.