ETV Bharat / state

জি আই টেগে সুৰক্ষিত কৰিবনে অসমীয়া গহনাৰ ভৱিষ্যৎ ? - GI TAG FOR ASSAMESE JEWELLERY

অসমীয়া গহনাই জি আই টেগৰ স্বীকৃতি লাভ কৰাৰ পিছতো আশংকাত একাংশ ব্যৱসায়ী !

GI Tag for Assamese Jewellery
জি আই টেগে সুৰক্ষিত কৰিব নে অসমীয়া গহনাৰ ভৱিষ্যৎ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 1:54 PM IST

4 Min Read

ধেমাজি: সমাগত ৰঙালী বিহু । তাৰ প্ৰাকক্ষণত শেহতীয়াকৈ অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি । যাক লৈ ৰাজ্যত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । অসমীয়া গহনা বিক্ৰেতাৰ লগতে ব্যৱসায়ীসকলৰ মুখতো হাঁহি বিৰিঙিছে । অৱশ্যে তাৰ মাজতে কিছুমান বিষয়ক লৈ উদ্বিগ্নতাও প্ৰকাশ কৰিছে বিক্ৰেতা তথা সাধাৰণ গ্ৰাহকে ।

বিহুৰ প্ৰাকক্ষণত অসমীয়া গহনাৰ চাহিদা বৃদ্ধি

জি আই টেগে সুৰক্ষিত কৰিবনে অসমীয়া গহনাৰ ভৱিষ্যৎ (ETV Bharat)

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্যাপক আনন্দ উলাহ দেখা গৈছে । বিহু দল তথা বিহুৱতীসকলো সাজু হৈছে ৷ যাৰ বাবে যুৱতী-মহিলাসকলে পৰম্পৰাগত গহনা বিচাৰি সকলো স্বৰ্ণ বিপণি আৰু মনোহাৰী দোকানত ভিৰ কৰিছে । কিয়নো ৰঙালী বিহু বুলিলে বিহুৱতী বা নাচনীৰ ডিঙি বা শৰীৰত অসমীয়া গহনা-অলংকাৰৰ গুৰুত্ব বিশেষ । নাচনীয়ে অসমীয়া অলংকাৰ যেনে হাতত গামখাৰু, ডিঙিত পোৱালমণি, গলপতা, জোনবিৰি, থুৰীয়া, কেৰু, দুগ্দুগি আদি পৰিধান কৰে । এই পৰম্পৰাগত গহনা তথা অলংকাৰ বিচাৰি বিপণিত ভিৰ কৰিছে গ্ৰাহকে । ধেমাজি নগৰৰ "সোৱণশিৰি কেঁচাসোণ" নামৰ অসমীয়া পৰম্পৰাগত অলংকাৰ উপলব্ধ বিপণিলৈ আগমন হৈছে মহিলা গ্ৰাহকৰ ।

GI Tag for Assamese Jewellery
অসমীয়া গহনা (ETV Bharat)

জি আই টেগে ৰক্ষা কৰিবনে পৰম্পৰাগত অলংকাৰ ?

ৰঙালী বিহুৰ প্ৰাকক্ষণত চৰকাৰে অসমীয়া গহনাক জি আই টেগৰ স্বীকৃতি প্ৰদান কৰাৰ লগে লগে অসমীয়া গহনা বিক্ৰেতাসকল উৎফুল্লিত হৈ পৰিছে ৷ ইফালে অসমীয়া গহনাই জি আই টেগৰ স্বীকৃতি লাভ কৰাৰ পিছতে এতিয়াৰে পৰা বজাৰত সহজতে কম দামত উপলব্ধ গহনা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি আশা কৰা হৈছে । এনে পৰিস্থিতিত একাংশ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাৰ লগতে নাচনীয়ে অধিক দামত সেইবোৰ ক্ৰয় কৰিব নোৱাৰিব বুলিও আশংকা কৰা হৈছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত স্বৰ্ণ ব্যৱসায়ী দ্বীপেন কোঁৱৰে কয়, "প্ৰকৃততে অসমীয়া বিহু নাচনীৰ গহনা বুলি ক'লে জোনবিৰি, মাদলী, দুগ্দুগি আদি পৰে যদিও মুখ্যতঃ মাদলী আৰু জোনবিৰিটোকে বেছিকৈ ব্যৱহাৰ কৰা হয় ৷ যোৱা বছৰৰ পৰা জোনবিৰি, মাদলী আৰু পোৱালমণি বেছিকৈ ব্যৱহাৰ হৈছে । সেই হিচাপে বিহুপ্ৰেমী ৰাইজৰ বা নাচনীৰ বাবে প্ৰয়োজনীয় সকলো অলংকাৰ মজুত আছে ৷"

