ETV Bharat / state

প্ৰসংগ : ৰাহুল গান্ধীৰ body double: মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেন বৰাৰ

Bhupen Bora reacts on CM allegation : চৰ্চাত ৰাহুল গান্ধীৰ body double ৰ প্ৰসংগ ৷ ৰাহুল গান্ধীৰ body double ক লৈ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই সমালোচনাক প্ৰত্যুত্তৰ দিলে ভূপেন বৰাই ৷

Bhupen Bora reacts on CM allegation
মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেন বৰাৰ
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 5:43 PM IST

2 Min Read
Choose ETV Bharat
মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেন বৰাৰ

গুৱাহাটী, ২৭ জানুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচল স্বৰূপ ৰাহুল গান্ধীয়ে পুংখানুপুংখভাৱে উদঙাই দিয়াত তেওঁৰ হতাশা চৰম পৰ্যায় পাইছেগৈ । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । উল্লেখ্য যে, আঠদিনীয়া কাৰ্যসূচীৰে ৰাহুল গান্ধীয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিলে । ৰাহুল গান্ধীৰ এই যাত্ৰাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কঠোৰ সমালোচনা কৰাৰ লগতে ৰাহুল গান্ধীৰ body double ৰ প্ৰসংগ চৰ্চালৈ আনিছিল ।

মুখ্যমন্ত্ৰীৰ মতে ৰাহুল গান্ধীয়ে তেওঁৰ ন্যায় যাত্ৰাৰ সময়ত নিজৰ ডুপ্লিকেট ব্যৱহাৰ কৰিছিল । ন্যায় যাত্ৰাৰ বিশেষ বাহনখনৰ ওপৰত সততে ৰাহুল গান্ধীৰ body double দেখা পোৱা গৈছিল বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ উদ্ধৃতিৰে সমালোচনা কৰিছিল । মুখ্যমন্ত্ৰীৰ এই অভিযোগ নস্যাৎ কৰি শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প'লিটিকেল প'ষ্ট মৰ্টেম কৰি ৰাইজৰ আগত দাঙি ধৰাত তেওঁ হতাশগ্ৰস্ত হৈ পৰিছে ।

ৰাহুল গান্ধীয়ে দাঙি ধৰা সকলো কথা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ চকুত পৰিছে বুলি সদৰী কৰি ভূপেন বৰাই কয় যে ইয়াৰ পূৰ্বে এনে অভিযোগৰ বাবেই কৰ্ণাটক আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী সলনি কৰিব লগীয়া হৈছিল । মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা দেখুৱালেও ভিতৰৰ পৰা শংকিত হৈছে । মুখ্যমন্ত্ৰীয়ে এটা কথা ভালদৰে জানে যে ৰাহুল গান্ধীৰ আক্ৰমণত তিষ্ঠি থাকিব নোৱাৰি বিজেপিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সলনি কৰিছিল । তেনে আক্ৰমণ অসমত আৰম্ভ হৈছে বুলি সদৰী কৰি তেওঁ কয় যে কি হ'বলৈ গৈ আছে বেলেগে নুবুজিলেও হিমন্ত বিশ্ব শৰ্মাই ভালদৰে বুজি পায় ।

খেল এতিয়া আৰম্ভ হৈছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । উজনি অসমত মানুহ হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰত্যাহ্বান জনাই কয় যে প্ৰিয়ংকা গান্ধীৰ পদযাত্ৰা লাইভ কৰাৰ বাবে লিখিত অনুৰোধ জনাম । অৱশ্যে তেওঁ এটা বিশেষ টিভি চেনেলৰ কথা উল্লেখ কৰে । যিটো চেনেলক লাইভ কৰাৰ বাবে সকলো সুবিধা কৰি দিয়াৰ কথা তেওঁ সদৰী কৰে ।

লগতে পঢ়ক : চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা