চাকৰি বিচাৰি আছে নেকি ? তেন্তে আজি হনুমান জীক অৰ্পণ কৰক এই সামগ্ৰী - Hanuman jayanti 2024
Hanuman jayanti 2024 : আজি যিহেতু পূৰ্ণিমা আৰু হনুমান জয়ন্তী একেলগে পৰিছে সেয়ে আজিৰ দিনত এই কেইটা সামগ্ৰী অৰ্পণ কৰিলে আপোনাৰ জীৱনত পজিটিভিতি আনিব পাৰে । কি ক’লে জ্যোতিষী ড৹ পৰশ মণি শৰ্মাই ?

Published : April 23, 2024 at 9:57 AM IST
আজি হনুমান জয়ন্তী । হনুমান জয়ন্তী উপলক্ষে হনুমানজীক সন্তুষ্ট কৰিবলৈ সংকল্প লৈ ১০৮ বাৰ হনুমান চালিছা পাঠ কৰিব পাৰে । সংকল্প লওতে হাতত অকমান চাউল আৰু পানী লৈ নিজৰ নাম, গোত্ৰ কৈ আপোনাৰ মনৰ উদ্দেশ্যটো ভাবি পাঠ কৰিব পাৰে । যদি ১০৮ বাৰ পাঠ কৰোতে অসুবিধা হয় তেন্তে ২১ বাৰ বা ৫১ বাৰ পাঠ কৰিব পাৰে ।
- আজিৰ দিনটোত আপুনি হনুমানজীক কি কি সামগ্ৰী অৰ্পণ কৰিলে ভাল ফলাফল লাভ কৰিব ?
১) যদিহে আপুনি চাকৰি বিচাৰি আছে, তেন্তে ১০৮ টা আঁহত পাতত জয় শ্ৰীৰাম লিখি ৰঙা সূতাৰে মালা বনাই হনুমানজীৰ চৰণত দিব পাৰে ।
২) বিবাহৰ ক্ষেত্ৰত যদি বাধা লাভ কৰিছে অথবা বৈবাহিক জীৱনত কিবা সমস্যা চলি আছে, তেন্তে হনুমানজীৰ চৰণত আজি দুখন মিঠা পাণ অৰ্পণ কৰক ।
৩) যদিহে সঘনাই দুৰ্ঘটনা হৈ থাকে তেন্তে তিনিবিধ মিঠা সামগ্ৰী অৰ্পণ কৰিব পাৰে ।
৪) যদিহে ধাৰলৈ দিয়া পইচা উভতাই পোৱা নাই অথবা লোণ পৰিশোধ কৰিব নাই পৰা তেন্তে আজিৰ দিনটোত প্লাষ্টিক বা ষ্টিলৰ যিকোনো সৰু গদা এটা হনুমানজীক অৰ্পণ কৰিব পাৰে তেন্তে এই সমস্যাসমূহ দূৰ হ'ব ।
৫) যদিহে ব্লেক মেজিক বা নিগেটিভিৰ আপুনি স্বীকাৰ হৈছে তেন্তে আজি হনুমান মন্দিৰত গৈ হনুমানৰ মূৰ্তিৰ সন্মুখত থিয় হৈ একান্ত মনে ১০৮ বাৰ জয় শ্ৰী ৰাম জপ কৰিব লাগিব ।
৬) শনিৰ দোষৰ বাবে শনিবাৰে হনুমান মন্দিৰত যোৱাটো খুবেই প্ৰয়োজন।
মনত ৰাখিব, যেতিয়াই হনুমান মন্দিৰলৈ যায় তেতিয়া হনুমানজীক সেৱা কৰাৰ লগতে, প্ৰভু ৰাম আৰু মা সীতাক সেৱা কৰিবলৈ নাপাহৰিব ।
পূৰ্ণিমা উপলক্ষে আজি কি কৰিব ?
আজি যিহেতু পূৰ্ণিমা সেয়ে নিশা পূৰ্ণিমাৰ জোনলৈ চাই "ঔ নমঃ শিৱায়ঃ" মন্ত্ৰ উচ্চাৰণ কৰি জপ কৰিব পাৰে । যাৰ ফলত আপোনাৰ মানসিক অশান্তিৰ লগতে এনজাইটি আদিৰ সমস্যা দূৰ হ'ব। আজি গা ধোৱা পানীত গংগাজল, গোলাপ জল আৰু গাখীৰ মিহলি কৰি গা ধুব পাৰিলে ভাল । লগতে পূৰ্ণিমাৰ দিনা ঘৰৰ উত্তৰ দিশত এগছি ঘীৰ চাকি জ্বলাব পাৰিলেও ভাল ফল লাভ কৰিব ।

