ETV Bharat / state

বঢ়মপুৰৰ অসম উৎসৱত কঁকাল ভাঙি নাচিলে পাঁচ শতাধিক নাচনীয়ে - Bihu Dance

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:39 PM IST

Bihu Dance: পাঁচ শতাধিক নাচনীৰ মুকলি বিহু প্ৰদৰ্শনে বঢ়মপুৰত সৃষ্টি কৰিলে দৃষ্টিনন্দন পৰিৱেশ । ঢুলীয়াৰ ঢোলৰ চাপৰত কঁকাল ভাঙি নাচিলে সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ বিহুৱতীয়ে ।

Bihu Dance
Barhampur Bihu program
বঢ়মপুৰৰ অসম উৎসৱ

নগাঁও, ১৬ এপ্ৰিল: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত মঙলবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত সমন্বয়ৰ বাৰ্তাবাহক "অসম উৎসৱ"ৰ প্ৰথম কাৰ্যসূচীত প্ৰদৰ্শন কৰা হয় মুকলি বিহু । মঙলবাৰে বিয়লি অনুষ্ঠিত হোৱা মুকলি বিহুৱে ঐতিহাসিক বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে ৷ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি বঢ়মপুৰক সকলোৱে একত্ৰিতভাৱে বিহু প্ৰদৰ্শন কৰি পৰিণত কৰিলে সমন্বয়ৰ এক উৎসৱস্থলীলৈ ।

ব'হাগ বিহুত মুকলি বিহু প্ৰদৰ্শনৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা চলি আছিল বিহু কৰ্মশালা ৷ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ পাঁচ শতাধিক নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াই একেলগে প্ৰদৰ্শন কৰে বিহু নৃত্য । প্ৰতিকূল বতৰকো নেওচি চাৰিওফালে অগণন শ্ৰোতা-দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ৰঙালী বিহুৰ এক অন্যন্য বাতাবৰণৰ মাজত "অসম উৎসৱ"ৰ এই মুকলি বিহু অনুষ্ঠিত হৈছে আৰু অনাগত দিনত বঢ়মপুৰৰ এই "অসম উৎসৱ" অসমৰ উৎসৱৰূপে প্ৰতিষ্ঠিত কৰিবলৈ আশাবাদী উদ্যোক্তা সমিতি ।

উল্লেখ্য যে ২০২২ বর্ষত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বঢ়মপুৰৰ "অসম উৎসৱ" এ । মুকলি বিহুৰ পাচতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বিহুদলৰ বিহুনৃত্য, জেংবিহু, লোকবাদ্য, লোকনৃত্য আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য আদিও প্ৰদৰ্শন কৰা হয় আৰু নিশালৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী "প্ৰাণদীপ"ৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

স্মর্তব্য যে ,বঢ়মপুৰৰ উন্নয়নৰ ক্ষেত্ৰত অসম উৎসৱৰ এক ভূমিকা আছে আৰু অসমৰ উন্নয়নৰ ক্ষেত্ৰতো এই উৎসৱে গ্ৰহণ কৰিব এক যোগাত্মক ভূমিকা ৷

লগতে পঢ়ক: তাঁত বিহুৰ তাৎপৰ্য বিশ্লেষণ ড৹ জয়ন্ত দেৱ শর্মাৰ - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.