প্ৰসংগ বাংলাদেশী : ঘটনাৰ বিষয়ে প্ৰকাশ নকৰিবলৈ ভুক্তভোগীক সকীয়নি আৰক্ষীৰ
বাংলাদেশৰ ২০০ টকীয়া নোট দি পাৰ কৰিছিল সীমান্ত । মানকাছাৰ সীমান্তৰে পাৰ কৰাৰ পিচত সন্মুখীন হোৱা ভযংকৰ কাহিনী বৰ্ণনা কৰিলে ভুক্তভোগীয়ে ।

Published : June 1, 2025 at 5:13 PM IST
সৰুপথাৰ : দেওবাৰে পুৱা ৪:৪৫ মান বজাত নিজৰ ঘৰতেই শুই আছিল এগৰাকী মহিলা । পৰিয়ালৰ সদস্য়সকলৰ সৈতে নিশা ভাত-পানী খাই শুই থকা মহিলাগৰাকীক পুৱতি নিশাই জগালে আৰক্ষীয়ে । টোপনিৰ পৰা ঘপককৈ সাৰ পাই মহিলাগৰাকীয়ে ধৰিবই পৰা নাছিল আৰক্ষীয়ে তেওঁক কিয় জগাইছে । আৰক্ষীয়েও কোৱা নাছিল কাৰণ ।
পান কাৰ্ড,আধাৰ কাৰ্ড আদি লগত লৈ থানালৈ নিলে এইগৰাকী মহিলাক আৰু তাৰ পিচতেই নাটকীয় ঘটনাৰ মাজেৰে তেওঁক সজোৱা হ'ল বিদেশী । নিয়া হ'ল ভাৰত-বাংলা সীমন্তলৈ । এই সমস্ত কাহিনী বিৱৰি ক'লে ভুক্তভোগী মহিলাগৰাকীয়ে ।
মহিলাগৰাকীক বাংলাদেশী বুলি ধৰি নিলে যদিও এসপ্তাহৰ ভিতৰতে আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ পৰা তেওঁক ঘূৰাই আনি সজালে স্বদেশী । এইবাৰ আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে ভাৰতীয় নাগৰিক হিচাপে । এইগৰাকী ভুক্তভোগী মহিলাৰ নাম ৰহিমা বেগম ।
গোলাঘাটৰ সৰুপথাৰৰ ২নং পদুমণিৰ মালেকউদ্দিন আলীৰ পত্নী ৰহিমা বেগমক কেনেদৰে নিজৰ ঘৰৰ পৰা বাংলাদেশ সীমান্তলৈ নিলে আৰু তাত কেনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেই ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰিলে ভুক্তভোগীয়ে ।
ৰহিমা বেগমৰ বিস্ফোৰক মন্তব্য :
সেই ঘটনাৰ বিষয়ে উল্লেখ কৰি ভুক্তভোগী ৰহিমা বেগমে কয়, "২৫ মে'ত আটক কৰাৰ পিছত মোক সৰুপথাৰ থানাৰ পৰা গোলাঘাটলৈ লৈ গ'ল । গোলাঘাটত আমাৰ হাতৰ আঙুলিৰ ছাপ ল'লে । নিশা ১১ মান বজাত গাড়ীত উঠালে সকলো আটকাধীন লোকক । আমি ভাবিছিলো গুৱাহাটীলৈ নিব; কিন্তু আমাক লৈ গ'ল ধুবুৰীলৈ । ধুবুৰীৰ পৰা নিলে শিলিগুৰিলৈ । শিলিগুৰিৰ পৰা মাতিকোৱালৈ নিলে । সেই স্থানত খাবলৈ দিলে । তাৰ পিছতেই বাংলাদেশৰ পইচা দিলে । তহতি তাতে খাবি এইকেইটা টকাৰে । বাংলাদেশৰ ২০০ টকা, ৫০০ টকা সকলোকে দিলে ।"
ঘূৰি নাচাবি গুলীয়াই দিম:
কেৱল সিমানেই নহয়, আৰক্ষীয়ে তেওঁলোকক প্ৰাণেমৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰি ভুক্তভোগীয়ে কয়, "গাড়ীত উঠাই সীমান্তত থৈ অহা লোকসকলে বহু দূৰত থৈ আহি আমাক কয় যে তহতি ঘূৰি নাচাবি, গুলীয়াই দিম ঘূৰি চালে । আমি চাৰি-পাঁচগৰাকী ঘূৰি আহি কৈছো ছাৰ আমাক গুলীয়াই দিয়ক ।"
কেনেকৈ উভতিল বাংলাদেশৰ পৰা ?
