বাংলাদেশে গ্ৰহণ নকৰা খাইৰুল ইছলাম আহিল নিজৰ ঘৰলৈ, কি ক’লে ৰাষ্ট্ৰবিহীন নাগৰিকে ?
এক উপন্যাসোপম দুখ আৰু বেদনাৰ কাহিনী এজন শিক্ষকৰ ৷ আচলতে হৈছে কি ?

Published : June 7, 2025 at 8:59 PM IST
মৰিগাঁও : ভাৰতে বাংলাদেশী বিদেশী বুলি চিনাক্ত কৰি সীমান্তৰে বাংলাদেশলৈ ঠেলি পঠিয়ায় । আনহাতে বাংলাদেশেও তেওঁক স্বীকাৰ নকৰে 'বাংলাদেশী' বুলি ৷ এসময়ত ভাৰতীয় হিচাপে শিক্ষকৰ চৰকাৰী চাকৰি থকাৰ পিছত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বাংলাদেশী চিনাক্ত হোৱা খাইৰুল ইছলাম বাংলাদেশ সীমান্তৰ পৰা অৱশেষত উপস্থিত হ’ল মৰিগাঁৱৰ নিজা ঘৰত ।
এক দীঘলীয়া লটি-ঘটিৰ পিছত অৱশেষত স্বগৃহত আহি উপস্থিত হ’ল বিদেশী বুলি বাংলাদেশলৈ বিতাড়ন কৰা খাইৰুল ইছলাম ৷ স্বগৃহ আৰু পৰিয়ালৰ ওচৰত উপস্থিত হ’লেও আজিৰ তাৰিখত তেওঁ এজন ৰাষ্ট্ৰবিহীন নাগৰিক । যোৱা ২৩ মে’ত মৰিগাঁৱৰ মিকিৰভেটাৰ খান্দাপুখুৰীৰ শিক্ষক তথা বাংলাদেশৰ নাগৰিক বুলি ন্যায়াধীকৰণৰ দ্বাৰা অভিহিত খাইৰুল ইছলামক নিজৰ ঘৰৰ পৰা সীমান্ত আৰক্ষীয়ে উঠাই আনিছিল ৷
তাৰ পিছতে যি কাহিনী সেয়া আচলতে আছিল এক উপন্যাসোপম দুখ আৰু বেদনাৰ কাহিনী ৷ এই ঘন উৎকণ্ঠাময় ঘটনা প্ৰৱাহৰ পিছত যোৱা বৃহস্পতিবাৰে নিশা একালৰ শিক্ষক খাইৰুল ইছলাম নিজগৃহত উপস্থিত হয় । নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আত্মীয় সকলৰ মাজত এক আৱেগিক পৰিৱেশ সৃষ্টি হয় ৷
নিজৰ ঘৰত উপস্থিত হোৱাৰ পিছত খাইৰুলে ২৩ মে’ৰ দিনটোৰ কথা ক’লে এইদৰে, "যোৱা মে’ মাহৰ ২৩ তাৰিখে মিকিৰভেটাৰ ব'ৰ্ডাৰ আৰক্ষীয়ে নিশা ১১-৩০ মান বজাত মোক উঠালেহি । মোক লৈ গ’ল আৰক্ষী থানালৈ । ৰাতিটো থানাত থকাৰ পিছত মোক লৈ গ’ল এছ পি অফিচলৈ । তাৰ পিছত মোক লৈ গ’ল ডিটেনচন কেম্পলৈ । তাৰ পিছত ২৭ মে’ত বিএছএফে আহি মোক সীমান্তলৈ লৈ গ’ল । তাত ৰাতি ৪ মান বজাত মোক বাংলাদেশৰ জিৰ’লেণ্ডেৰে পোচিং বেক কৰি দিয়ে সীমান্তৰে ৷ তাৰ পিছত তাত বি জি বি আহে আৰু বাংলাদেশৰ গাঁৱৰ মানুহে বাধা দিয়ে ৷ তেওঁলোকে মোক আকৌ জিৰ’ লেণ্ডলৈ লৈ আনে । তাত দিনটো ৰ’দত থকাৰ পিছত আকৌ মোক বাংলাদেশৰ কেম্পলৈ লৈ যায় । ইতিমধ্যে তেওঁলোকৰ আমাৰ ভাৰত চৰকাৰৰ লগত কিবা আলোচনা হ’ল ।"
বাংলাদেশৰ পৰা ঘৰলৈ কেনেকৈ উভতি আহিল খাইৰুল ?
