মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ভূপেন বৰাৰ - defamation case against CM himanta
Bhupen Bora files Rs 10 crore defamation case against CM : ৰাজ্যত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ শাসক-বিৰোধীয়ে ইজনে সিজনক বোকা ছটিওৱাৰ ৰাজনীতি অব্য়াহত ৰাখিছে ৷ এইবাৰ ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি শ’লঠেকত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ভূপেন কুমাৰ বৰাৰ ৷

Published : April 4, 2024 at 5:54 PM IST
গুৱাহাটী, ৪ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰিছে । যোৱা মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালত ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাৱমূৰ্তি নষ্ট হ'ব পৰা মন্তব্যৰ বাবেই ভূপেন বৰাই আদালতত TS 163/2024 নম্বৰত গোচৰ তৰিছে । গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীভূক্ত হৈছে ।
গোচৰটোত উল্লেখ কৰা মতে ভূপেন বৰাৰ ৰাজহুৱা ভাৱমূৰ্তি আৰু কংগ্ৰেছ দলৰ ক্ষতি হ'ব পৰা মুখ্যমন্ত্ৰী শৰ্মাই কেতবোৰ মন্তব্য কৰিছে । বিশেষকৈ ভূপেন বৰাই শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহিব জাতীয় অনেক ধৰণৰ কথা কোৱাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আদালতৰ দ্বাৰস্থ হৈছে ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেবাগৰাকীও কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে । তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভিন্ন স্থানত সংবাদমাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অচিৰেই বিজেপিলৈ আহিব বুলি দাবী কৰাৰ লগতে তেওঁ ভূপেন কুমাৰ বৰাই বিজেপিলৈ আহিলে তেওঁক ৰাজকীয়ভাৱে স্বাগতম জনোৱা হ’ব বুলিও মত প্ৰকাশ কৰিছিল ৷ আনহাতে ভূপেন কুমাৰ বৰাই বিজেপিলৈ আহিলে মুখ্যমন্ত্ৰী হ’বলৈও বাট মোকলাই দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ৷
তাৰ পিচতে বিষয়টোয়ে চৰ্চা লাভ কৰিছিল । লক্ষণীয় যে, আদালতে এতিয়ালৈকে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা নাই।
লগতে পঢ়ক: কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান অলিম্পিয়ান বক্সাৰ বিজেন্দৰ সিঙৰ - VIJENDER SINGH QUITS CONGRESS

