ETV Bharat / state

অসম সাহিত্য বঁটাপ্ৰাপক অকণ চন্দ্ৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:17 PM IST

Assam Sahitya Puraskar 2023:টীয়কৰ সংস্কৃত পণ্ডিত অসম সাহিত্য বঁটা প্ৰাপক ড৹ অকণ চন্দ্ৰ শইকীয়াক সম্বৰ্ধনা জনালে পূব যোৰহাট লেখিকা সমাজে । সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এই সাফল্য়ত উৎফুল্লিত হৈছে দল-সংগঠন ।

Assam Sahitya Puraskar 2023
পূব যোৰহাট আঞ্চলিক লেখিকা সমাজ
পূব যোৰহাট আঞ্চলিক লেখিকা সমাজ

টীয়ক, ২৯ জানুৱাৰী : সংস্কৃত পণ্ডিত অসম সাহিত্য বঁটাপ্ৰাপক ড৹ অকণ চন্দ্ৰ শইকীয়াক দেওবাৰে টীয়কৰ মিধাখাটস্থিত বাসভৱনত পূব যোৰহাট আঞ্চলিক লেখিকা সমাজে সম্বৰ্ধনা জ্ঞাপন কৰে । অসমৰ সাহিত্য আৰু সমাজ জীৱনক অনুপম সৃষ্টিৰাজিৰে সমৃদ্ধ কৰি যোৱা প্ৰথিতযশা কথাশিল্পী, চিন্তাবিদ হোমেন বৰগোহাঞিৰ ৯২ সংখ্যক ওপজা দিনটোত ৰাজ্য চৰকাৰে ২৩ গৰাকী বিশিষ্ট সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্য বঁটাৰ লগতে পেন্সন প্ৰদান কৰিছিল ।

২৩ গৰাকী সাহিত্যিক ভিতৰত সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অকণ চন্দ্ৰ শইকীয়াই অসম সাহিত্য বঁটা ২০২৩ লাভ কৰি টীয়কলৈ গৌৰব কঢ়িয়াই আনিছে । সেয়ে টীয়কৰ গৌৰৱ সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ শইকীয়াৰ এই সফলতাত সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে । অনাগত দিনতো এইদৰে টীয়কৰ নাম ৰাজ্যিক প্ৰেক্ষাপটত জিলিকাই তুলিব বুলি টীয়কৰ বিভিন্ন দল -সংগঠনে আশা প্ৰকাশ কৰিছে । সেই আশাৰে টীয়কৰ এইগৰাকী সাহিত্যিকক পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ একাংশ বিষয়ববীয়াই এখন সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক,চেলেং, গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে । বৰ্ষীয়ান সাহিত্যিকগৰাকীৰ আশিস গ্ৰহণ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ।

সংস্কৃত পণ্ডিত তথা কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষক সম্বৰ্ধনা জ্ঞাপন কৰা উক্ত অনুষ্ঠানটোত সদৌ অসম লেখিকা সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ সম্পাদিকা জুনুমণি গগৈ,পূব যোৰহাটৰ সভানেত্ৰী নিৰ্মালি নেওগ শইকীয়া,সাংস্কৃতিক সম্পাদিকা ৰুণু বৰগোঁহাই, সহ-সম্পাদিকা মঞ্জুমণি বৰুৱা, লিপিকা বৰুৱা ভূঞা, পূৰ্ণিমা বৰা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক:আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.