ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত ভৰ্তি পদ্মশ্ৰী বিৰুৱালা ৰাভা - Birubala Rabha in GMCH

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:16 PM IST

Assams anti witch hunt crusader Birubala Rabha shifted to icu of GMCH
অসুস্থ পদ্মশ্ৰী বিৰুৱালা ৰাভা (Etv bharat assam)

Activist Birubala Rabha : অসুস্থ পদ্মশ্ৰী বিৰুৱালা ৰাভা । সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসা চলি আছে ৰাভাৰ ।

গুৱাহাটী, 5 মে’ : স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস তথা কু-প্ৰথাৰ বিৰুদ্ধে যুঁজ দি অহা সাহসী নাৰী পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ । কিছুদিন ধৰি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা বিৰুৱালা ৰাভাক পুনৰ আই চি ইউ লৈ স্থানান্তৰ কৰা হৈছে । চিকিৎসকে জনোৱা অনুসৰি বিৰুৱালা ৰাভাৰ শৰীৰত হিম'গ্লবিন, অক্সিজেনৰ মাত্ৰা কমাৰ ফলতে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দুৰাৰোগ্য জটিল ৰোগত আক্ৰান্ত হৈ আছে সংগ্ৰামী নাৰী সত্বা বিৰুৱালা ৰাভা । সাহসী নাৰীগৰাকীৰ শাৰীৰিক অসুস্থাতাৰ খবৰে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক । গোৱালপাৰাৰ ঠাকুৰভিলা নামৰ এখন গাঁওৰ পৰা ডাইনী হত্যাৰ দৰে অপকৰ্ম আৰু সামাজিক ব্যাধিৰ বিৰুদ্ধে 90 দশকতে এই প্ৰত্যাহ্বানেৰে ভৰা যাত্ৰাৰ পাতনি মেলিছিল ৰাভাই ৷

2011 চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁৰ নেতৃত্বত গোৱালপাৰা জিলাত আৰম্ভ কৰা হয় ‘মিছন বিৰুবালা’ । 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয় । অসাধাৰণ ব্যক্তিত্ব আৰু দৃঢ় মনোবলৰ অধিকাৰী বিৰুৱালা ৰাভাই ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকৰ কাষতো সাহসেৰে থিয় দি আহিছে বিৰুৱালাই ।

তথ্য অনুসৰি বৰ্তমান সময়লৈ বিৰুৱালা ৰাভাই প্ৰায় 34 গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে । তেওঁৰ এই কৰ্মৰাজিৰ বাবে 2021 চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয় ।

উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ লগতে উৰিষ্যা, পঞ্জাব, ঝাৰখণ্ড, বিহাৰ, মুম্বাই আদি ৰাজ্যতো ডাইনীৰ বিৰুদ্ধে সজাগতা সভাত অংশগ্ৰহণ কৰি অহা ড৹ বিৰুৱালা ৰাভা শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে কামনা কৰিছে সকলোৱে ।

লগতে পঢ়ক:

আন্তৰ্জাতিক নাৰী দিৱস: স্ব-মহিমাৰে উদ্ভাসিত অসমৰ ৫ গৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.