ETV Bharat / state

4 খলাত একেলগে পৰিৱেশন 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা - Historic Hazari Bhauna

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 1:05 PM IST

Assam Historic Hazari Bhauna
4 খলাত একেলগে পৰিৱেশন 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা

Assam Historic Hazari Bhauna : জনসমুদ্ৰত পৰিণত কলিয়াবৰৰ হাটবৰৰ শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰ ৷ কিয়নো দেওবাৰৰ পৰা এই সমন্বয় ক্ষেত্ৰত প্ৰায় 22 বছৰৰ বিৰতিৰ পাচত আয়োজন কৰা হৈছে 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা ৷

4 খলাত একেলগে পৰিৱেশন 300 বছৰ পুৰণি ঐতিহাসিক হাজাৰী ভাওনা

কলিয়াবৰ, 25 মাৰ্চ : 22 বছৰৰ বিৰতিৰ পাচত পুনৰ স্পন্দিত হ'ল কলিয়াবৰৰ হাজাৰী ভাওনাস্থলী । চাৰিখন খলাত একেলগে পৰিৱেশন হ'ল চাৰিখনকৈ ভাওনা । এয়া হৈছে সাতামপুৰুষীয়া ইতিহাস প্ৰসিদ্ধ হাজাৰী ভাওনা । য’ত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে ভাও লৈছে এই ঐতিহাসিক ভাওনাত । দেওবাৰে প্ৰথম নিশাই ভাওনা চাবলৈ ওলায় আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শক ।

উল্লেখ্য যে, শনিবাৰৰ পৰা কলিয়াবৰত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে ঐতিহাসিক হাজাৰী ভাওনা । সেই হেতুকে হৰিনামৰ ধ্বনি, শংকৰী কলা কৃষ্টিৰে উখল-মাখল কলিয়াবৰৰ হাটবৰৰ শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰ । হাটবৰ হাজাৰ ব্যৱস্থাপনাত হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগনত আৰম্ভ হ'ল সাতামপুৰুষীয়া ঐতিহ্য বহনকাৰী কলিয়াবৰৰ হাজাৰী ভাওনা উৎসৱ ।

উত্তৰ কলিয়াবৰ হাজাৰ, চতিয়াল হাজাৰ, হাটবৰ হাজাৰ, একশৰণ ভাগৱতী সমাজ, সোণাৰী গাঁও হাজাৰ, পশ্চিম কলিয়াবৰ হাজাৰ, সমন্বিত যুৱ সমাজ আৰু বৰভগীয়া হাজাৰে প্ৰদৰ্শন কৰিব আঠখন ভাওনা । দেওবাৰে প্ৰথম নিশাৰ প্ৰথম খলাত উত্তৰ কলিয়াবৰ হাজাৰে পৰিৱেশন কৰে 'জৰাসন্ধ বধ' ৷

তেনেদৰে দ্বিতীয় খলাত চতিয়াল হাজাৰে 'সুকৰ্ণ ৰজাৰ পুত্ৰ লাভ', তৃতীয় খলাত হাটবৰ হাজাৰে 'ৰাম বিজয়' আৰু চতুৰ্থ খলাত কলিয়াবৰৰ একশৰণ ভাগৱতী সমাজে পৰিৱেশন কৰে 'সীতা হৰণ বালীবধ' ভাওনা ।

আনহাতে, সোমবাৰে নিশা প্ৰথম খলাত সোণাৰি গাঁও হাজাৰে পৰিৱেশন কৰিব 'শৃংগী মুনিৰ অভিশাপ' । দ্বিতীয় খলাত পশ্চিম কলিয়াবৰ হাজাৰে 'পাণ্ডৱৰ ৰাজসুয় যজ্ঞ', তৃতীয় খলাত সমন্বিত যুৱ তীৰ্থই 'ৰুক্মিণী হৰণ' আৰু চতুৰ্থ খলাত বৰভগীয়া হাজাৰে পৰিৱেশন কৰিব 'পিতা-পুত্ৰৰ যুদ্ধ' ।

উল্লেখ্য যে, 300 বছৰ এই পুৰণি ঐতিহাসিক হাজাৰী ভাওনাস্থলীত দেওবাৰে নিশাী উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ তেওঁ এই ভাওনা পৰ্যটনৰ সমল হওক, গৱেষণাৰ বিষয় হওক বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

হাজাৰী ভাওনাৰ ভক্তিময় পৰিৱেশৰ মাজতে কা সন্দৰ্ভতো মন্তব্য কৰে আছুৰ সভাপতি উৎপল শৰ্মাই ৷ শৰ্মাই কয়, ‘‘এনে এক ভকতিময় স্থানত চৰকাৰৰ বৰমূৰীয়াসকলৰ সুমতি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে জনাব পাৰি’’ ।

লগতে পঢ়ক : ছিপাঝাৰত চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.