ETV Bharat / state

হৰমীত সিঙক পদোন্নতিসহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব

অসম আৰক্ষীৰ নতুন DGP হ’ল হৰমীত সিং ৷ সিঙত পদোন্নতিসহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

Harmeet Singh appointed as DGP
হৰমীত সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 3:16 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰ দায়িত্বত থকা হৰমীত সিঙক পদোন্নতিসহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে । ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনাযোগে হৰমীত সিঙক পদোন্নতিসহ অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে, জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ পিছতে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল ১৯৯২ চনৰ আই পি এছ বিষয়া হৰমীত সিঙে । ২৯ জানুৱাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ হৰমীত সিঙক অৰ্পন কৰিছিল ।

Harmeet Singh appointed as DGP
হৰমীত সিং (ETV Bharat Assam)

তাৰ পাছৰে পৰা ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে তেওঁ দায়িত্ব পালন কৰি আহিছিল । অৱশেষত হৰমীত সিঙকে অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হয় ।

চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে জি পি সিঙে দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিছিল অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰূপে নিযুক্তি লাভ কৰা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ।

Harmeet Singh appointed as DGP
হৰমীত সিঙক পদোন্নতিসহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব (ETV Bharat Assam)

হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত কটায় । মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।

১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল । এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়াইছিল ।

সংঘাতজৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন, মেগা ইভেণ্ট মেনেজমেণ্ট, দুৰ্যোগ-মহামাৰী সাহায্য আৰু যোগাযোগ-নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি বিকশিত কৰাত বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ ।

ইযাৰ উপৰিও কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদকেৰে অলংকৃত হৈছে হৰমীত সিং । গেলেণ্টাৰী আৰক্ষী পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদক আদি লাভ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিক নিযুক্তি লাভ কৰা হৰমীত সিঙে । এতিয়াৰে পৰা অসম আৰক্ষীৰ পূৰ্ণপৰ্যায়ৰ সঞ্চালক প্ৰধান হিচাপে তেওঁ সেৱা আগবঢ়াব ।

লগতে পঢ়ক : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলিছে : সৰ্বানন্দ সোণোৱাল

লগতে পঢ়ক :যুদ্ধবিৰতিৰ ফলত ভাৰত লাভৱান হ’ল ! প্ৰতিৰক্ষা বিশেষজ্ঞ কৰ্ণেল নন্দীয়ে ক'লে, ‘কেনেকৈ’ ?