ETV Bharat / state

ভাঙা টিভিৰ খিতেই কাইক আক্ৰমণ - Youtuber attack

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:11 PM IST

Youtuber attack: জনপ্ৰিয় ইউটিউবাৰ দ্বীপজ্যোতি ডেকাক নিশা দুৰ্বৃত্তৰ আক্ৰমণ । এক অনুষ্ঠানৰ পিচতে ইউটিউবাৰজনক দুৰ্বৃত্তই আক্ৰমণ কৰে । ভুক্তভোগীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।

Youtuber attack
ভাঙা টিভিৰ খিতেই কাইক আক্ৰমণ (ETV Bharat Assam)

দৰং,৩ মে': দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে জনপ্ৰিয় ইউটিউবাৰ দ্বীপজ্যোতি ডেকা । ইউটিউবত খিতেই কাই হিচাপে জনপ্ৰিয় ইউটিউবাৰজনক বৃহস্পতিবাৰে নিশা মঙলদৈত দুৰ্বৃত্তই আক্ৰমণ কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দ্বীপজ্যোতি ডেকাক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ভুক্তভোগী দ্বীপজ্যোতিৰ পিতৃয়ে ইতিমধ্যে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে । পিতৃয়ে শুকুৰবাৰে মঙলদৈ সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । পিতৃয়ে অভিযোগ কৰা মতে একে গাঁৱৰে ধনমনি ডেকা নামৰ যুৱকজনে তেওঁক আক্ৰমণ কৰিছিল ।

ভাঙা টিভি চেনেলটোৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা খিতেই কাই খ্যাত দ্বীপজ্যোতিক কাঁচৰ বটলেৰে মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰা হৈছিল বুলি পিতৃয়ে উল্লেখ কৰিছে ।

ঘটনাটোৰ পিচত দ্বীপজ্যোতি ডেকাক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই বাইহাটা চাৰিআলিৰ চিগনাচ হাস্পতাললৈ প্ৰেৰণ কৰোৱা হয় । হাস্পতালখনৰ আইচিইউত ভৰ্তি কৰোৱা হয় ইউটিউবাৰ তথা কৌতুক অভিনেতাজনক । হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁ সম্প্ৰতি বিপদমুক্ত । অৱশ্যে দুই-তিনিদিন হাস্পতালতে থাকি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব ।

কিন্তু কি কাৰণত দুৰ্বৃত্তই দ্বীপজ্যোতি ডেকাক প্ৰহাৰ কৰিলে সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত । পিতৃয়ে অভিযোগ কৰা মতে এই আক্ৰমণত ধনমণি নামৰ যুৱকজনে জড়িত নে আন কোনোৱা জড়িত আছে ! মঙলদৈ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তত হে সকলো তথ্য পোহৰলৈ আহিব । ইফালে এই ঘটনাটোক লৈ মঙলদৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : নুনমাটি আৰক্ষীৰ জালত সজীৱ গুলীসহ নগা উগ্ৰপন্থী - Suspected Naga Militant Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.