ETV Bharat / state

‘কা’ বিৰোধী আন্দোলনৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 6:01 PM IST

Protest against CAA implementation
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Protest against CAA implementation: ‘কা’ আইনৰ বিৰুদ্ধে তথ্য নজনাকৈ আন্দোলন নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ডিব্ৰুগড়, 12 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাচতো কালি কেন্দ্ৰীয় চৰকাৰে কা বলৱৎ কৰাৰ কথা ঘোষণা কৰে । কা বলৱৎ কৰাৰ পাচতেই ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ ‘কা’ বলৱৎ হোৱাৰ কথা ঘোষণা হোৱাৰ পিচৰে পৰা ঠায়ে ঠায়ে ‘কা’ ৰ প্ৰতিলিপি দাহ কৰা হয় ৷ কালিৰে পৰা পুনৰ ৰাজপথত আন্দোলন আৰম্ভ কৰিছে বিভিন্ন দল-সংগঠনে । আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও ওলাই আহিছে ৰাজপথলৈ ৷

মঙলবাৰে চৰাইদেউত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘কা’ আইনক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ‘কা’ আন্দোলনৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কা আইনৰ সম্পূৰ্ণ তথ্য নজনাকৈ আন্দোলন নকৰিবলৈ আহ্বান জনায় তেওঁ । কা সন্দৰ্ভত একাংশই অপপ্ৰচাৰ চলাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে উল্লেখ কৰে যে কা আইনৰ প'ৰ্টেল খোল খোৱাৰ পাচতে সকলো তথ্য পোহৰলৈ আহিব ।

সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰাকৰ লগতে নামনি অসমৰ কেইখনমান জিলাত কিছু সংখ্যক লোকে পৰ্টেলত আবেদন কৰিব বুলি ধাৰাণা কৰা হৈছে । ‘চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি উজনি অসমৰ জিলাসমূহে ‘কা’ৰ জৰিয়তে পৰ্টেলত আবেদন কৰিলে মই প্ৰথমতে মাত মাতিম’ বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যদি পৰ্টেলত আবেদন বন্ধ হোৱাৰ পাচতো কোনো আবেদনকাৰী নোলাই, তেতিয়া আন্দোলনকাৰীসকলেহে জবাব দিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : ‘কা’ বলৱৎ হোৱা সন্দৰ্ভত মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.