তেজপুৰ : জম্মু-কাশ্মীৰৰ পহলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় । পহলগামকাণ্ডৰ পিছত উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰতে লোৱা এক বৃহৎ পদক্ষেপ আছিল অপাৰেশ্যন সেন্দূৰ ৷ অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তানৰ ভূখণ্ডৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান, প্ৰশিক্ষণ শিবিৰকে ধৰি মুঠ ৯ টা স্থানত আক্ৰমণ কৰি ধ্বংস কৰে ।
ভাৰতৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদীক উচিত শিক্ষা দিয়া যদিও পাকিস্তানে এই আক্ৰমণৰ পাছত ওলোটাই ভাৰতৰ সাধাৰণ নাগৰিকৰ ওপৰত ড্ৰোণ আক্ৰমণ, বিমান আক্ৰমণ কৰে । কিন্তু এই সকলোবোৰ ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰে ৷ ইয়াৰ পিছত ভাৰতেও পাকিস্তানৰ এয়াৰ ডিফেঞ্চ চিষ্টেম ব্যৱস্থাৰ বিৰুদ্ধে আক্ৰমণ পুনৰ আৰম্ভ কৰে আৰু কেইবাটাও বায়ুসেনাৰ ঘাটি ধ্বংস কৰি যথেষ্ট ক্ষতিসাধন হয় ।
প্ৰতিৰক্ষা বিশেষজ্ঞ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল তথা বৰ্তমান জিলা সৈনিক কল্যাণ বিষয়া এ কে নন্দীয়ে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত ভাৰত লাভৱান হৈছে। ইয়াৰ তিনিটা কাৰণ তেওঁ দাঙি ধৰিলে। প্ৰথমতে, ভাৰতৰ শক্তি আৰু সামৰিক প্ৰযুক্তি আৰু থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বিশেষকৈ ব্ৰহ্ম'ছৰ বাবে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ কোনো আক্ৰমণ সফল হ’ব পৰা নাছিল।
নন্দীয়ে কয়, "পাকিস্তানে ব্যৱহাৰ কৰা তুৰস্কৰ দ্বাৰা প্ৰদান কৰা ড্ৰোণ, চীনৰ এয়াৰ ডিফেঞ্চ এই সকলো ভাৰতে ধ্বংস কৰে আৰু পাকিস্তানী এয়াৰ ডিফেঞ্চ ব্যৱস্থা আৰু বায়ুসেনাৰ বিৰুদ্ধে নিখুঁত আক্ৰমণ চলাই ভাৰতে পাকিস্তানৰ ভূমিত প্ৰৱেশ নকৰাকৈ উগ্ৰপন্থী নেটৱৰ্ক ধ্বংস কৰিবলৈ সক্ষম হয় । পাকিস্তানী চিগনেল নেটৱৰ্ক জাম কৰি তেওঁলোকৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰি তেওঁলোকে ভুৱা বিমানখন উৰণৰ আগতেই পাকিস্তানৰ ভূখণ্ডত নিক্ষেপ কৰে, যাৰ ফলত শত্ৰুক গম পায় যে ই বাস্তৱ আৰু সিদ্ধান্তটো প্ৰকৃততে সফল।"
ভাৰতীয় সামৰিক কৌশলগত দিশবোৰৰ ওপৰত প্ৰাক্তন লেফটেনেণ্ট কৰ্ণেলগৰাকীক স্থলসেনাৰ পদক্ষেপ এৰাই চলাৰ সন্দৰ্ভত সোধাত নন্দীয়ে কয় , "ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা স্থলসেনাৰ অভিযানৰ পৰিহাৰ কৰা কাৰণ, ভাৰতৰ একমাত্ৰ লক্ষ্য এখন পূৰ্ণাংগ যুদ্ধৰ বাবে যোৱা নহয়, বৰঞ্চ পাকিস্তানত থকা উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা । অৱশ্যে যেতিয়া ভাৰতে উগ্ৰপন্থী শিবিৰ ধ্বংস কৰাৰ পিছত পাকিস্তানে ইয়াক প্ৰতিশোধ হিচাবে লয় ,তথাপিও ভাৰতে কিন্তু স্থলপথেৰে আক্ৰমণৰ বাবে যোৱা নাছিল । কিন্তু ভাৰতীয় ভূখণ্ডৰ ভিতৰৰ পৰাই অত্যাধুনিক দেশীয় ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছিল, ফলস্বৰূপে ভাৰত নিজৰ সিদ্ধান্তত উপনীত হয় ।
