ETV Bharat / state

সোণ-ৰূপৰ দিন উকলিল, বাঁহৰ গহনাৰেই শুৱনি কৰক নিজকে - BAMBOO LADY OF INDIA NEERA SHARMA

গোলাঘাটত বাঁহেৰে নিৰ্মিত গহনাৰ এখন প্ৰদশৰ্নীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এডাল বাঁহৰ পৰা লাখ টকা কেনেকৈ উপাৰ্জন কৰিব পাৰিব ?

Neera Sharma
বাঁহৰ গহনাৰেই শুৱনি কৰক নিজকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 31, 2025 at 5:54 PM IST

3 Min Read

গোলাঘাট: বাৰীৰ চুকৰ বাঁহজোপাৰ পৰা আপুনিও উপাৰ্জন কৰিব পাৰিব লাখে লাখে ধন ৷ কিন্তু তাৰ বাবে আপোনাৰ লাগিব ধৈৰ্য, একাগ্ৰতা, আৰু নিষ্ঠা । গোলাঘাট নগৰত অনুষ্ঠিত হৈ থকা তৃতীয় উত্তৰ-পূব ফুল আৰু বাঁহ মহোৎসৱত বাঁহেৰে নিৰ্মিত বিভিন্ন ধৰণৰ গহনা প্ৰদৰ্শনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

নিবনুৱা যুৱক-যুৱতীসকলক এই কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বেম্বো লেডী অফ ইণ্ডিয়া খ্যাত নগাঁও জিলাৰ নীৰা শৰ্মাই বাঁহেৰে নিৰ্মিত বিভিন্ন ধৰণৰ গহনাৰ প্ৰদৰ্শনী কৰে । বিশেষকৈ বাঁহেৰে নিখুঁতভাৱে তৈয়াৰ কৰা কাণফুলি, খাৰু, গহনা আদি প্ৰদৰ্শন কৰে তেওঁ । বাঁহেৰে তৈয়াৰ কৰা গহনা ভাৰতবৰ্ষৰ লগতে বিদেশতো ইয়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।

বাঁহৰ গহনায়েও শুৱনি কৰিব আপোনাক (ETV Bharat Assam)

এই সম্পৰ্কে নীৰা শৰ্মাই কয়, "বাঁহৰ গহনা খুব জনপ্ৰিয় হৈ পৰিছে ৷ কাৰণ সোণ আৰু ৰূপৰ দাম বৃদ্ধি পাইছে আৰু বেম্বোক সেউজীয়া সোণ বুলি কয় । বাঁহেৰে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয় ৷ কিন্তু মই ২০০০ চনৰ পৰা গহনা বনাবলৈ আৰম্ভ কৰিছিলো ৷ মোৰ পিতৃৰ পৰা বাঁহৰ কাম শিকিছিলো । পাছত গহনা বনাই মই নিজে পিন্ধিবলৈ আৰম্ভ কৰিলো, তেতিয়া ৰাইজে ভাল পাইছিল ।"

bamboo jewelry
বাঁহৰ কাণফুলি (ETV Bharat Assam)

তেওঁ লগতে কয়, "বিশেষকৈ পৰ্যটকসকল কাজিৰঙা, কামাখ্যা আদিলৈ ফুৰিবলৈ আহে ৷ তেওঁলোকে আমাৰ শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীসমূহ নিবলৈ অসুবিধা হয় ৷ কাৰণ আমাৰ শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীসমূহ সুন্দৰ যদিও যথেষ্ঠ ডাঙৰ হয় ৷ উদাহৰণ স্বৰূপে জাপি বহুত ধুনীয়া । কিন্তু পৰ্যটকে লৈ যাব নোৱাৰে ৷ কাৰণ বিমানত সামগ্ৰী নিয়াৰ ওজন নিৰ্ধাৰণ কৰা থাকে । গতিকে মই চিন্তা কৰিলো গাঁৱৰ দুখীয়া মহিলা সকলৰ দ্বাৰা বাঁহৰ গহনা বনাবলৈ ।"

bamboo jewelry
জাপি নেকলেচ (ETV Bharat Assam)

পূৰ্বৰ অভিজ্ঞতা প্ৰকাশ কৰি শৰ্মাই কয়, "মই বহু কষ্ট কৰিছো ৷ মানুহে মোক লৈ হাঁহিছিল ৷ শ্মশানত বনাগৈ যা, ভূতে পিন্ধিব বুলি ইতিকিং কৰিছিল । কিন্তু এতিয়া ভাৰতবৰ্ষত সকলোতকৈ ধনী মহিলাগৰাকীয়ে মোৰ গহনা পৰিধান কৰে । এডাল বাঁহৰ পৰাই লাখ টকা উপাৰ্জন কৰিব পাৰি ৷"

bamboo jewelry
বাঁহৰ খাৰু (ETV Bharat Assam)

ইয়াৰোপৰি তেওঁ কয়, "এই বাঁহৰ গহনা সোণতকৈ কম নহয় আৰু হেৰুৱালেও দুখ নাই । মই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্থানত গ'লে এই গহনা পৰিধান কৰিলে সকলোৱে চায় ৷ কিন্তু সোণ, হীৰা পৰিধান কৰিলে কোনেও নাচায় । যাৰ বাবে মই নিজে উদ্যোগ লৈ গাঁৱৰ নিবনুৱা যুৱকে বনাঞ্চলৰ পৰা চোৰাংকৈ গছ কাটি বিক্ৰী কৰা বন্ধ কৰিবলৈ কৈ এনেদৰে গহনা তৈয়াৰ কৰি উপাৰ্জন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছো ।"

লগতে পঢ়ক: মে-ডাম-মে-ফিতে ঐতিহাসিক হাবুঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প - ME DAM ME PHI 2025

আৰম্ভ হ'ল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASAM SAHITYA SABHA SESSION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.