ETV Bharat / state

বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগমে - Assam State Transport Corporation

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 3:08 PM IST

ASTC bus service : ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ এটাৰ পাচত আনটো বন্ধ হৈ পৰিছে । আনহাতে, বহু প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছে । ইয়াৰ মাজতেই অসমৰ ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছসমূহ অন্তৰ্ধান হ'বলৈ ধৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভ ।

ASTC bus service
ৰঙা বাছখন নাই বৰগাঙত (ETV BHARAT ASSAM)

বিশ্বনাথ, ২৮ মে': এসময়ত সকলোৰে আপোন আছিল ৰঙা বাছখন । গ্ৰামাঞ্চলৰ লগতে চহৰতো সাধাৰণ লোকৰ মাজত সমানেই পৰিচিত আছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই ৰঙা বাছখন । বিভিন্ন কাৰণত এই ৰঙা বাছখনৰ প্ৰচলন বন্ধপ্ৰায় হোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগে । নিৰ্দিষ্ট সময়ত যথাস্থানলৈ যোৱাৰ অন্য়তম মাধ্য়ম এই বাছখন হঠাতে নোহোৱা হোৱাত বিভিন্ন সময়ত প্ৰচলনৰ বাবে প্ৰতিবাদো চলিল ।

বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগম (ETV BHARAT ASSAM)

তাৰ পিচত গ্ৰামাঞ্চলৰ পৰা ৰঙা বাছখনৰ চলাচল হৈছিল যদিও শেহতীয়াভাৱে কিছু কিছু ঠাইত বন্ধ হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে বৰগাঙতো এই ৰঙা বাছখন বন্ধ হোৱাত বিপাঙত পৰিছে যাত্ৰীসকল ।

আপোনাৰ, মোৰ আপোন ৰঙা বাছখন নাই বৰগাঙত । যাৰ ফলত এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিহালী সমষ্টিৰ একমাত্ৰ বৰগাঙতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটোৰ পৰা এখন ৰঙা বাছ গুৱাহাটীলৈ চলাচল কৰিছিল । কিন্তু হঠাৎ সেই বাছখনৰ চলাচল বন্ধ হৈ পৰাত এতিয়া বিহালী সমষ্টিৰ ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।

উল্লেখ্য যে, বিহালী সমষ্টিৰ বৰগাঙত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানটোৰ পৰা পূৰ্বে পুৱা ৫ বজাত এখন ৰঙা বাছ চলাচল কৰিছিল যদিও যোৱা কেইবাদিন ধৰি বাছখন চলাচল হোৱা নাই । এক সূত্ৰ অনুসৰি উক্ত বাছখনৰ চলাচল অসম ৰাজ্যিক পৰিবহণ নিগমে একেবাৰে বন্ধ কৰিছে ।

আনহাতে, ৰাজ্য চৰকাৰৰ অধীনৰ পৰিবহণ নিগমে হঠাৎ কোনো জাননী নিদিয়াকৈ এইদৰে বৰগাং বাছ আস্থানটোৰ পৰা বাছখনৰ চলাচল বন্ধ কৰাত বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ । অসম ৰাজ্যিক পৰিবহণ নিগমৰ এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি পুনৰ বৰগাং বাছ আস্থানৰ পৰা বাছখন চলাচল কৰাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ক্ৰমান্বয়ে নিশকতীয়া কৰা হৈছে পৰিবহন নিগমক: ব্যক্তিগত খণ্ডক গতোৱাৰ চক্রান্ত নেকি ? - ASTC Voluntary Retirement Scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.