ইমান লটি-ঘটিৰ পিছত নিজৰ পৰিয়ালৰ কাষ পাই স্বাভাৱিকতেই কিছু সকাহ লাভ কৰিছে খাইৰুল ইছলামে; কিন্তু বাংলাদেশত এৰাতি কটোৱাৰ পিছত কিয় কেনেকৈ উভতি আহি মৰিগাঁৱত থকা নিজৰ ঘৰ পালেহি খাইৰুল ?
খাইৰুলে এই কথাৰ সবিশেষ বৰ্ণনা কৰি ক’লে, ”যিহেতু মোৰ গোচৰটো উচ্চ ন্যায়ালয়ত চলি আছে । মোক ব'ৰ্ডাৰ পাৰ কৰি লৈ যোৱাৰ পিছতে মোৰ পত্নীয়ে কাগজ-পত্ৰবোৰ লৈ আমাৰ মৰিগাঁৱৰ ব'ৰ্ডাৰ ব্ৰান্সত আবেদন কৰিলে যে মোৰ স্বামীজন স্বদেশী ৷ তেওঁক ঘূৰাই আনিব লাগে । সেইমতে দৰ্খাস্তখন তেওঁলোকে গ্ৰহণ কৰিলে ৷ সেই মৰ্মে দুয়োপক্ষৰ মাজত কিবা আলোচনা হ’ল আৰু মই আহি ঘৰ পালোহি ।
মোৰ ককাৰ ১৯২৭ৰ বন্দুকৰ লাইচেন্স আছে :
বাংলাদেশলৈ বিতাড়ন কৰাৰ পিছত প্ৰায় ১৫ টা দিন পিছত ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে পুনৰ ঘূৰাই অনা হ’ল খাইৰুল ইছলামক ৷ নিজৰ ককাকৰ ১০২৭ চনৰ ভাৰতীয় বন্দুকৰ লাইচেন্সৰ নথি থকা বুলি উল্লেখ কৰি নিজকে এজন ভাৰতীয় বুলি দাবী কৰিলে খাইৰুল ইছলামে ।
তেওঁ ক’লে, “মোৰ ককাৰ ১৯২৭ চনৰ বন্দুকৰ লাইচেন্স আছে । চিন্তা কৰক যদি ১৯২৭ চনৰ বন্দুকৰ লাইচেন্স থকা ককাই কমেও ২০ বছৰ বয়সত বন্দুকৰ লাইচেন্স পাব লাগিব । দেউতাৰ স্কুলৰ চাৰ্টিফিকেট আছে । জালুগুটি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছিল তেওঁ । ১৯৫৭ চনত দেউতা ক্লাছ নাইনত পঢ়িছিল । ইমান কাগজ পত্ৰ থকাৰ পিছতো মই কেনেকৈ ইমান বিপদত পৰো ?”
বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা ন্যায়ৰ বাবে অপেক্ষাৰত খাইৰুলে অসম চৰকাৰলৈ অনুৰোধ জনাই ক’লে, “মই অসম চৰকাৰক অনুৰোধ জনাইছো যে যাতে মই ন্যায় পাওঁ আৰু মই ন্যায় পাবই লাগিব ।”
উল্লেখ্য় যে, অবৈধ বিদেশীৰ গোচৰত মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত খান্দাপুখুৰীৰ খাইৰুল ইছলাম নামৰ লোকজনে আনকি চৰকাৰী বিদ্যালয়ত শিক্ষকৰ চাকৰি কৰি এন আৰ চিৰ কামতো নিয়োজিত হৈ আছিল ৷ অৱশ্যে পাছলৈ বিদেশী ন্যায়াধীকৰণে খাইৰুল ইছলামক বাংলাদেশী বুলি ঘোষণা কৰাৰ তথ্য পোহৰলৈ আহে । পৰৱৰ্তী সময়ত শিক্ষা বিভাগে লোকজনক চাকৰিৰ পৰাও বৰ্খাস্ত কৰে ।
স্মতৰ্ব্য যে ২০১৮ চনত খাইৰুল ইছলামক আটক কৰি ডিটেনচন কেম্পলৈয়ো প্ৰেৰণ কৰা হৈছিল; কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে ২০২০ চনত ডিটেনচন কেম্পৰ পৰা বাংলাদেশী চিনাক্ত সকলক মুক্তি দিয়াৰ নিৰ্দেশত খাইৰুল ইছলামো কেম্পৰ পৰা ওলাই আহিছিল । এতিয়া পৰৱৰ্তী সময়ত খাইৰুল ইছলামে দাবী কৰাৰ দৰে তেওঁ স্বদেশী ঘোষিত হয় নে নহয়, ন্যায়লয়ে কি কয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁৰ ওলমি থকা নাগৰিকত্বৰ ভৱিষ্যত ।

