ETV Bharat / state

বৰপেটা হাব: আপুনি বিচাৰিলেই পাব সকলো

থলুৱা উদ্যোগসমূহত উৎপাদিত সামগ্ৰী একেস্থানতে চাবলৈ আৰু ক্ৰয় কৰিবলৈ পোৱাৰ সুবিধা ।

Inauguration of Barpeta Hub
বৰপেটা হাব মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 7:36 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: বৰপেটালৈ আহক । নিজৰ পচন্দৰ গামোচা, অসমীয়া গহনা, কাঁহৰ সামগ্ৰী, বৰপেটাৰ বাঁহ-বেতৰ উদ্যোগৰ সামগ্ৰীৰ লগতে থলুৱা খাদ্য সম্ভাৰৰ জুতি ল'ব পাৰিব । আপুনি কোনো কষ্টই কৰিব নালাগে । মনে বিচৰা এই সকলোবোৰ মাত্ৰ এখন চালিৰ তলতেই লাভ কৰিব । বৰপেটা সত্ৰ পৰিদৰ্শন কৰিবলৈ অহা লোকসকলৰ লগতে এইফালেদি যোৱা সকলোৱেই বিনা কষ্টতেই সকলোবোৰ পাব ।

অসম চৰকাৰ আৰু বৰপেটা জিলা উদ্যোগ বিভাগৰ উদ্যোগত সোমবাৰে বৰপেটাত জিলাখনৰ বিভিন্ন ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰিব পৰাকৈ এটা কেন্দ্ৰ মুকলি কৰা হয় । 'বৰপেটা হাব' নামেৰে জিলা উদ্যোগ বিভাগৰ পুৰণি ভৱনত স্থাপন কৰা এই কেন্দ্ৰটো আজি মুকলি কৰে জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই । বৰপেটা জিলা উদ্যোগ বিভাগৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক প্ৰাঞ্জল ৰাজমেধিয়ে এই সন্দৰ্ভত কয়, "বৰপেটাত বহু উল্লেখযোগ্য ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে । তেনে উদ্যোগসমূহৰ অধিক প্ৰসাৰ তথা প্ৰচাৰৰ লক্ষ্যৰে জিলাখনত প্ৰথমটো এনে কেন্দ্ৰ স্থাপন কৰা হৈছে । এই কেন্দ্ৰটোৱে পৰ্যটনৰ ক্ষেত্ৰতো বৰপেটা জিলাক সহায় কৰিব । কাৰণ বৰপেটালৈ ফুৰিবলৈ অহা যিকোনো লোকে ইয়াত জিলাখনৰ থলুৱা উদ্যোগসমূহত উৎপাদিত সামগ্ৰী একেস্থানতে চাবলৈ আৰু ক্ৰয় কৰিবলৈ সক্ষম হ'ব ।"

বৰপেটা হাব মুকলি (ETV Bharat Assam)

বৰপেটা জিলা উদ্যোগ বিভাগৰ ভাৰপ্ৰাপ্ত মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে বৰপেটা হাবত বৰপেটাৰ আতচবাজি, জি আই টেগপ্ৰাপ্ত অসমীয়া গামোচা, অসমীয়া গহনা, কাঁহৰ সামগ্ৰী, বৰপেটাৰ বাঁহ-বেতৰ উদ্যোগৰ সামগ্ৰী, ধূপ উদ্যোগৰ সামগ্ৰী, অসমীয়া খাদ্য আদিৰ প্ৰতিষ্ঠান আজি মুকলি কৰা হয় । পৰৱৰ্তী সময়ত এই সংখ্যা আৰু বৃদ্ধি হ'ব ।‌ জিলাখনৰ ক্ষুদ্ৰ অৰু মজলীয়া উদ্যোগসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য লৈ এই কেন্দ্ৰটো মুকলি কৰা হয় বুলিও ৰাজমেধিয়ে কয় । আজিৰ পৰাই এই কেন্দ্ৰটো ৰাইজৰ বাবে মুকলি কৰা হৈছে ।

লগতে পঢ়ক:জি আই টেগে সুৰক্ষিত কৰিবনে অসমীয়া গহনাৰ ভৱিষ্যৎ ? - GI TAG FOR ASSAMESE JEWELLERY

সোণ-ৰূপৰ দিন উকলিল, বাঁহৰ গহনাৰেই শুৱনি কৰক নিজকে - BAMBOO LADY OF INDIA NEERA SHARMA