ETV Bharat / state

হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:57 PM IST

Parakram Diwas at Dima Hasao: ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী পালন । আজাদহিন্দ বাহিনীৰ পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ মোহিত হোজায়ে ।

Parakram Diwas at Dima Hasao
নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী

নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী

হাফলং,২৩ জানুৱাৰী : বীৰ সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰে ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত উদযাপন কৰে নেতাজী জন্মজয়ন্তী উদযাপন কমিটীয়ে । আজি পুৱা ৯ বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিকৃতিসহ এক শোভাযাত্ৰা উলিওৱা হয় । এই শোভাযাত্ৰাই সমগ্ৰ হাফলং চহৰ পৰিভ্ৰমণ কৰি হাফলং চহৰৰ নেতাজীৰ মূৰ্তিৰ ওচৰতে অন্ত পৰে । ইয়াৰ পিচতে হাফলং চহৰত থকা নেতাজীৰ মূৰ্তিত শ্ৰদ্ধা জনোৱা হয় ৷ আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ মোহিত হোজাইসহ বহু বিশিষ্ট ব্য়ক্তি ।

দুপৰীয়া ১২:১২ বজাত নেতাজীৰ জন্মলগ্ন ঘোষণা কৰি আজাদহিন্দ বাহিনীৰ পতাকা উত্তোলন কৰে মোহিত হোজায়ে । উল্লেখ্য যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীক পৰাক্ৰম দিৱস হিচাবে ঘোষণা কৰি চৰকাৰে ইতিমধ্য়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । আজিৰ এই পৰাক্ৰম দিৱসত হাফলং সাংস্কৃতিক ভৱনত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ মোহিত হোজাই, পৰিষদৰ সদস্য ধনপাইনন থাওচেন, ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক মায়ংক কুমাৰ আৰু নেতাজী জন্ম জয়ন্তী উদযাপন কমিটীৰ সভাপতি গোপা চৌধুৰীয়ে ।

ইয়াৰ পিচতে হাফলং চহৰত থকা স্বাধীনতা সংগ্ৰামী সকলৰ মূৰ্তিত শ্ৰদ্ধা জনায় নেতাজী জন্মজয়ন্তী উদযাপন কমিটীৰ সদস্য সকলে । নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজক সকলে বৌছ কাপ বাস্কেটবল প্ৰতিযোগিতাৰ আয়োজন কৰে । এই প্ৰতিযোগিতাত অসম বাস্কেট বল এছোচিয়েচনৰ সাধাৰণ সম্পাদক অনুসূয়া বৰুৱা উপস্থিত থাকে । তদুপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:ৰামলালা দৰ্শনৰ বাবে পুৱতি নিশাৰে ৰাম মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.