ETV Bharat / state

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত : চি বি আইৰ পৰা চূড়ান্ত প্রতিবেদনৰ প্ৰতিলিপি বিচাৰিছে অসম আৰক্ষীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:02 PM IST

Junmoni Rabha Death Case
চি বি আইৰ পৰা চূড়ান্ত প্রতিবেদনৰ প্ৰতিলিপি লাগে অসম আৰক্ষীক

Junmoni Rabha Death Case : জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আয়ে কৰা তদন্তৰ চূড়ান্ত প্ৰতিবেদনৰ প্ৰতিলিপি বিচাৰিছে অসম আৰক্ষীয়ে ৷ চি বি আইৰ প্ৰতিবেদনত জোনমণি ৰাভাৰ মৃত্যু পথ দুর্ঘটনাত হোৱা বুলি প্রকাশ পাইছে ৷

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্ত কৰা চি বি আইৰ চূড়ান্ত প্ৰতিবেদনৰ প্ৰতিলিপি বিচাৰিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে চি বি আয়ে বুধবাৰে এই সংক্ৰান্তত ৰুজু হোৱা গোচৰৰ চূড়ান্ত প্ৰতিবেদন নগাঁও আদালতত দাখিল কৰিছে ৷ চি বি আইৰ প্ৰতিবেদনত জোনমণি ৰাভাৰ মৃত্যু পথ দুর্ঘটনাত হোৱা বুলি প্রকাশ পাইছে ৷ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে নকল সোণ, জালনোট আদি চোৰাং ব্যৱসায়ৰ সৈতে অসম আৰক্ষীৰ একাংশ বিষয়া জড়িত থকাৰ কথাও আঙুলিয়াই দিছে ৷ এনে পোন্ধৰগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে চি বি আয়ে ৷

ইয়াৰ পিছতেই অসম আৰক্ষীয়ে চি বি আইৰ পৰা চূড়ান্ত প্ৰতিবেদনৰ প্ৰতিলিপি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সামাজিক মাধ্যমত এই কথা সদৰী কৰি কৈছে যে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিবেদন বিচাৰি চি বি আইলৈ চিঠি লিখা হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 16 মে'ৰ পুৱতি নিশা জখলাবন্ধা থানাৰ এলেকাধীন সৰুভগীয়াত নিশা 1.45 বজাত অর্থাৎ দুর্ঘটনাৰ আধা ঘণ্টাৰ পিচত এছ আই জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা আৰক্ষীয়ে তেওঁৰ ব্যক্তিগত বাহনখনৰ ভিতৰত উদ্ধাৰ কৰিছিল ৷ এই স্থানত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ইউ পি 78 এইচ টি 4518 নম্বৰৰ এখন কন্টেইনাৰ বাহন আৰু জোনমণি ৰাভাৰ এ এছ 01 ই এন 7173 নম্বৰৰ মাৰুতি এছপ্ৰেছ' বাহনখন দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল ৷

বাহনখনৰ ভিতৰৰ পৰা আৰক্ষীয়ে জোনমণি ৰাভাক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও কর্তব্যৰত চিকিৎসকে জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল ৷ আনহাতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাচত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিছতে ঘটনাৰ তদন্ত চি আই ডিক দিয়া হয় যদিও পৰৱৰ্তী সময়ত চি বি আইলৈ এই তদন্ত হস্তান্তৰ কৰা হয় ৷ ইয়াৰ পিচতে 7 মাহ তদন্তৰ অন্তত নগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বুধবাৰে 59 পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে চি বি আইয়ে ৷

লগতে পঢ়ক : আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.