ভৱিষ্যতে ডি জি এম অ' পৰ্যায়ৰ আলোচনাত পাকিস্তান দখলীকৃত কাশ্মীৰৰ বিষয় জড়িত কৰি ই পাকিস্তানৰ দখল স্থায়ীভাৱে শেষ কৰাত সহায় কৰিব পাৰেনে বুলি প্ৰশ্ন কৰাত, তেওঁ কয়, "মই নাভাবো যে ডি জি এম অ' (DGMO) স্তৰৰ আলোচনাই পাকিস্তান দখলীকৃত কাশ্মীৰৰ সমস্যাটো সমাধান কৰিব পৰা যাব বুলি । মই ভাবো যে পাকিস্তানে কেতিয়াও ভাৰতক পাকিস্তান দখলীকৃত কাশ্মীৰ গতাই নিদিয়ে, যদিহে ভাৰতে পূৰ্ণাংগ যুদ্ধৰ বাবে নাযায় আৰু বিকশিত ভূখণ্ড দখল নকৰে । অৱশ্যে পূৰ্ণাংগ যুদ্ধৰ বাবে যোৱাৰ কিছুমান বিশেষ কাৰণ আছে, কাৰণ সেই ক্ষেত্ৰত চীনা সেনাবাহিনীয়ে ইতিমধ্যে পাকিস্তান দখলীকৃত কাশ্মীৰত নিয়োজিত হৈ বাহৰ পাতি আছে যাৰবাবে যুদ্ধত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ কাৰণ হ'ল চীনৰ লক্ষ্য এই স্থানৰে পথ সুগম কৰা ।" তেওঁ কয় যে যদি ভাৰতে বলপূৰ্বকভাৱে পাকিস্তান দখলীকৃত কাশ্মীৰ ল'বলগীয়া হয় তেতিয়া চীনে পি অ কে'ৰ মাজেৰে যোৱা যি পথ তৈয়াৰ কৰি সৈন্য বাহিনীৰ ঘাটি বনাইছে সেয়া চীনৰ বাবে বিঘ্নিত হ'ব, য'ত তেওঁলোকে বিলিয়ন ডলাৰ ধন খৰচ কৰিছিল ।
ভাৰতে বাংলাদেশৰ সামগ্ৰীৰ ওপৰত আমদানি নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত লেফটেনেণ্ট কৰ্ণেল নন্দীয়ে কয়, "বাংলাদেশ ইতিমধ্যে এক সমস্যাৰ মাজেৰে সাঙোৰ খাই আছে । শ্বেখ হাচিনাই ইতিমধ্যে দেশ এৰি যোৱাৰ পিছত ইউনুছৰ অন্তৱৰ্তী চৰকাৰে নিজৰ দেশতে উন্নয়ন হেৰুৱাইছে যিটো আমি দেখিছো । আনহাতে পৰৱৰ্তী সময়ত আমি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ পৰা মতে আমেৰিকাৰ সেনাই বাংলাদেশত অৱতৰণ কৰি ঘাটিৰ স্থাপন কৰিছে আৰু ম্যানমাৰ উগ্ৰপন্থী গোটক সহায় কৰিছে ।" তেওঁ কয় যে ইউনুছ চৰকাৰক এই সমৰ্থক বিদ্ৰোহী গোটসমূহৰ জৰিয়তে নিষ্ক্ৰিয় কৰি তুলিছে, ইয়াৰ অৰ্থ হ'ল বাংলাদেশে এই ক্ষেত্ৰত চীনৰ পৰা প্ৰত্যক্ষ সমৰ্থন ল'বলৈ চেষ্টা কৰিছে ।
ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ পিছত এতিয়া চীনে নিজৰ এজেণ্ডা কেনেকৈ আগবঢ়াই নিব ?
নন্দীয়ে কয় যে চীনে আৰম্ভণিৰে পৰাই মুকলিকৈ পাকিস্তানক সমৰ্থন কৰা নাছিল যদিও তেওঁলোকে সকলো অস্ত্ৰ যোগান ধৰি সমৰ্থন কৰিছিল । আনকি উপগ্ৰহৰ যোগাযোগ সমৰ্থিত এয়াৰ ডিফেঞ্চ চিষ্টেম, বিমানৰ সহায়ত এতিয়া মুকলিকৈ পাকিস্তানক সমৰ্থন কৰা হৈছে । আমি জনা মতে চীনে ইতিমধ্যে পাকিস্তানৰ দখলীকৃত কাশ্মীৰত প্ৰচাৰ চলাইছে । মনকৰিবলগীয়া যে 1962 চনৰ ভাৰত চীন যুদ্ধৰ পাৰস্পৰিক অনাস্থাৰ সম্পৰ্কৰ সৈতে আমাৰ দ্বাৰা প্ৰভাৱিত হোৱাটো এটা কাৰক । আনটো হ'ল চীনে ইতিমধ্যে কোটি কোটি টকা বিনিয়োগ কৰিছে চীনৰ সীমান্তৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ সাগৰৰ পাৰলৈকে । প্ৰকৃততে পাক দখলীকৃত কাশ্মীৰত প্ৰভাৱ বিস্তাৰ কৰি ভাৰতলৈ আহিব পৰাকৈ পথ সুগম কৰিব পাৰিলে চীনে দীৰ্ঘম্যাদী ব্যৱসায়ৰ চিন্তা কৰিব পাৰিব য'ত তেওঁলোকে প্ৰচুৰ ধন সম্প্ৰসাৰণ কৰিব পাৰিব ।