গোলাঘাট: এগৰাকী সাধাৰণ মহিলা । নাজানে ৰজাঘৰৰ একো চল-চাতুৰি । কিন্তু বিধিৰ বিপাকত সেই মহিলাগৰাকীৰ জীৱনলৈ আহে দুৰ্দিন । দুৰ্দিন বুলিলেও ভুল হ'ব, ঘোৰ অমানিশা । বছৰ বছৰ ধৰি ভাৰতীয় হিচাপে জীৱন নিৰ্বাহ কৰি থকা, ভাৰতীয় পৰিচয়েৰে বাস কৰি থকা মহিলাগৰাকী হঠাতে হৈ পৰে বিদেশী ! ফলত দেশান্তৰ হ'বলগা পৰিস্থিতিৰ সৃষ্টি হয় ।
মহিলাগৰাকীক বাংলাদেশী বুলি ধৰি নিয়ে । কিন্তু এসপ্তাহৰ ভিতৰতে পুনৰ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ পৰা তেওঁক ঘূৰাই আনি স্বদেশী বুলি পৰিয়ালক চমজাই দিয়ে । ভুক্তভোগী মহিলাগৰাকীয়ে বাংলাদেশ সীমান্তত উপস্থিত হৈ কি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল সেই ভয়াৱহ কাহিনী উল্লেখ কৰিলে কেমেৰাৰ আগত ।
২৫ মে' তাৰিখে তেওঁ আছিল বিদেশী । কিন্তু এতিয়া আকৌ তেওঁ স্বদেশী । হয়, আপুনি ফটোত দেখা এই মহিলাগৰাকীৰ নাম ৰহিমা বেগম । ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত । বিদেশী বুলি চিনাক্ত কৰি ২৫ মে'ত আৰক্ষীয়ে কৰায়ত্ত কৰি পঠিয়াইছিল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনছন কেম্পলৈ । তাৰ পাছত বি এছ এফে তেওঁক পাৰ কৰি দিছিল ভাৰত-বাংলাদেশ সীমান্তত থকা বাংলাদেশৰ এক নিৰ্দিষ্ট স্থানলৈ ।
সেই স্থানত উপস্থিত হৈ বৃদ্ধা ৰহিমা বেগমে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল ব্যক্ত কৰিলে নিজ মুখেৰে । এফালে বি এছ এফৰ অশ্লীল গালি-গালাজ আৰু মাৰি পেলোৱাৰ ভাবুকিৰে শূন্যলৈ গুলীচালনা আৰু আনফালে বাংলাদেশৰ সেনাই এফালৰ পৰা সকলোকে নিৰ্মম প্ৰহাৰ কৰে । এই আক্ৰমণৰ বলি হয় এইগৰাকী ৰহিমা বেগমো ।
এই সম্পৰ্কে ভুক্তভোগী ৰহিমা বেগমে কয়, "সৰুপথাৰৰ পৰা আমাক গোলাঘাটলৈ আনিলে আৰু ইয়াৰ পৰা আমাক ধুবুৰীৰ বাংলাদেশ সীমান্তৰ কেম্পত লৈ যায় । মই তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু আকৌ মোক ধৰি আনিছে । কেম্পৰ পৰা নিশা আমাক বাংলাদেশ সিমান্তত এৰি দিয়ে আৰু ঘূৰি আহিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে সীমান্তত নিয়োজিত বাহিনীয়ে ।"
নিজৰ দুৰ্দশাৰ কথা বিৱৰি তেওঁ কয়, "মোক বাংলাদেশী বুলি থৈ আহিছিল । পাছত আমি দুইখন ৰাষ্ট্ৰৰ মাজত পথাৰত বহি থাকিলোঁ । কাৰণ যিফালে যায় গুলীবৰ্ষণ কৰে । মোক বাংলাদেশ আৰক্ষীয়ে মাৰপিট কৰিছে ।"
আনহাতে, ৰহিমা বেগমৰ পৰিয়ালে ন্যায় বিচাৰি অধিবক্তাৰ সৈতে গোলাঘাটৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ৰহিমা বেগম ভাৰতীয় হোৱাৰ সকলো নথিপত্ৰ জমা দিয়াত পৰিষ্কাৰ হয় যে ৰহিমা বেগম প্ৰকৃততে ভাৰতীয় । ফলত আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ৰহিমা বেগমক পুনৰ ঘূৰাই আনি পৰিয়ালক চমজাই দিয়ে ।
এই সম্পৰ্কে ৰহিমা বেগমৰ কন্যা ইয়াছমিনা বেগমে কয়, "মে' মাহৰ ২৫ তাৰিখে সৰুপথাৰ আৰক্ষীয়ে মোৰ মাক উঠাই লৈ আহে । আমি সোধাত তেওঁলোকে কৈছে যে নথিপত্ৰ পৰীক্ষা হ'ব, সেয়া কৰাৰ পাছত মুকলি কৰা হ'ব । আমি মাৰ পাছে পাছে মাৰ নথিপত্ৰ লৈ সৰুপথাৰ আৰক্ষী থানাত গ'লোঁ । যিহেতু মাৰ এটা গোচৰ চলি আছিল আৰু গোচৰৰ শুনানিৰ পত্ৰখন লৈ গৈছিলোঁ । তাৰ পাছত সৰুপথাৰৰ পৰা গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত লৈ আহিছিল ।"
তেওঁ লগতে কয়, "যিহেতু মোৰ মা শাৰীৰিকভাৱে অসুস্থ, কিছুদিন পূৰ্বে অপাৰেচন হৈ গৈছে, যাৰ বাবে আমি আৰক্ষীক অনুৰোধ জনালোঁ যে মাক দৰৱ খাবলৈ দিবলৈ । কিন্তু এই কথাত কোনো গুৰুত্ব আৰোপ নকৰিলে । মই মাৰ নথিপত্ৰ আৰক্ষীক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ । কিন্তু তেওঁলোকে নথিপত্ৰ নোচোৱাকৈ ২৫ মে' তাৰিখে নিশা গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বাংলাদেশ সীমান্তত নি এৰি থৈ আহে । তাৰ পাছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আহি মাৰ নথিপত্ৰ দেখুওৱা হৈছিল যদিও তেওঁলোকে চোৱা নাই । উপায়ন্তৰ হৈ আমি যোৰহাট আৰু গোলাঘাটৰ অধিবক্তাৰ সহযোগত পুনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ মাৰ নথিপত্ৰ দেখুওৱাৰ পাছত মাক 'No Man's Land'-ৰ পৰা আনি আমাক চমজাই দিলে ।
মাতৃৰ অসুস্থতাৰ কথা উল্লেখ কৰি তেওঁ কয়, "কিন্তু মা বহু অসুস্থ হৈ পৰাত সৰুপথাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । গতিকে এজন ভাৰতীয় নাগৰিকক এনেদৰে হাৰাশাস্তি কৰা দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ ।"
আনহাতে, ভুক্তভোগীৰ কন্যাৰ পৰা জানিব পৰামতে, ৰহিমা বেগমক কৰায়ত্ত কৰাৰ পাছত নথিপত্ৰ ভালদৰে পৰিক্ষা নকৰাকৈয়ে ডিটেনছন কেম্পলৈ পঠিয়াই দিছিল ।
উল্লেখ্য যে বিদেশী-স্বদেশীৰ নামত প্ৰশাসন তথা আৰক্ষীয়ে একাংশ লোক যে চৰম হাৰাশাস্তি কৰি আহিছে তাৰ জ্বলন্ত উদাহৰণ হৈছে এই ৰহিমা বেগম ।