এইবাৰ নিৰ্বাচনত মই জয়ী হোৱাটো নিশ্চিত: মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024
Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ভৱিষ্যদ্বাণী কৰিছে বৰপেটাৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে । তেওঁ জয়ী হোৱাটো ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰে । কেৱল এয়াই নহয় এইবাৰ কেন্দ্ৰত 'ইণ্ডিয়া'ৰ চৰকাৰ হ'ব । তালুকদাৰৰ দাবী ৷

Published : April 13, 2024 at 10:25 PM IST
জনীয়া,১৩ এপ্ৰিল : বৰপেটা লোকসভা সমষ্টিৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । শনিবাৰে সমষ্টিটোৰ কুমুল্লীপাৰা, কদমগুৰি, জশিহাটীপাৰা, ঢাকালীয়াপাৰা, জয়পুৰ, চলচলীয়া, লাচাংগা, গুইলেজা, খৰিচালা আদি স্থানত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় । ইফালে খৰিচালা বজাৰত চিপিআই(এম)ৰ এটা নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ভাষণত প্ৰাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ ভাষণত কয় যে দেশত বিজেপি চৰকাৰ হ'লে ভাৰতবৰ্ষৰ সংবিধান পৰিৱৰ্তন কৰি পেলাব, তেতিয়া আমাৰ দেশত ভয়াৱহ বিপদ নামি আহিব, আমাৰ দেশৰ ঐক্য সংহতি ভাতৃত্ববোধ বিনষ্ট হ'ব বুলি তেওঁ দাবী কৰে । সেয়ে সংবিধান ৰক্ষা কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে । বিজেপিক পৰাজিত কৰিবলৈ সমগ্ৰ ৰাইজে চিপিআই(এম)ৰ লগত থাকিব লাগিব বুলি তেওঁ ৰাইজক আহ্বান জনায় । ইফালে বৰপেটাত এইবাৰ তেওঁ জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকীয়ে ।
তেওঁ দাবী কৰা মতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৮ বাৰ বিধায়ক হৈ বিধানসভাত টোপনি মাৰি থকা অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ৰাইজে ভোট নিদিয়ে । আনহাতে কেন্দ্ৰত এইবাৰ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ চৰকাৰ হ'ব বুলিও তেওঁ আশাবাদী । তেওঁৰ মতে বিজেপি দলে এইবাৰে ২০০ খন আসনো নাপায় । চিপিআই(এম)ৰ প্ৰাৰ্থীগৰাকী নিশ্চিত যে বৰপেটাৰ ৰাইজে এইবাৰ বিবেক ভোট দিব ।
মনোৰঞ্জন তালুকদাৰে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ কংগ্ৰেছক দলৰ প্ৰাৰ্থী উঠাই লোৱাৰো পুনৰ আহ্বান জনায় । তালুকদাৰে দাবী কৰা মতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব লাভ কৰিয়েই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ মাতৃৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লৈছিল । তেওঁৰ মতে ইয়াৰ দ্বাৰা স্পষ্ট যে দ্বীপ বায়ন কাৰ প্ৰাৰ্থী । চিপিআই(এম)ৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত দলৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :গৰু বিহুৰ দিনা মাহমৰাত কণী যুঁজত অংশ ল'লে গৌৰৱ গগৈয়ে - Lok Sabha Elections 2024