বাংলাদেশত নিশা কেনেদৰে কটাবলগীয়া হৈছিল তাৰ ভয়ংকৰ বৰ্ণনা কৰি ৰহিমা বেগমে কয়, "আমি নিশা বাংলাদেশৰ গোমধান খেতিৰ পথাৰত কটালো । ৰাতিপুৱা বাংলাদেশ সীমান্তৰ পুলিচে আমাক সকলোকে বহুত অত্যাচাৰ কৰি যিফালেই আহিছিলি সেইফালেদি গুছি যা বুলি কয় । বাংলদেশৰ সীমান্তৰ গাঁৱৰ মানুহৰ লগতে সীমান্ত পুলিচে ভাৰত সীমান্তলৈ আগবঢ়াই দিছে; কিন্তু ভাৰতৰ যিসকলে আমাক পাৰ কৰাই দিছিল তেওঁলোকে ফায়াৰিং আৰম্ভ কৰিলে । আমি মাটিত শুই শুই আছো । মূৰ দাঙিবলৈ পৰা নাই । পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ তেনেকৈয়ে আছো ।"
পানী বিচোৰোতে গুলীয়াই মাৰিব খুজিছিল :
ক্ষোভ তথা বেদনাৰে মহিলাগৰাকীয়ে কয়, "আমি পথাৰৰ ধানৰ মাজত জমা হৈ থকা পানী খালো । অকণমানি ঠাইতে আমি থাকিলো পানী খাই । দিনত তেনেকৈয়ে পথাৰৰ পানী খাই থাকিলো । নিৰাপত্তাৰক্ষীক পানী বিচাৰিছিলো যদিও বন্দুকহে দেখুৱালে । তেতিয়া আৰু পানী নুখুজিলো । আবেলি ৪ মান বজাত ক'লে তোমালোক যিমান আছা ওলাই আহা, হাতখন দাঙি দিয়া । তেতিয়া আমি সকলোৱে হাত দাঙি আহিলো,পানী দিলে খাবলৈ । পৰৱৰ্তী সময়ত আমাৰ পৰা বাংলাদেশৰ পইচা লৈ থ'লে । তাৰ পিছতেই সকলোকে কোকৰাঝাৰলৈ আনিলে । কোকৰাঝাৰৰ পৰা গোলাঘাটলৈ,তাৰ পিছত সৰুপথাৰ থানালৈ লৈ অনা হ'ল । সৰুপথাৰৰ পৰা নিজা ঘৰত থৈ গ'ল । মুঠতে ৬ জন আছিলো সৰুপথাৰৰ ।"
ভাবুকি আৰক্ষীৰ :
তেওঁলোকক অত্য়াচাৰ কৰাৰ বিষয়ে উল্লেখ কৰি ভুক্তভোগীয়ে কয়, "আমাক অত্য়াচাৰ কৰিছে ।" কেমেৰাৰ সন্মুখত শৰীৰত অত্য়াচাৰ কৰাৰ চিন দেখুৱাই ভুক্তভোগী মহিলাগৰাকীয়ে পুনৰ কয়, "সিপাৰৰ সীমান্তৰক্ষীয়ে মাৰিছে । ইয়াৰ পিচত আমাক যেতিয়া ইয়ালৈ আনিলে তেতিয়াও লগত অহা সৰুপথাৰ আৰক্ষীয়ে এই বিষয়ে আনৰ আগত প্ৰকাশ নকৰিবলৈ সকীয়াই দিয়ে ।"
