ETV Bharat / state

ৰেমলৰ প্ৰভাৱ : সষ্টম হৈ আছে ৰাজ্য চৰকাৰ, লাভ কৰিব তাৎক্ষণিক ক্ষতিপূৰণ - CYCLONE REMAL

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 4:33 PM IST

Disaster Management Assam : ৰেমলৰ প্ৰভাৱত হ’ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে সাজু ৰাজ্য চৰকাৰ ৷ অৰ্থৰো নাই অভাৱ ৷ প্ৰতিটো বিভাগৰে সৈতে কৰা হৈছে আলোচনা ৷ তাৎক্ষণিকভাৱে লাভ কৰিব ক্ষতিপূৰণ ৷

Disaster Management Assam
অসমত ৰেমলৰ সন্দৰ্ভত মন্ত্ৰী যোগেন মহন (ETV Bharat Assam)

ডিব্ৰুগড়, 28 মে’ : প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ পিচতে ৰাজ্যত এতিয়া আৰম্ভ হৈছে ভয়ংকৰ ধুমুহা-বৰষুণ ৷ দেশৰ আন বহু প্ৰান্তৰ লগতে ৰাজ্যতো আৰম্ভ হ’ল কালঘূৰ্ণি "ৰেমল"ৰ প্ৰভাৱ ৷

কেবাখনো জিলাত সোমবাৰৰ নিশাৰে পৰা আৰম্ভ হৈছে ধুমুহা-বৰষুণ ৷ ৰেমলৰ প্ৰভাৱত ৰাজ্যত মৃত্যুৰ লগতে আহতৰো খবৰ লাভ কৰা গ’ল মঙলবাৰে ৷ হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিচতে সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হৈ আছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ । মৰাণত সংবাদ মাধ্যমৰ সন্মুখত এই কথা জনালে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৰেমলৰ প্ৰভাৱত হ’ব পৰা পৰিস্থিতিক লৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যৰ প্ৰায়বিলাক বিভাগৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে সাজু হৈছে ।

মন্ত্ৰী মহনে জানিবলৈ দিয়ে যে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে সাজু কৰি ৰখা হৈছে ৩৬ টা পাম্প, লগতে মেচিনৰ সৈতে নিয়োগ কৰা হৈছে একোজনকৈ অভিযন্তা ৷ ভূমিস্খলনৰ সম্ভাৱনা থকা ঠাইত পথ মুকলিৰ বাবে সাজু কৰি ৰখা হৈছে এস্কেভেটৰ । তদুপৰি সকলো বিভাগক ‘ৰেমল’ৰ প্ৰভাৱত অনিষ্ট হোৱা ঠাইত তৎকালীন সাহাৰ্য প্ৰদানৰ বাবে নিৰ্দেশ দিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ।

মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে যে এই সকলো দায়িত্বৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে জিলা আয়ুক্তসকলক ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদান কৰিবলৈ পুঁজি মজুত আছে ৷ এই কথা জিলা আয়ুক্তসমূহকো জনোৱা হৈছে বুলি কয় মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক: জৰুৰীকালীন অৱস্থাৰ বাদে বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক : ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.