ETV Bharat / state

কংগ্ৰেছক তুলাধুনা বদৰুদ্দিন আজমলৰ

Ajmal comment on Congress : "কংগ্ৰেছে মুছলমানসকলৰ বাবে কেৱল জেইল আৰু ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছিল । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ভাট্টা নল’লে ঘৰ নচলে কংগ্ৰেছীৰ ।"- বদৰুদ্দিন আজমল

Badaruddin Ajmal comment against Congress
কংগ্ৰেছক তুলাধূনা বদৰুদ্দিন আজমলৰ
author img

By ETV Bharat Assamese Team

Published : February 4, 2024 at 11:07 AM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছক তুলাধূনা বদৰুদ্দিন আজমলৰ

নগাঁও, 4 ফেব্ৰুৱাৰী : "মই আগতেই কৈছো কংগ্ৰেছ দলটো দল বাগৰা দল ৷ আজি ইফালে বাগৰিলে কাইলৈ সিফালে বাগৰে ৷ কংগ্ৰেছে মুছলমানসকলৰ বাবে কেৱল জেইল আৰু ডিটেনশ্যন কেম্প নিৰ্মাণ কৰিছিল । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ভাট্টা নল’লে ঘৰ নচলে কংগ্ৰেছীৰ । নহ’লে কংগ্ৰেছৰ নেতাই পত্নীৰ খেদা খাব লাগে ৷" ধিঙত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল বদৰুদ্দিন আজমল ৷

শনিবাৰে নিশালৈকে নগাঁৱৰ ধিং সমষ্টিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও বিস্ফোৰক মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে । সংবাদ মাধ্যমৰ আগত বদৰুদ্দিন আজমলে কয় যে, বিগত সময়ত শাসনৰ গাদীত থকাৰ সময়তেই মুছলমানৰ মূৰত বাংলাদেশীৰ লেবেল লগাইছিল কংগ্ৰেছ চৰকাৰে। বিগত 60 বছৰে মুছলমানসকলক কেৱল প্ৰতাৰণা কৰি অহা কংগ্ৰেছে মুছলমানসকলৰ বাবে কেৱল ডিটেনশ্যন কেম্প আৰু জেইল নিৰ্মাণ কৰিলে ৷

কেৱল এয়াই নহয় আৰু এখোজ আগুৱাই গৈ কংগ্ৰেছীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি সাংসদ বদৰুদ্দিন আজমলে কয় যে, বৰ্তমান কোনো প্ৰকৃত কংগ্ৰেছী নাই। কংগ্ৰেছত থকাসকলে এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লোৱা ভাট্টাৰে ঘৰ চলাবলগীয়া হয় । মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা ভাট্টা নল’লে কংগ্ৰেছী সকলে পত্নীৰ পৰা খেদা খাব লাগে বুলিও কটাক্ষ কৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।

ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ 14 খন আসনৰ মাত্ৰ তিনিখন আসনত হে এ আই ইউ ডি এফ দলে প্ৰাৰ্থিত্ব দিয়াৰ কথা উল্লেখ কৰি বদৰুদ্দিন আজমলৰ কয় যে, কংগ্ৰেছীসকলে তিনিখন আসনৰ বাদে আন 11 খন আসনত জয়ী কৰাব পাৰে যদিও সেয়া নকৰে অসম কংগ্ৰেছে।

নগাঁৱৰ ধিং সমষ্টিত নিশালৈকে অনুষ্ঠিত হোৱা সভাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত একপ্ৰকাৰে শক্তি প্ৰদৰ্শন কৰে বদৰুদ্দিন আজমলে।

লগতে পঢ়ক: প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত: প্ৰদ্যুৎ বৰদলৈ