ETV Bharat / state

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলিছে : সৰ্বানন্দ সোণোৱাল

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ পৰ্যালোচনা ।

Review of the projects being implemented by the Indian Inland Waterways Authority
জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 8:13 AM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্ৰুত ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে । যোৱা দুবছৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কাম চলিছে । ইতিমধ্যে ৩০০ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু প্ৰায় ৭০০ কোটি টকাৰ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে চলি আছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে এই তথ্য় ।

দেওবাৰে গুৱাহাটীস্থিত সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্ৰকল্পসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে । ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি যোৱা দুটা বছৰৰ লগতে আগন্তুক কামকাজৰ খতিয়ান দাঙি ধৰে সোণোৱালে । তদুপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অতিৰিক্ত ১,০০০ কোটি টকাৰ প্ৰকল্পৰ কামো শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি সোণোৱালে উল্লেখ কৰে ।

জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্ৰকল্পসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত আজি উত্তৰ-পূৰ্বাঞ্চলত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ লগতে বন্দৰ, জাহাজ পৰিবহণ মন্ত্ৰণালয়ৰ তৰফৰ পৰাও উল্লেখযোগ্য় পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে পানীক সঠিকভাৱে ব্য়ৱহাৰ কৰিব পাৰো । এটা শক্তিশালী জল পৰিবহণৰ পথ হিচাপে ইয়াক আগন্তুক দিনত অগ্ৰাধিকাৰ দিব পাৰো । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত বিগত ১১ বছৰে ভাৰতক শক্তিশালী কৰি তুলিলে । "

সৰ্বানন্দ সোণোৱালে লগতে কয়, "সকলো ক্ষেত্ৰতেই উন্নয়নৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে তাৰবাবে আজি ভাৰতে বিশ্বত চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে । ভাৰতৰ অন্য় অঞ্চলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সম্ভৱ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰা বাবে আৰু বাজেটৰ ধন ইয়াত যথেষ্ঠ পৰিমানে ব্য়য় কৰাত ইয়াত যাতায়তৰ লগতে যোগাযোগকে ধৰি সকলো ক্ষেত্ৰত সাতোখন ৰাজ্য়ই শক্তিশালী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । আজি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই জলপথক গুৰুত্ব দিছে ।"

Review of the projects being implemented by the Indian Inland Waterways Authority
উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্ৰকল্পসমূহৰ বিস্তৃত পৰ্যালোচনা জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্ৰণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে । অভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল । দূৰদৰ্শী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা অভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্ৰ জলপথ প্ৰণালীক পুনৰুজ্জীৱীত কৰি তুলিছে ।"

অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কে ধৰি নদীপ্ৰণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে অভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "অভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে । 'জলবাহক'ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক অভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে । যাৰ ফলত অৰ্থনীতি উন্নত হৈছে, ৰে'লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ বাবে উত্তৰ-পূৰ্বাঞ্চল সকলোতকৈ অগ্ৰাধিকাৰৰ অঞ্চল ।"

Review of the projects being implemented by the Indian Inland Waterways Authority
পৰ্যালোচনা বৈঠকত মন্ত্ৰী সোণোৱাল (ETV Bharat Assam)

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্ৰুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ' সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে কেইবা কোটিৰ পুঁজি ধাৰ্য কৰা হৈছে । ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে মাৰ্চেণ্টাইল মেৰিন বিভাগৰ আঞ্চলিক কাৰ্যালয় ভৱন, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আই টি এ টিৰ বাবে কাৰ্যালয় নিৰ্মাণ । পাণ্ডুত জাহাজ মেৰামতি সুবিধা কেন্দ্ৰৰ বিকাশ কৰি থকা হৈছে । তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বৰ্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্ৰেজিং কৰ্প'ৰেচন (ডি চি আই)ক দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে ।"

তদুপৰি মন্ত্ৰীগৰাকীয়ে কয়, "আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ' সেৱাৰ বিকাশ কৰা হ'ব । তদুপৰি কোচিন শ্বিপয়াৰ্ড লিমিটেড (চি এছ এল)ৰ দ্বাৰা নিৰ্মাণ কৰা দুখন বৈদ্যুতিক কেটামাৰান মোতায়েন কৰা হ'ব । ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা অত্যাধুনিক ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব । তদুপৰি ডিব্ৰুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ (আৰ চি অ' ই) নিৰ্মাণ কৰা হ'ব । ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি একাধিক স্থানত লাইটহাউচ নিৰ্মাণ কৰা হ'ব । ইয়াৰ উপৰি, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে ।"

মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটো ক্ৰয় কৰা হ'ব বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে । এই পৰ্যালোচনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ বিষয়াসকল, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, লোক নিৰ্মাণ বিভাগ, আই পি আৰ চি এল আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ বিষয়াসকল ।

লগতে পঢ়ক:চলিত বৰ্ষৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; প্ৰায় ৫ লাখ পৰ্যটকে ভ্ৰমণ কৰে কাজিৰঙা - KAZIRANGA NATIONAL PARK

এডভাণ্টেজ আছামৰ প্ৰতিশ্ৰুতি পূৰণৰ আৰু এখোজ আগুৱালে অসম চৰকাৰ - ADVANTAGE ASSAM MOU EXCHANGE