ETV Bharat / state

গেৰুৱা হৈয়েই কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:19 PM IST

Bismita Gogoi Joins BJP : কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা প্ৰাক্তন মন্ত্ৰী তথা সদ্য প্ৰাক্তন কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈৰ ৷ কংগ্ৰেছৰ বৰ্তমানৰ নেতা-কৰ্মী সকলৰ মাসিকতাত বিতুষ্ট হোৱা বুলি সদৰী কৰে তেওঁ ৷

Bismita Gogoi Joins BJP
গেৰুৱা বসন পৰিধান কৰিলে বিস্মিতা গগৈয়ে
কংগ্ৰেছক সমালোচনা বিস্মিতা গগৈৰ

গুৱাহাটী, 28 জানুৱাৰী : বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ দিনত মন্ত্ৰিত্ব লাভ কৰা জেষ্ঠ কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈৰ ৷ দেওবাৰে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই গেৰুৱা বসন পৰিধান কৰিলে তৰুণ গগৈৰ কাৰ্যকালত মন্ত্ৰিত্ব লাভ কৰা খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে ৷

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত গেৰুৱা বসন পৰিধান কৰি কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠে বিস্মিতা গগৈ ৷ অৱশ্যে মাইক হাতত লৈয়ে তেওঁ প্ৰথমে বিজেপি দলক সম্বোধন কৰিবলৈ গৈ ভাৰতীয় জাতীয় বুলি কৈ থমকি ৰৈ পাছত সংশোধন কৰে ৷ অভ্যাসগত কাৰণত তেনে হোৱা বুলি তেওঁ স্বীকাৰ কৰে ৷

বিজেপি দলটোক শক্তিশালী কৰাৰ বাবে সাধাৰণ কৰ্মী হিচাপে কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ হৈ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যপন্থাত তেওঁ আকৰ্ষিত হৈছে ৷ ইফালে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমূল পৰিৱৰ্তন অনা বুলি সদৰি কৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত অসমৰ ৰূপ সলনি হ'ল ৷ আগতে এনে উন্নয়ন কেতিয়াও দেখা নাই বুলি সদৰি কৰি তেওঁ কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

কংগ্ৰেছৰ বৰ্তমানৰ নেতা-কৰ্মী সকলৰ মাসিকতাত বিতুষ্ট হোৱা বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰ এই নেতৃত্বত অসমতেই নহয় ভাৰতত 100 বছৰলৈ কংগ্ৰেছ আৰু আহিব নোৱাৰে ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অংকিতা দত্তক অন্যায় কৰিলে বুলি সদৰী কৰি তেওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰাক লৈ সৰৱ হৈ পৰে ৷ এনেকুৱা নেতৃত্বত কংগ্ৰেছ দল কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বুলি তেওঁ কয় ৷ কংগ্ৰেছ নেতৃত্বৰ মানসিকতাক নিকৃষ্ট আখ্যা দি তেওঁ কয় যে কংগ্ৰেছত তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলিছিল ৷ কংগ্ৰেছত মহিলাৰ সুৰক্ষা নাই বাবেই তেওঁ বিজেপিলৈ আহিছে বুলিও সদৰী কৰে তেওঁ ৷

লগতে পঢ়ক : মই পিন্ধা ব্লাউজক লৈও আলোচনা চলে ৰাজীৱ ভৱনত: বিস্মিতা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.