নহ'লে বিষম পৰিণাম হ'ব বুলি আৰক্ষীয়ে সকীয়াই দিয়াৰ কথা উল্লেখ কৰি মহিলাগৰাকীয়ে কয়, "আৰক্ষীয়ে তেওঁলোকৰ বাবেহে আমি তাৰ পৰা আহিব পাৰিছো বুলি কৈ আহিছিল । মই কিন্তু গোলাঘাটত সাংবাদিকৰ আগত সকলো কোৱা বুলি উল্লেখ কৰাৰ পিচত আৰক্ষীয়ে যি হ'ল সেয়া আৰু বঢ়াব নালাগে বুলি কয় । আৰক্ষীয়ে মোক কথাবোৰ মনত ৰাখিবলৈ সকীয়াই দি ক'লে পৰিণাম বেয়া হ'ব বুলি ।"
কি ক'লে ৰহিমা বেগমৰ পুত্ৰইঃ
ঘটনাৰ প্ৰথম দিনটোৰ কথা উল্লেখ কৰি ভুক্তভোগী ৰহিমা বেগমৰ পুত্ৰই কয়, "দেওবাৰ অৰ্থাৎ ২৫ মে'ত লৈ গৈছিল মোৰ মাক । দেওবাৰে পুৱা ৪:৪৫ মান বজাত শুই আছিলো, প্ৰথমতে পুলিচে আহি সুধিছিল তোমাৰ মা ক'ত ? পুৱা শুই উঠিলো, শুই উঠি মই সুধিলো কি হৈছে ? পুলিচে কৈছে তোমাৰ মাক মাতি দিয়া । কিবা সোধা-পোছা কৰিবলগীয়া আছে । তাৰ পিছতেই মাক টোপনিৰ পৰা জগালো । মা উঠি আহিল । পুলিচে সুধিল ৰহিমা বেগম কোন ? তোমাৰ পান কাৰ্ড, আধাৰ কাৰ্ড লোৱা; থানাত ছাৰে মাতিছে । তেতিয়া মই জানিবলৈ সুধিলো কিয় মাতিছে, তেওঁলোকে ক'লে ছাৰে মাতিছে তোমালোক আহি থাকা ।"
তেওঁ পুনৰ কয়, "আৰক্ষীয়ে মাক থানালৈ লৈ গ'ল । আমি পিছে পিছে থানালৈ গ'লো । পুলিচে জনালে যে সমজিলা আৰক্ষী বিষয়া আহিব, নথি-পত্ৰ পৰীক্ষণ কৰি যাবলৈ দিব ভয় খাব নালাগে । প্ৰায় ১২ মান বজাত ক'লে গোলাঘাট লৈ যাব । মাক মেডিকেল কৰি গোলাঘাটলৈ নিব । তোমালোক ঘৰলৈ যোৱা ।"
হুলস্থূল নকৰিবলৈ আৰক্ষীৰ সকীয়নি :
থানাৰ পৰা স্বগৃহলৈ অনাৰ পিছতেই পুত্ৰই পুনৰ কয়, "খবৰ পাই মই মাক আনিবলৈ থানালৈ গ'লো । মোক সুধিলে তোমাৰ কোন হয় । মোৰ মা হয় বুলি কোৱাত তেওঁলোকে ক'লে আমি নি ঘৰত থৈ আহিম । হুলস্থুল কৰিব নালাগে । মানুহক একো ক'ব নালাগে । মাৰ লগত যি হৈছে মানুহক ক'বলৈ মানা কৰিছে । তেওঁলোকে কৈছে আমি বহুত কষ্টৰে ওভতাই লৈ আনিছো । এতিয়া আমাৰ ভয় লাগি আছে । ছাৰে আমাক ক'বলৈ মানা কৰি গৈছে ।"

