ETV Bharat / state

এতিয়াৰে পৰা অসমৰ মূৰত অতিৰিক্ত 4546.74 কোটি টকাৰ ঋণৰ বোজা

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:56 AM IST

Updated : Mar 2, 2024, 9:21 AM IST

assam-cabinet-takes-several-important-decisions
নাবাৰ্ডৰ পৰা ৰাজ্য চৰকাৰে ল'ব 4546.74 কোটি টকাৰ ঋণ : কেবিনেটত অনুমোদন

Weekly Cabinet meeting: দিছপুৰৰ লোকসেৱা ভৱনত শুকুৰবাৰৰ নিশা অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । 27 হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইউনিটত নিয়োগৰ সুবিধা লাভ কৰিব 15 হাজাৰ লোকে । যোৰহাটত নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ । নাবাৰ্ডৰ পৰা 4546 কোটি 74 লাখ টকা পুনৰ ঋণ লোৱাৰ বাবেও অনুমোদন জনায় কালিৰ কেবিনেটে ।

নাবাৰ্ডৰ পৰা ৰাজ্য চৰকাৰে ল'ব 4546.74 কোটি টকাৰ ঋণ : কেবিনেটত অনুমোদন

গুৱাহাটী, ২ মাৰ্চ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুকুৰবাৰৰ নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী কেশৱ মহন্তই ।

কেবিনেটে অসমত Tata Semiconductor Assembly and Test Pvt Ltd - এ 27000 কোটি টকা ব্যয়ৰে এটা ছেমি কণ্ডাক্টৰ ইউনিট স্থাপনৰ যুগান্তৰকাৰী সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী আৰু টাটা ছন'ছৰ অধ্যক্ষক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । এই ছেমি কণ্ডাক্টৰ ইউনিটটো জাগীৰোডৰ পূৰ্বৰ নগাঁও কাগজ কলৰ স্থানত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । 500 বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব এই প্ৰকল্প ।

এই প্রকল্পৰ জৰিয়তে পোনপটীয়াকৈ 15 হাজাৰ লোকে নিয়োগৰ সুবিধা লাভ কৰিব । আনহাতে, যোৰহাটত নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ । বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ হ’ব 3 লেনযুক্ত এলিভেটেড ক’ৰিডৰ । এই এলিভেট ক’ৰিডৰৰ বাবদ ব্যয় হ’ব 166.12 কোটি । কেবিনেটে ইয়াৰ প্ৰতি অনুমোদন জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে কেবিনেটে 4546 কোটি 74 লাখ টকা নাবাৰ্ডৰ পৰা পুনৰ ঋণ লোৱাৰ বাবেও অনুমোদন জনায় । কেবিনেটত পঞ্চায়ত নিৰ্বাচন নোহোৱালৈক এডিচি, চিঅ', বিডিঅ'ৰ জৰিয়তে পঞ্চায়তৰ কাম-কাজ চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে কেবিনেটে চাৰিটা ব্যক্তিগত প্ৰতিষ্ঠানক অসমত বিনিয়োগৰ বাবে অনুমোদন প্ৰদান কৰে ।

1612 কোটি টকা বিনিয়োগ কৰিবলগীয়া কোম্পানীকেইটা হৈছে মেক্সিম ইনফ্ৰাষ্টটাকচাৰ এণ্ড ৰিয়েল ইষ্টেট প্ৰাইভেট লিমিটেড, কেডি আইৰণ এণ্ড ষ্টীল কোম্পানী, টপচেম ইণ্ডিয়া এল এল পি আৰু ফ্লেক্সক'ম প্লাষ্ট প্ৰাইভেট লিমিটেড । কেবিনেটে পলিচী ফ'ৰ কমাৰ্চিয়েলাইজেচন অ'ফ প'লট্ৰি চেক্টৰ ইন আসাম-2024 ৰ বাবেও অনুমোদন জনায় । ইয়াৰ দ্বাৰা এই ক্ষেত্রখনত বিনিয়োগ কৰিব বিচৰাসকলে ৰাজসাহায্য লাভ কৰিব ।

লগতে পঢ়ক: কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Last Updated :Mar 2, 2024, 9:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.