ETV Bharat / state

বিজেপি-কংগ্ৰেছৰ সকলোৱেই ঠগিলে চাহ জনগোষ্ঠীক; ৰাইজক বিবেক ভোটৰ আহ্বান আটছাৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 5:30 PM IST

Lok Sabha election 2024
Tea labours in Assam

Tea labours in Assam: দীর্ঘদিনে কংগ্রেছে ঠগিলে চাহ জনগোষ্ঠীক । কংগ্রেছৰ পৰা বঞ্চনা ভোগ কৰি চাহ জনগোষ্ঠীয়ে বিজেপিক ক্ষমতালৈ অনাত সহায় কৰিছিল । পিছে বিজেপিয়েও ঠগিলে জনগোষ্ঠীটোক । সেয়ে বিজেপি-কংগ্রেছৰ প্ৰতি আস্থা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম চাহ জনজাতি ছাত্র সন্থাই । এইবাৰ জনগোষ্ঠীটোৰ হকে সংসদত মাত মাতিব পৰা প্ৰাৰ্থীক বিবেক ভোট দিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ।

বিবেক ভোটৰ আহ্বান আটছা নেতৃত্বৰ

লখিমপুৰ, ১১ এপ্ৰিল: অসমত এক তৃতীয়াংশ ভোটাৰ থকা চাহ জনগোষ্ঠীয়ে নিৰ্বাচনসমুহত এক নিৰ্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে । ঘাইকৈ বৃহৎ চাহ উদ্যোগৰ সৈতে চাহ জনগোষ্ঠীয়ে উজনিৰ বহুকেইটা সমষ্টিত নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু বাৰে বাৰে যেন বঞ্চনাৰ বলি হয় এইসকল চাহ শ্ৰমিক । সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই দাবী কৰিছে যে চাহ জনগোষ্ঠীক ঠগিলে কংগ্রেছ-বিজেপিয়ে । সেয়ে জনগোষ্ঠীটোৰ হৈ মাত মাতিব পৰা প্ৰাৰ্থীকহে ভোট দিবলৈ আহ্বান আটছাৰ ।

কি কংগ্ৰেছ, কি বিজেপি ? কোনো এখন চৰকাৰেই যেন গুৰুত্ব প্ৰদান নকৰিলে এই জনগোষ্ঠীটোলৈ । চাহ জনগোষ্ঠীয় বহুকেইগৰাকী নেতা কেন্দ্ৰ আৰু ৰাজ্যত মন্ত্ৰী পৰ্যন্ত হ'ল যদিও আজিকোপতি যেন সৰহ সংখ্যক চাহ জনগোষ্ঠীয় লোকেই উপযুক্ত সা-সুবিধা লাভ নকৰিলে । যাৰ বাবে চৰকাৰৰ প্ৰতি মনত অলেখ ক্ষোভ জমা হৈ আছে এইলোক সকলৰ । জনগোষ্ঠীটোৰ অন্যতম শক্তিশালী সংগঠন আটছাই উল্লেখ কৰিছে যে তেওঁলোকে এইবাৰ কাকো বিশ্বাস নকৰে । বিবেক ভোট দি বঞ্চনাৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁলোকে জনায় ।

আটছাৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁলোকে এই মন্তব্য প্ৰকাশ কৰে । আটছাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অৰূপ বৰাইকে কয় যে যোৱা সময়খিনিত চৰকাৰে চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান নকৰিলে । পাঁচ বছৰৰ মূৰে মূৰে ৰাজনৈতিক দলে চাহ জনগোষ্ঠীক কেৱল টোপহে দি আহিছে । অন্যান্য সমস্যাৰ লগতে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি মূল দাবী সেয়া পূৰণ কৰিবলগীয়া আছিল ।

২০১৪ চনৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে ৯০ দিনৰ ভিতৰত চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিল । চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকা লৈ বৃদ্ধি কৰাৰ কথাও কৈছিল । পিছে একোৱেই নহ'ল । শিক্ষা-দীক্ষাৰ পৰা ৰাস্তা-পদুলিৰ উন্নয়ন একোৱেই নহ'ল । চাহ জনগোষ্ঠীৰ নিয়োগৰ ক্ষেত্রত তিনি শতাংশ সংৰক্ষণ মানি লোৱা নহব বুলিও তেওঁলোকে উল্লেখ কৰে ।

তেওঁ আৰু কয় যে এই নিৰ্বাচনত চাহ জনগোষ্ঠীয়ে উপযুক্ত শিক্ষা দিব । বিজেপি-কংগ্রেছ বুলি নহয়, যিজন প্রার্থীয়ে চাহ জনগোষ্ঠীৰ সমস্যাসমুহ সমাধান কৰাৰ বাবে সংসদত সজোৰে মাত মতাৰ প্ৰতিশ্ৰুতি দিব তেনে প্ৰাৰ্থীকহে চাহ জনগোষ্ঠীয়ে সমৰ্থন জনাব ।

আটছাৰ কেন্দ্রীয় সহ সম্পাদক সুনীল তিৰ্কীয়ে কয় যে এসময়ত চাহ জনগোষ্ঠীয়ে কংগ্রেছক সমৰ্থন দি আহিছিল । কিন্তু দীর্ঘদিনে কংগ্রেছে চাহ জনগোষ্ঠীৰ সমস্যাসমুহ সমাধান নকৰিলে । যাৰ বাবে চাহ জনগোষ্ঠীয়ে বিজেপিক ক্ষমতালৈ আনিবলৈ সমৰ্থন দিছিল । পিছে বিজেপিয়েও চাহ জনগোষ্ঠীক ঠগিলে । চাহ জনগোষ্ঠীৰ সমস্যাসমুহ সৰু-সুৰা সমস্যা নহয় বুলি উল্লেখ কৰি তেওঁ কয় চৰকাৰে মূল সমস্যা সমুহৰ পৰা ফালৰি কাটি আছে ।

উন্নয়নৰ নামত কেতবোৰ আঁচনিৰ দ্বাৰা জনগোষ্ঠীৰ উন্নয়ন হোৱাৰ সলনি পিছুৱাইহে দিয়া হৈছে বুলি তেওঁ ক্ষোভ প্ৰকাশ । চাহ বাগিচা এলেকাত শৈক্ষিক সামাজিক পৰিবেশ আজিও বেয়া বুলি উল্লেখ কৰি তেওঁ কয় যে চাহ জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে ঠগ খালে । এইবাৰ জনগোষ্ঠীৰ উন্নয়নৰ হকে মাত মাতিব পৰা প্ৰাৰ্থীক চাহ জনগোষ্ঠীয়ে সমৰ্থন জনাব বুলি উল্লেখ কৰি তেওঁ জনগোষ্ঠীটোৰ ৰাইজক বিবেক ভোট দিয়াৰ আহ্বান জনায় ।

লগতে পঢ়ক: হাইপ্ৰফাইল নেতা অবিহনেই গুৱাহাটী সমষ্টিত দুই মহিলা প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.