GI Tag for Assamese Jewellery
অসমীয়া গহনা (ETV Bharat)

জি আই টেগৰ পিছতো কিয় উদ্বিগ্ন ব্যৱসায়ী

অসমীয়াৰ গহনাৰ প্ৰতি অহা সংকটৰ সময়তে চৰকাৰে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি প্ৰদান কৰাত স্বৰ্ণ ব্যৱসায়ীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে যদিও অসমীয়া গহনাক একাংশ বহিৰাগত ব্যৱসায়ীয়ে নকল কৰি অহা বুলি তেওঁ মন্তব্য কৰে ৷

GI Tag for Assamese Jewellery
অসমীয়া গহনা (ETV Bharat)

তেওঁ কয়, "জি আই টেগ কৰা কাৰণে উৎফুল্লিত ৷ কিন্তু একেবাৰে যদি সঁচা কথা ক'বলৈ যাওঁ অসমীয়া গহনাৰ নামত বহিৰাগত নিৰ্মাতাই থলুৱা ডিজাইনখিনি মষিমূৰ কৰি এনেকুৱা কিছুমান ডিজাইনৰ সৃষ্টি কৰিছে যিবোৰ অসমীয়া ডিজাইনৰ নামত কলংক ৷ মই যি সামান্য বিবেকে ঢুকি পাইছো । অসমীয়া জোনবিৰি, দুগ্দুগি আদি ফাঁচীবজাৰৰ পৰা অসমৰ বিভিন্ন স্থানলৈ ৰপ্তানি হয় ৷ এইবোৰ দিল্লী, গুজৰাট আদিত নিৰ্মাণ কৰে ৷ যিবোৰ ২০০-৩০০ টকাতে বিক্ৰী কৰা হয় ৷ তাত অসমীয়া ডিজাইনৰ কোনো স্থান নাই ৷ যাৰ বাবে অসমীয়া গহনাৰ প্ৰতি আকৃষ্ট হৈ বাহিৰৰ লোকে কম দামত কিনাৰ পিছত অসমীয়া গহনাৰ প্ৰতি মোহভংগ হয় ৷ অনা অসমীয়া বা বহিঃৰাজ্যৰ লোকৰ মনত অসমীয়া গহনাৰ আদৰ কমে । অনাগত দিনত আন কোনো জাতিয়েই অসমীয়া গহনাক আদৰি নলয় আৰু কোনো মৰম চেনেহ বোলা বস্তুটো নাথাকিব ৷ গতিকে জি আই টেগ কৰিছে ভাল হৈছে ৷"

GI Tag for Assamese Jewellery
অসমীয়া গহনাৰ বিপণি (ETV Bharat)

ইফালে জি আই টেগক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে যদিও ইয়াৰ ফলত কেৱল ধনী শ্ৰেণীয়েহে গহনা ক্ৰয় কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে একাংশ সাধাৰণ মধ্যবিত্ত অসমীয়াই অধিক দামত অসমীয়া গহনা ক্ৰয় কৰিবলৈ সমৰ্থ নহ'ব বুলিও সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীয়ে । ব্যৱসায়ী দ্বীপেন কোঁৱৰে কয় যে আগন্তুক দিনত জি আই টেগৰ চৰ্তাৱলীৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিব । তেওঁ লগতে অসমীয়া গহনাৰ মান সুৰক্ষিত কৰাৰ বাবে বজাৰত উপলব্ধ কম দামৰ নকল অসমীয়া গহনা ক্ৰয় নকৰিবলৈও ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক :ৰঙালী বিহুৰ প্ৰাকক্ষণত সুখবৰ; অসমীয়া গহনালৈ জি আই টেগ - GI TAG

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.