ETV Bharat / bharat

ৰামলালা দৰ্শনৰ বাবে পুৱতি নিশাৰে ৰাম মন্দিৰত ভক্তৰ ভিৰ

author img

By ANI

Published : Jan 23, 2024, 9:29 AM IST

Updated : Jan 23, 2024, 12:07 PM IST

Heavy rush outside Ram Temple : ৰাম মন্দিৰত পুৱতি নিশাৰ পৰা ভক্তৰ ভিৰ ৷ সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে পূজা-অৰ্চনাৰ বাবে মঙলবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে ৰাম মন্দিৰত ৷

heavy rush outside ram temple in ayodhya
ভগৱান ৰামৰ দৰ্শনৰ বাবে পুৱাৰ পৰা ভক্তৰ ভিৰ ৰাম মন্দিৰত

নিউজ ডেস্ক, 23 জানুৱাৰী : ধৰ্মীয় ৰীতি নীতিৰে সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰণ প্ৰতিষ্ঠা কৰা হ’ল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে এক জনসভা সম্বোধন কৰি কৈছিলে, ‘‘ভগৱান শ্ৰীৰামৰ ওচৰত মই ক্ষমা বিচাৰিছো ৷ বছৰ বছৰ তপস্যাৰ অন্তত অৱশেষত অযোধ্যালৈ ৰাম আহিল ৷’’

আনহাতে সোমবাৰে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত, ভগবান ৰামৰ দৰ্শনৰ বাবে মঙলবাৰে পুৱতি নিশাৰে পৰা মন্দিৰৰ মুখ্য দুৱাৰত ভক্তৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে । প্ৰাৰ্থনা কৰিবলৈ আৰু ৰামলালা দৰ্শন কৰিবলৈ পুৱা 3 বজাৰ পৰা ভক্তৰ সমাগম হৈছে ৷ কাৰণ অযোধ্যাৰ ৰাম মন্দিৰ আজিৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ।

সমগ্ৰ দেশতে শ্ৰীৰামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছিল ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা অহা ভক্তৰ উপস্থিতি সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৷ সোমবাৰে দুপৰীয়া 12.29 বজাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠ কৰা হৈছিল ৷

উল্লেখ্য যে, প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত ৰাম লালাৰ মূৰ্তি উন্মোচন কৰা হৈছিল । পৰম্পৰাগত নাগাৰা শৈলীত নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ দৈৰ্ঘ (পূব-পশ্চিম) 380 ফুট আৰু প্ৰস্থ 250 ফুট । ই 161 ফুট উচ্চ, মুঠ 392 টা স্তম্ভ আৰু 44 খন দুৱাৰৰ আছে । মন্দিৰৰ স্তম্ভ আৰু দেৱালবোৰত হিন্দু দেৱতা, দেৱ-দেৱীৰ ভাস্কৰ্যযুক্ত চিত্ৰপ্ৰদৰ্শন কৰা হৈছে ।তলৰ মহলাত থকা গৰ্ভগৃহত ভগৱান শ্ৰী ৰামৰ (শ্ৰী ৰামলালাৰ মূৰ্তি) শৈশৱৰ ৰূপ সিংহাসনত অধিষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক : দেশৰ ৫০ টা দেৱ বাদ্যযন্ত্ৰৰ ধ্বনিৰে মুখৰিত অযোধ্যা

Last Updated : Jan 23, 2024, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.