ETV Bharat / state

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিচাৰকৰ ক্ষমা ভিক্ষা

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:28 PM IST

Assam Sanskritik Mahasangram: অসম সাংস্কৃতিক মহাসংগ্ৰামত বিচাৰকৰ ‘হাত বন্ধা’ বুলি মন্তব্য কৰি বিপদত পৰিছে সোমনাথ বড়াৰ লগতে আন দুই বিচাৰক দুলাল মানকি আৰু জীনা ৰাজকুমাৰী ৷ বুধবাৰে তিনিওৱে ক্ষমা খুজিলে ৰাইজৰ ওচৰত ৷

Assam Sanskritik Mahasangram
অসম সাংস্কৃতিক মহাসংগ্ৰাম
অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিচাৰকৰ ক্ষমাভিক্ষা

গুৱাহাটী, 7 ফেব্ৰুৱাৰী: ইটোৰ পিচত সিটো বেমেজালিয়ে দেখা দিছে অসম সাংস্কৃতিক মহাসংগ্ৰামত । সাংস্কৃতিক মহাসংগ্ৰামখনৰ ফলাফলক লৈ সৃষ্টি হৈছে বিতৰ্ক । সাংস্কৃতিক মহাসংগ্ৰামৰ চূড়ান্ত ফলাফল ঘোষণাৰ পিচত চৰ্চিত এটা ফোনকল ৰেকৰ্ডিং । বিচাৰক সোমনাথ বৰাৰ ফোনকল ৰেকৰ্ডিঙক লৈ ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ দ্বাৰা আয়োজিত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাৰ বাবে তিনিগৰাকী মুখ্য বিচাৰকৰ ওপৰত দায়িত্ব অৰ্পন কৰিছিল অসম চৰকাৰে । বিচাৰক তিনিগৰাকী ক্ৰমে সোমনাথ বড়া, জীনা ৰাজকুমাৰী আৰু দুলাল মানকি ।

প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ পিচত বিচাৰক সোমনাথ বড়াৰ ফোনকল ৰেকৰ্ডিঙক লৈ ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ফলাফলৰ বিচাৰকক উদ্দেশ্যি উত্থাপিত হৈছে বহু প্ৰশ্নৰ । ইয়াৰ পিচতে আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰ সংবাদমেল সম্বোধন কৰে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ তিনিওগৰাকী বিচাৰকে ।

ফোনকলত কোৱা কিছু বাক্যৰ বাবে ভুল স্বীকাৰ কৰি ক্ষমাভিক্ষা বিচাৰে দলীয় বিহুনৃত্যৰ বিচাৰক সোমনাথ বড়াই । লগতে ক্ষমা খুজিলে সংগীত বিচাৰক দুলাল মানকিয়েও । কেৱল সোমনাথ বড়াই নহয়, ভাইৰেল হৈছিল প্ৰতিযোগীৰ সৈতে দুলাল মানকিৰো কথোপকথন । ফোনকলটো বিচাৰককেইগৰাকীয়ে কৈছিল যে তেওঁলোকৰ বিচাৰমতে সাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফল ঘোষণা কৰা হোৱা নাই ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত ফলাফলৰ তালিকাত আন কোনো পক্ষই হস্তক্ষেপ কৰা বুলি স্পষ্ট হৈছিল ফোনকল ৰেকৰ্ডিংটোত ৷ ইয়াৰ পিচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইয়াৰ পিচতে বুধবাৰে সংবাদমেল সম্বোধন কৰি বিচাৰককেইগৰাকীয়ে কয় যে ভুলবশঃহে তেনেকৈ কোৱা হৈছিল ৷ লগতেই একাধিক প্ৰতিযোগীয়ে ফোন কৰি ধনৰ অফাৰ দিয়াৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিচাৰক মণ্ডলীয়ে । হাতযোৰ কৰি অনিচ্ছাকৃত ভুলৰ ক্ষমাপ্ৰাৰ্থনা কৰে দুই বিচাৰকে । জিভা পিচল খাইহে তেনেদৰে কোৱা বুলি মন্তব্য কৰে ৷

ইয়াৰোপৰি এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰমূলক আখ্যা দিয়ে বিচাৰক সোমনাথ বড়াই । অনুমতিবিহীনভাৱে ফোনকল ৰেকৰ্ডিং কৰা প্ৰতিযোগিৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব বুলিও সংবাদমেলযোগে ঘোষণা কৰে বিচাৰক সোমনাথ বড়াই ।

লগতে পঢ়ক: নন্দ সিং বৰকলা আৰু নিতুমণি শইকীয়ালৈ নতুন সুৰ প্ৰকাশন পৰিষদৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.